স্বাধীনতাৰ দাবীত উত্তাল পি অ' কে, পাকিস্তান চৰকাৰৰ শোষণৰ বিৰুদ্ধে ৰাজপথত প্রতিবাদত নামিল আবাল, বৃদ্ধ, বনিতা

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : দীর্ঘদিন ধৰি পাকিস্তান চৰকাৰৰ শোষণ আৰু বঞ্চনাৰ বলি হৈ অহা পাকিস্তান অধিকৃত কাশ্মীৰৰ (পি অ' কে) জনতাই অৱশেষত দেশখনৰ পৰা স্বাধীনতা দাবী কৰিলে। খাদ্য সুৰক্ষাকে ধৰি মুজাফ্ফৰাবাদ চুক্তি ৰূপায়ণ, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম, বিদ্যুৎ মাচুল হ্রাস কৰাকে ধৰি বিভিন্ন দাবীৰে যোৱা প্রায় তিনিটা সপ্তাহ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে তীব্র আন্দোলন চলাই আছে পি অ' কেৰ আবাল, বৃদ্ধ, বনিতাই। জইন্ট আৱামী একশ্যন কমিটীৰ (জে এ এ চি) উদ্যোগত হোৱা আন্দোলনৰ বিষয়সমূহক পাকিস্তান চৰকাৰে অৱজ্ঞা কৰি আন্দোলন দমনৰ নামত পি অ' কেত হাজাৰ হাজাৰ সেনা মোতায়েন কৰে। যাৰ ফলত পৰিস্থিতি ক্রমাৎ অৱনতি হয়। শান্তিপূর্ণভাৱে আন্দোলন কৰা জনতাৰ ওপৰত সেনা-আৰক্ষীৰ গুলী আৰু লাঠীচালনাত বর্তমানলৈকে পি অ' কেত ৫০জন লোকৰ মৃত্যু হৈছে।

অৱশেষত আন্দোলনত নামি পৰিছে পি অ' কেৰ যুৱ সমুদায়। যুৱ চামৰ নেতৃত্বতেই যোৱা প্রায় দুসপ্তাহ ৰাৱালাকোটৰ ঈদগাহ ফিল্ডত প্রায় ৭০,০০০ লোকে অৱস্থান ধৰ্মঘট কৰি আছে। এই লোকসকলে শেহতীয়াকৈ পি অ' কেৰ স্বাধীনতা দাবী কৰিছে। ১০-১২ বছৰীয়া কিশোৰেও পাকিস্তানৰ কবলৰ পৰা অঞ্চলটোৰ স্বাধীনতাৰ দাবী উত্থাপন কৰিছে। পাকিস্তানৰ অবৈধ দখলৰ পৰা পি অ' কেক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰসংঘলৈ আহ্বান জনাইছে প্রতিবাদী জনতাই। পি অ'কেৰ পৰা পাকিস্তানী সেনাক শীঘ্ৰে আঁতৰি যোৱাৰ দাবী জনোৱাৰ লগতে আন্দোলনকাৰীসকলে জীৱন ধাৰণৰ বাবে প্রয়োজনীয় মৌলিক অধিকাৰসমূহ প্ৰদানৰ বাবেও পাকিস্তান চৰকাৰলৈ আহ্বান জনায়। ৰাৱালাকোট, মুজাফ্ফৰাবাদৰ উপৰি সমগ্র পি অ' কেতে এতিয়া স্বাধীনতাৰ দাবী উঠিছে। সুধনতি জিলাৰ তাৰাৰ খেলত ৰাজহুৱা স্থানত বিদ্যালয়ৰ শিক্ষার্থীয়ে মুক্তভাৱেই পি অ' কেৰ স্বাধীনতাৰ দাবী তুলিলে। কাৰ্যতঃ চৰকাৰ-বিৰোধী প্রতিবাদ এতিয়া পি অ' কেৰ স্বাধীনতা আন্দোলনলৈ পৰিৱৰ্তিত হ'ল।

মান্ধোলে অঞ্চলত শ শ মহিলাই স্বাধীনতাৰ দাবীত সমদল বাহিৰ কৰাও দেখা গ'ল। মহিলা প্রতিবাদকাৰীসকলে পি অ' কেত পাকিস্তান চৰকাৰ আৰু সেনাৰ দখলদাৰী নচলিব বুলিও সকীয়াই দিয়ে। ইফালে আৱামী একশ্যন কমিটীয়ে তেওঁলোকৰ ৩৮ দফীয়া দাবী মানি ল'বলৈ পাকিস্তান চৰকাৰক মঙলবাৰৰ দিনটো অন্তিম সীমা হিচাপে বান্ধি দিছে। নহ'লে ৰাৱালকোটৰ পৰা মুজাফ্ফ্ফৰাবাদলৈ ১ লাখ লোকৰ বৃহৎ প্রতিবাদী সমদল উলিওৱাৰো ভাবুকি দিছে। উল্লেখযোগ্য যে প্রতিবাদ দমনৰ নামত পাকিস্তান চৰকাৰে পি অ' কেলৈ খাদ্য যোগান বন্ধ ৰাখিছে। ইণ্টাৰনেট সেৱাও প্রায় দুসপ্তাহ ধৰি বিচ্ছিন্ন কৰি ৰাখিছে।

Share This