ৰাজ্যত ২.৫ লাখ কোটি টকা বিনিয়োগৰ চুক্তিত স্বাক্ষৰ

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক: অসমত ১০৫.৭৮ কোটি টকা বিনিয়োগ কৰিব অসম হোটেল এল এল পিয়ে। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই সম্পর্কত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হয়। 

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত কালি এডভাণ্টেজ আছাম ২.০ত প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে অসম চৰকাৰে বিভিন্ন পক্ষৰ সৈতে প্রায় ২.৫ লাখ কোটি টকাৰ কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ মাজতে অসম হোটেল এল এল পিয়ে ৰাজ্যত ১০৫.৭৮ কোটি টকা বিনিয়োগ কৰাৰ বাবে চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে। এই চুক্তিত অসম হোটেল এল এল পিৰ হৈ ড° সঞ্জীৱ নাৰায়ণে স্বাক্ষৰ কৰে। 

উল্লেখযোগ্য যে এই বিনিয়োগ গুৱাহাটীৰ বেলতলাত কৰা হ'ব। হোটেল আৰু হস্পিটেলিটি সেৱাৰ এই বিনিয়োগৰ ফলত প্রতিষ্ঠানটোত ৫০০ নিয়োগৰ সুযোগ ওলাব। অনুষ্ঠানত বিভিন্ন পক্ষৰ সৈতে চুক্তিত স্বাক্ষৰ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এডভাণ্টেজ আছাম ২.০ হোৱাৰ মাত্ৰ এবছৰৰ ভিতৰত ৰাজ্যত প্রায় ৩ লাখ কোটি টকা বিনিয়োগ হৈছে। 

চুক্তি স্বাক্ষৰ কৰা সকলো প্ৰতিষ্ঠান আৰু উদ্যোগৰ সৈতে অসম চৰকাৰে নিয়মীয়াকৈ যোগাযোগ কৰি থকাৰ লগতে অসমত বিনিয়োগ কৰাৰ সকলো সুবিধা প্ৰদান কৰাৰ চেষ্টা কৰি আহিছে। চৰকাৰে বুজাবুজিৰ চুক্তিবোৰ কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰাৰ চেষ্টাও অব্যাহত ৰখা বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে চুক্তি কৰা কামবোৰৰ অধিকাংশৰে ৩০-৪০ শতাংশ কাম সম্পূর্ণ হৈছে। 

অসমলৈ বহু নতুন উদ্যোগ বিনিয়োগ কৰিবলৈ আগবাঢ়ি অহাৰ কথাও সদৰী কৰি তেওঁ শীঘ্ৰেই অসম দেশৰ ভিতৰতে অন্যতম ঔদ্যোগিক বিনিয়োগৰ হাব হৈ পৰাৰ আশাও কৰে। মন্ত্ৰী বিমল বৰা আৰু প্রশান্ত ফুকনো উপস্থিত থকা অনুষ্ঠানত কৰা চুক্তিৰ ভিতৰত ১.৪০ লাখ কোটি টকা ব্যক্তিগত পৰ্যায়ত, ৫৪ হাজাৰ কোটি টকা আন্তঃগাঁথনি উন্নয়নত আৰু ৬৩ হাজাৰ কোটি টকা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে বিনিয়োগ কৰিব।

Share This