ডিজিটেল ডেস্ক : বিগত বছৰ তুলনাত এইবাৰ ৰাজ্যত বৃদ্ধি পাইছে প্রবল বৃষ্টিপাত। প্রবল বৃষ্টিপাতৰ ফলত উজনি-নামনি সকলোতে সৃষ্টি হৈছে বানৰ। বিশেষকৈ অৰুণাচল প্রদেশত প্রবল বৃষ্টিপাত হ'লেই অসমৰ নামনি অঞ্চলত জলপ্রলয় হয়। এই জলপ্ৰলয়ৰ কবলত পৰিছে ধেমাজি জিলা। ধেমাজি জিলাৰ জোনাই মহকুমা আৰু চিচিবৰগাঁও ৰাজহ চক্ৰত শতাধিক গাঁও এতিয়া বানত ক্ষতিগ্রস্ত হৈছে। বানত আক্রান্ত হৈছে গোগামুখ ৰাজহ চক্ৰৰ কুৰিৰো অধিক গাঁও।
উল্লেখযোগ্য যে ধেমাজি জিলাৰ ৮০ শতাংশ লোক কৃষিজীৱী। বছৰত শালি খেতি কৰি ঘৰৰ জোৰা-তাপলি মাৰি চলে কৃষক। এনে সময়তে শেহতীয়া বানত ধেমাজি জিলাৰ ৬০খনতকৈ অধিক গাঁৱৰ প্ৰায় ২০০ হেক্টৰ শালি খেতি সম্পূর্ণভাৱে বিনষ্ট হয়। জিলাখনৰ প্ৰথমটো বানে বহু খেতিয়কৰ শালিধানৰ কঠীয়া আৰু সিংহভাগ ৰোৱা পথাৰ বিনষ্ট হয়। এই বিধ্বস্তত কিংকর্তব্যবিমূঢ় হৈ পৰিছে বানাক্ৰান্ত খাটি খোৱা খেতিয়কসকল। মন কৰিবলগীয়া যে এইবাৰ এই কৃষকসকলক সকাহ দিব পৰাকৈ বৰ্তমান জিলা কৃষি বিভাগৰ হাতত মজুত নাই অলপো কঠীয়া। পূৰ্বৰ বছৰবোৰত জিলাখনৰ বানাক্ৰান্ত খেতিয়কসকলক সকাহ দিব পৰাকৈ ধেমাজি জিলা কৃষি বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত আগতীয়াকৈ কঠীয়া সিঁচি সাজু কৰে যদিও এইবাৰ হাত সাবটি বহি থাকিল বিয়াগোম ধেমাজি কৃষি বিভাগ।
এইক্ষেত্রত ধেমাজি কৃষি বিভাগৰ অদূৰদৰ্শিতাৰ বাবে জিলাখনৰ শতাধিক বানাক্রান্ত খেতিয়কে সম্প্ৰতি মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ইপিনে চৰকাৰ আৰু কৃষি বিভাগৰ এই কাণ্ডজ্ঞানহীনতা কার্যক তীব্র ধিক্কাৰ দিছে ধেমাজি জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে। ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা প্লাদ ফুকন, সভাপতি ভৱেন শালৈ আৰু সম্পাদক দুর্গা বৰাই কৃষি বিভাগৰ এই কাৰ্যক ধিক্কাৰ দিয়ে আৰু জিলাখনৰ খেতিয়কসকলক যিকোনো প্ৰকাৰে হ'লেও শালিধানৰ কঠীয়া যোগান ধৰিবলৈ দাবী জনাই সংগঠনটোৱে।