ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথোঁ আৰু এটা মাহ আছে। একেৰাহে তৃতীয়বাৰৰ বাবে বিজয়ৰ নিচান উৰুৱাই দিছপুৰ দখল কৰিবলৈ সাজু হৈছে বিজেপি। হেটত্রিক অৰ্জনৰ লক্ষ্যৰে গেৰুৱা দলটোৱে প্রতিটো সমষ্টিতে চলাইছে সমীক্ষা।
বিজেপিৰ উপৰি নিৰ্বাচনক লৈ নিজাববীয়াকৈ সমীক্ষা চলাইছে আৰ এছ এছেও। কিন্তু এই সমীক্ষাত ওলাইছে বহুতো উদ্বেগজনক তথ্য। প্রায় একুৰি বিধায়কৰ পাৰদৰ্শিতাক লৈ প্রশ্ন উত্থাপন হৈছে। যদিহে এই বিধায়কসকলক দলে পুনৰ প্ৰাৰ্থিত্ব প্রদান কৰে তেনেহ'লে দলটো সমস্যাত পৰাটো নিশ্চিত। এনে পৰিস্থিতিত দলটোৱে নির্বাচনলৈ মাজত মাথোঁ আৰু এটা মাহ বাকী থকাৰ সময়ত পুনৰ সমষ্টিয়ে সমষ্টিয়ে সমীক্ষা চলাইছে। এইবাৰ প্ৰতিটো সমষ্টিতে দলীয় নেতাসকলৰ পৰা মতামত লোৱা হৈছে। প্রতিজন দলীয় নেতাকে তিনিজন সম্ভাব্য প্রার্থীৰ নাম লিখি নিৰ্ধাৰিত বন্ধ বাকচত দিবলৈ কোৱা হৈছে। উক্ত বাকচসমূহ গুৱাহাটীলৈ অনাৰ পাছত পৰীক্ষা কৰাৰ অন্ততহে ওলাব ভাগ্যৱানজনৰ নাম।
দলৰ এটা শীর্ষ সূত্রই প্রকাশ কৰা মতে জনপ্ৰিয় আৰু নিশ্চিত জয়ৰ সম্ভাৱনা থকা প্রার্থীকহে দলে এইবাৰ প্ৰাৰ্থিত্ব দিব। সমীক্ষাত যিসকলৰ ফলাফল সন্তোষজনক নহয় তেনে লোকক প্রার্থিত্ব প্রদান কৰা নহয়। এইবাৰ নতুন মুখৰ লগতে যুৱ প্ৰাৰ্থীক সর্বাধিক গুৰুত্ব দিব। সূত্ৰটোৰ মতে উজনিৰ প্ৰায় আঠগৰাকী বিধায়কৰ লগতে নামনি, মধ্য আৰু বৰাকৰ মুঠ বাৰগৰাকী বিধায়কৰ টিকট এই মুহূৰ্তত অনিশ্চয়তাৰ গৰ্ভত সোমাই পৰিছে। উক্ত বিধায়কসকল হৈছে ক্রমে উজনিৰ বিহপুৰীয়াৰ ড° অমিয় ভূঞা, তিনিচুকীয়াৰ সঞ্জয় কিষাণ, বিশ্বনাথৰ প্রমোদ বৰঠাকুৰ, মাজুলীৰ ভুৱন গাম, দুলীয়াজানৰ তেৰছ গোৱালা, লাহোৱালৰ বিনোদ হাজৰিকা, ডিগবৈৰ সুৰেন ফুকন আৰু সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ।
আনহাতে মধ্য-নামনি আৰু বৰাকৰ প্ৰাৰ্থিত্ব ওলমি থকা বিজেপিৰ বিধায়কসকল হৈছে ক্রমে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, ছিপাঝাৰৰ পৰমানন্দ ৰাজবংশী, হোজাইৰ ৰামকৃষ্ণ ঘোষ, চামগুৰিৰ দিল্লুৰঞ্জন শৰ্মা, দিছপুৰৰ অতুল বৰা, শিলচৰৰ দীপায়ন চক্ৰৱৰ্তী, উদাৰবন্দৰ মিহিৰকান্তি সোম, হাওৰাঘাটৰ দৰছিং ৰংহাং, বৈঠালাংছ'ৰ ৰূপসিং টেৰণ, ডিফুৰ বিদ্যাসিং ইংলে, বিজনীৰ অজয় ৰায় আৰু বৰছলাৰ গণেশ লিম্বু। এনে পৰিস্থিতিত সমীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰিছে এইসকল নেতাৰ ভৱিষ্যৎ।
উল্লেখযোগ্য যে অসমত বিজেপিক শাসনলৈ অনাৰ ক্ষেত্ৰত আৰ এছ এছে বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। ২০১৬ চনত আৰ এছ এছৰ বলতেই ক'বলৈ গ'লে ৰাজ্যত বিজেপিৰ উত্থান হৈছিল। এইবাৰো বিজেপিৰ স্থিতিক লৈ অভ্যন্তৰীণ সমীক্ষা চলোৱা আৰ এছ এছে প্রার্থী বাছনিৰ ক্ষেত্ৰতো আঁৰৰ পৰা মুখ্য ভূমিকা লোৱাৰ সম্ভাৱনা আছে। সূত্ৰটোৰ দাবী আৰ এছ এছৰ ৰণকৌশল মর্মেই এইবাৰ বিজেপিয়ে নতুন মুখক প্রাধান্য দিব। বিশেষকৈ যুৱ আৰু মহিলাক অধিক প্রার্থিত্ব প্রদান কৰা হ'ব। যাতে ৰাইজৰ মাজত বিজেপিৰ জনপ্রিয়তা অটুট থাকে। ইতিমধ্যে আৰ এছ এছৰ সদস্যসকলে বিজেপিৰ পক্ষে ৰাজ্যত বতাহ বোৱাবলৈ চেষ্টা চলাই আছে।
কোনো ধৰণৰ ঢাক-ঢোল নবজোৱাকৈ নীৰৱে স্বয়ংসেৱকসকলে গাঁৱে গাঁৱে কাম কৰি আছে। সংঘৰ সদস্যসকলে তৃণমূল স্তৰলৈ গৈ ভোটাৰসকলৰ মাজত হিন্দুত্বৰ প্রয়োজনীতা তথা বিজেপিৰ চৰকাৰে হিন্দুৰ সুৰক্ষাৰ বাবে কৰা কামৰ লগতে ৰাষ্ট্ৰীয়তাবাদৰ প্ৰচাৰ চলাইছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত শেহতীয়াকৈ অনুষ্ঠিত হৈছে হিন্দু সমাৰোহ। মুঠতে তৃতীয় বৰাৰ বাবে বিজেপিৰ লগতে আৰ এছ এছো সমানে এতিয়া ৰণ ক্ষেত্ৰত নামি পৰিছে।