ডিজিটেল ডেস্ক : ইৰাকৰ পৰা তৰলীকৃত পেট্রলিয়াম গেছ (এল পি জি) কঢ়িয়াই অনা এখন ভাৰতীয় জাহাজে বিপজ্জনক হৰমুজ প্রণালী পাৰ হৈ দেওবাৰে গুজৰাটৰ কচ্চ জিলাৰ কান্দলা বন্দৰ আহি পালে।
বাতৰি সংস্থা এ এন আয়ে প্রকাশ কৰা মতে, প্রায় ২০ হাজাৰ টন এল পি জি কঢ়িয়াই অনা 'ছিমি' নামৰ টেংকাৰ জাহাজখনে যোৱা ১৩ মে'ত কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ঠেক সাগৰীয় জলপথ হৰমুজ প্রণালী অতিক্ৰম কৰিছিল আৰু আজি ভাৰতীয় বন্দৰটোত উপস্থিত হয়।
হৰমুজ প্রণালীৰ মাজেৰে সামুদ্রিক পৰিবহণ সংকটপূৰ্ণ হৈ থকাৰ মাজতে ভাৰতীয় জাহাজখন সুকলমে আহি পোৱাটো লক্ষণীয় হৈ পৰিছে। আনহাতে, ভাৰতত বৰ্তমানে হৈ থকা তীব্র ইন্ধন সংকটৰ সময়ত এই এল পি জি পৰিবাহী জাহাজে সাময়িক সকাহ প্রদান কৰিব।