ডিজিটেল ডেস্ক: ইৰানৰ সৈতে চলি থকা ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ ভয়াৱহতাৰ মাজতে ডুবাইৰ হোটেলত আবদ্ধ হৈ পৰিছে দুলীয়াজানৰ এটা ১৮জনীয়া দল। ইৰানে মধ্য প্রাচ্যৰ কেইবাখনো দেশত চলোৱা আক্ৰমণৰ বাবেই বর্তমান ডুবাইকে ধৰি বহুকেইখন দেশৰ বিমান সেৱা অস্বাভাৱিকভাৱে বাতিল হৈছে।
দুলীয়াজানৰ পৰা যোৱা এই দলটোৱে ২ মাৰ্চত বিমানৰ টিকট ভাৰতলৈ ক্ৰয় কৰিছিল যদিও ২ মাৰ্চৰ বিমান বাতিল হয়। তাৰ পাছত পুনৰ ৫ মাৰ্চৰ বাবে টিকট ক্রয় কৰে যদিও সেইখন বিমানো বাতিল হয়। ইয়াৰ পাছত ৮ মাৰ্চৰ বাবে টিকট ক্রয় কৰে যদিও এইখন বিমানৰো একো নিশ্চয়তা এতিয়ালৈকে পোৱা নাই। এনে পৰিস্থিতিত বহুকেইজন জ্যেষ্ঠ নাগৰিক থকা এই দলটো এতিয়া ডুবাইৰ লেণ্ডমার্ক প্লাজা নামৰ এখন হোটেলত আবদ্ধ হৈ আছে।
কালি দলটোৱে এক ভিডিঅ'যোগে অসম চৰকাৰক তেওঁলোকক উদ্ধাৰ কৰিবলৈ আহ্বান জনাই কয় যে তেওঁলোকৰ হাতত থকা ধনো ইতিমধ্যেই শেষ হৈ গৈছে কাৰণ তিনিবাৰকৈ বাতিল হৈ যোৱা বিমানৰ টিকটৰ মূল্য তেওঁলোকক এতিয়ালৈকে ঘূৰাই দিয়া নাই। লগতে বায়োজ্যেষ্ঠ লোকসকলৰ ঔষধো শেষ হৈ গৈছে। এনে পৰিস্থিতিত তীব্রভাৱে আতংকিত হৈ পৰা লোকসকলে যিকোনো প্ৰকাৰে তেওঁলোকক সহায় কৰিবলৈ ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।