বন্যার্তলৈ ২ কোটি টকাৰ সাহায্য আজমলৰ, বিধানসভাত ঘোষণা

dainik janambhumi July 23, 2026

ডিজিটেল ডেস্ক : ভয়াৱহ বানৰ কবলত পৰা উজনি অসমৰ ৰাইজক সহায় কৰাৰ বাবে এ আই ইউ ডি এফৰ মুৰব্বী তথা বিধায়ক বদৰুদ্দিন আজমলে জৰুৰীভাৱে আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এক বিশেষ সাহায্য পুঁজি ঘোষণা কৰিছে। কালি বিধানসভাত এই কথা প্রকাশ কৰি আজমলে কয় যে আজি তেওঁ এক কোটি টকাৰ সামগ্ৰী লৈ উজনিলৈ যাব। আজি তেওঁ আৰু এক কোটি টকাৰ সামগ্ৰী প্ৰেৰণ কৰিব। আনহাতে বাজেট অধিৱেশন স্থগিত ৰাখি সকলো মন্ত্রী-বিধায়কে উজনি অসমৰ বান বিধ্বস্ত অঞ্চললৈ গৈ ৰাইজক সহায় কৰা উচিত বুলি জনাই তেওঁ লগতে কয় যে নদীবোৰ বালি মাফিয়াই শেষ কৰিছে। যাৰ বাবে নদীবোৰৰ চৰিত্ৰ সলনি হৈ পৰিছে। 

বালি খনন বন্ধ কৰিবলৈকো তেওঁ সদনত দাবী উত্থাপন কৰে। ইফালে শিৱসাগৰত বানৰ কবলত পৰা বেছিভাগেই হিন্দু লোক বুলি উল্লেখ কৰি তেওঁ কয়, 'বিপদত পৰা হিন্দু ভাই-ভনীসকলক সাহায্য প্রদান কৰিম। অমুছলমান মানুহৰ ঘৰত থাকি মই সহায় আগবঢ়াম। মই তিনিদিন থাকিম।' 

ইফালে সদনৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত আজমলে বান সাহায্যৰ বাবে ২ কোটি টকা ব্যয় কৰিব বুলি জনাই কয় যে বান পৰিস্থিতি নিৰীক্ষণ কৰি প্ৰয়োজন সাপেক্ষে বান সাহায্য পুঁজি আৰু বৃদ্ধি কৰা হ'ব।

Share This