আমেৰিকাৰ কোম্পানীত মানুহতকৈ ৰবট কৰ্মচাৰী বৃদ্ধি, কৃত্রিম বুদ্ধিমত্তাৰ বিকাশৰ দিশত নেতিবাচক প্ৰভাৱ

dainik janambhumi June 24, 2026

ডিজিটেল ডেস্ক : মানৱ সৃষ্ট ৰবটেই এতিয়া মানুহৰ শত্ৰুত পৰিণত হোৱাৰ দিশত। বিশেষকৈ কর্ম সংস্থানৰ জগতখনত এ আইৰ প্ৰভাৱে মানুহক কর্মহীন কৰি তুলিব বুলি দীর্ঘদিনৰ পৰা চলি অহা কথাবোৰ এতিয়া সঁচা হ'বলৈ ধৰিছে। বিভিন্ন বহুজাতিক বৃহৎ কোম্পানীয়ে শ-শ কৰ্মচাৰীক মুহূৰ্ততে ছাটাই কৰিছে আৰু তাৰ স্থানত এ আইৰ দ্বাৰাই কাম কৰিছে। মেটা, এমাজন আদিৰ লগতে বৃহৎ সংবাদ গোষ্ঠী ৱাশ্বিংটন প'ষ্টেও দুদিনমান পূর্বে এ আই ব্যৱহাৰৰ স্বাৰ্থত বৃহৎ সংখ্যক কৰ্মচাৰীক ছাটাই কৰে। 

বিশ্বত বৰ্তমান এনে প্রতিষ্ঠানো আছে য'ত কৰ্মচাৰী হিচাপে ৰবট বেছি আৰু মানুহ কম আছে। আমেৰিকাৰ কেলিফ'ৰ্নিয়াৰ 'ফিগাৰ এ আই' এনে এটা কোম্পানী। ফিগাৰ এ আইৰ মুখ্য কার্যবাহী বিষয়া ব্রেট এডক'কে প্রকাশ কৰিছে যে কোম্পানীটোত ৰবট কৰ্মচাৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। ২০২৫ চনৰ মাজভাগলৈকে কোম্পানীটোত এটাও ৰবট কৰ্মচাৰী নাছিল। কিন্তু বছৰটোৰ শেষলৈ ৰবটৰ সংখ্যা ১০০লৈ বৃদ্ধি পায় আৰু চলিত বৰ্ষৰ দ্বিতীয় ত্রৈমাসিক পর্যন্ত ৰবট কৰ্মচাৰী (এ আই কৰ্মচাৰী)ৰ সংখ্যা ৭৪০টালৈ বৃদ্ধি পায়। 

তাৰ বিপৰীতে ২০২৫ চনত কোম্পানীটোত মানৱ কৰ্মচাৰী আছিল ৪০০জন। চলিত বৰ্ষত এই পৰিমাণ ৬৬০জনলৈহে বৃদ্ধি পালে। অর্থাৎ কোম্পানীটোত দ্রুত গতিত এ আই কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি পাইছে। তাৰ বিপৰীতে মানুহৰ কর্মসংস্থান কিন্তু বঢ়া নাই।

Share This