নেপালত গণবিক্ষোভত ১৯জন নিহত, ২৬টা সামাজিক মাধ্যম ছাইট নিষিদ্ধ কৰাৰ তীব্ৰ বিৰোধিতা

dainik janambhumi September 09, 2025

ডিজিটেল ডেস্ক : ২৬টা সামাজিক মাধ্যমৰ ছাইট নিষিদ্ধ কৰা নেপাল চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশখনৰ ৰাজধানী কাঠমাণ্ডু আৰু আন আন অঞ্চলকে ধৰি সমগ্ৰ দেশখনত যুৱকসকলৰ নেতৃত্বত হোৱা ব্যাপক প্ৰতিবাদৰ সময়ত ১৯জন লোকৰ মৃত্যু হয় আৰু আন ৪ শতাধিক লোক আহত হয়। সোমবাৰে সংসদৰ ওচৰত ধৰ্ণা প্ৰদৰ্শনকাৰীসকলৰ আৰক্ষীৰ সৈতে সংঘর্ষ হয়। তাৰ পাছতে নিৰাপত্তা বাহিনীয়ে জধে-মধে গুলীচালনা কৰে। এই গুলীচালনাত ১৯জন নিহত আৰু ৪ শতাধিক লোক আহত হয়। বিদ্যালয়ৰ শিক্ষার্থীকে ধৰি হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে জেন জেদ (জেনেৰেশ্যন জেদ)-ৰ বেনাৰত কাঠমাণ্ডুৰ মধ্যস্থলৰ সংসদৰ সন্মুখত সমৱেত হয় আৰু সামাজিক মাধ্যমৰ বিৰুদ্ধে জাৰি কৰা নিষেধাজ্ঞা তৎকালীনভাৱে প্ৰত্যাহাৰ কৰাৰ দাবী জনাই চৰকাৰ-বিৰোধী শ্ল'গান দিয়ে। কিছু প্রতিবাদকাৰীয়ে সংসদ ভৱনত প্ৰৱেশ কৰাৰ পাছতেই ধর্ণা প্রদর্শন হিংসাত্মক হৈ পৰে। ফলত সমৱেত জনতাক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠীচালনা, কন্দুৱা গেছ আৰু ৰবৰ বুলেটৰ আশ্রয় ল'বলৈ বাধ্য হয়।

 এই 'জেন জেদ ৰিভলিউশ্যন' আখ্যা দিয়া প্ৰতিবাদৰ বাবে কাঠমাণ্ডুত জনসমুদ্ৰৰ সৃষ্টি কৰা যুৱক-যুৱতী, কিশোৰ-কিশোৰীৰ বহুতেই পৰিধান কৰিছিল বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ইউনিফর্ম। বহু প্রতিবাদকাৰীয়ে আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰৱেশ কৰিছিল সংৰক্ষিত অঞ্চলত। প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ বৃদ্ধি পোৱাৰ পাছত আৰক্ষীয়ে বহু অঞ্চলত জধে-মধে গুলীচালনা কৰে। পাছত প্রশাসনে ৰাজধানী কাঠমাণ্ডুৰ সংসদ ভৱন, ৰাষ্ট্ৰপতি ভৱন, উপ-ৰাষ্ট্ৰপতিৰ বাসভবন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আদিকে ধৰি বহু অঞ্চলত সান্ধ্য আইন জাৰি কৰে। সোমবাৰৰ ধৰ্ণা প্ৰদৰ্শনত বহু প্ৰতিবাদকাৰীয়ে হাতত লৈ আহিছিল ৰাষ্ট্ৰীয় পতাকা। কাঠমাণ্ডুলৈ সমদল কৰা বহু প্ৰতিবাদকাৰীৰ হাতত আছিল 'দুর্নীতি বন্ধ কৰক, সামাজিক মাধ্যম নহয়', 'সামাজিক মাধ্যমৰ নিষেধাজ্ঞা প্রত্যাহাৰ কৰক' আৰু 'দুর্নীতিৰ বিৰুদ্ধে তৰুণ' লিখা প্লে'কার্ড। ইফালে প্ৰত্যক্ষদর্শীৰ মতে তৰুণে নেতৃত্ব দিলেও সোমবাৰৰ প্ৰতিবাদত সামাজিক মাধ্যমৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে সকলো বয়সৰ, সকলো শ্ৰেণীৰ লোকে অংশগ্রহণ কৰিছিল। আনহাতে, ৰাজধানী কাঠমাণ্ডুত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সামৰিক বাহিনী মোতায়েন কৰে। উল্লেখযোগ্য যে নির্ধাৰিত চূড়ান্ত সময়ৰ ভিতৰত নেপালৰ যোগাযোগ আৰু তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ে পঞ্জীয়ন নকৰাৰ বাবে যোৱা বৃহস্পতিবাৰে চৰকাৰে ফে'চবুক, হোৱাটছএপ, এক্স, ইনষ্ট্ৰাগ্ৰাম আৰু ইউটিউবকে ধৰি ২৬টা সামাজিক মাধ্যমৰ ছাইট বন্ধ কৰিছিল। চৰকাৰে স্পষ্টীকৰণ দি কৈছিল যে বিধিসংগত অৱস্থাৰ (ৰেগুলেশ্যন) অধীনলৈ আনিবলৈ সামাজিক মাধ্যমবোৰ বন্ধ কৰা হৈছিল। কিন্তু জনসাধাৰণৰ ধাৰণা যে এনে কার্যই বাক স্বাধীনতাৰ ওপৰত আক্রমণ তথা চেন্সৰশ্বিপৰ বাট মুকলি কৰিব। 

উল্লেখযোগ্য যে চৰকাৰৰ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে দেওবাৰে কাঠমাণ্ডুৰ মৈতীঘৰ মণ্ডলাত সাংবাদিকসকলে প্রতিবাদ সাব্যস্ত কৰিছিল। আনহাতে, কম্পিউটাৰ এছ'চিয়েশ্যন অব্ নেপালে (কেন) এটা বিবৃতিত কৈছিল যে এনে সিদ্ধান্তই শিক্ষা, ব্যৱসায়, যোগাযোগকে ধৰি সাধাৰণ জনতাৰ দৈনন্দিন জীৱনত গুৰুতৰ প্ৰভাৱ পেলাব।

Share This