ডিজিটেল ডেস্ক : ভোক নিবাৰণৰ বাবে আমি সকলোৱেই খাদ্য গ্রহণ কৰোঁ। কিন্তু আমি খোৱা খাদ্যখিনি সঠিকভাৱে প্রস্তুত কৰা হৈছে নে নাই, সি খোৱাৰ উপযোগী হয় নে নহয়, সেয়া হয়তো আমি বহুতেই এবাৰলৈও ভাবি নাচাওঁ। প্রকৃততে খাদ্য খালেই নহ'ব, সেই খাদ্য আমাৰ শৰীৰৰ বাবে উপযোগী হয় নে নহয় সেয়াও বিচাৰ্যৰ বিষয়। কাৰণ খাবলৈ নাপাই মৰা মানুহৰ সংখ্যা যিমান তাতকৈ কম নহ'ব খাদ্যৰ নামত বৰবিহ খাই মৰা মানুহৰ সংখ্যা। একেদৰে পুষ্টিহীন খাদ্যৰ বাবেও বছৰি অগণন লোকৰ মৃত্যু হৈছে। বিশ্বৰ প্রতি ৯জন মানুহৰ প্ৰায় এজন দূষিত খাদ্য খোৱাৰ পাছত অসুস্থ হয় আৰু প্ৰতিবছৰে এইদৰে ১.৫২ নিযুত মানুহৰ মৃত্যু হয়। অসুৰক্ষিত খাদ্য খোৱাৰ ফলত বিশ্বজুৰি ৫ বছৰৰ তলৰ ২৯ শতাংশ শিশু স্বাস্থ্যজনিত সমস্যাত ভোগে আৰু এইদৰে ২০২১ চনতেই ১,৪৩,০০০টি শিশুৰ মৃত্যু ঘটে। এতিয়া সকলোতে ভেজাল। কি গাখীৰ, হালধি, মাছ, চাউল, কণী, শাক-পাচলি, মিঠাই- আমি দৈনন্দিন জীবনত ব্যৱহাৰ কৰা প্ৰায় সকলো সামগ্রীয়েই ভেজাল। উশাহৰ বাবে লোৱা অক্সিজেনখিনিৰ বাবেও এতিয়া 'এয়াৰ পিউৰিফায়াৰ' ব্যৱহাৰ কৰিবলগীয়া পৰিৱেশৰ সূচনা হৈছে। পিয়াহৰ পানীটুপিও এতিয়া বিশুদ্ধ পাবলৈ টান। অতি শেহতীয়া বাতৰি অনুসৰি দেশৰ আটাইতকৈ ডাঙৰ কোম্পানীৰ পানীৰ বটলতো শৰীৰৰ বাবে ক্ষতিকাৰক দ্ৰব্যৰ উপস্থিতি ধৰা পৰিছে।
এই ঘটনাই আমাক পুনৰবাৰ সোঁৱৰাই দিয়ে যে আমাৰ ভাতৰ কাহীখনৰ পৰা খোৱা পানীটুপিলৈকে সর্বত্রে ভেজাল হৈছে। গাখীৰত পানী, ইউৰিয়া, ডিটাৰজেন্ট। মাছ সতেজ দেখাবলৈ ফর্মেলিন, যি মৰা মানুহৰ শৰীৰ ৰাখিবলৈ ব্যৱহাৰ হয়। মাংসত ৰং সানি তেজাল দেখুওৱা হয়। শাক-পাচলিত ৰং, কীটনাশকৰ অত্যধিক ব্যৱহাৰ, ফল-মূলত কৃত্রিম ৰং, মমৰ প্রলেপ। হালধি, জলকীয়া, ধনীয়াত ইটাৰ গুৰি, মেটানিল য়েল'। চাহপাতত ৰং, তেলত আর্জিম'ন তেল, পুনৰ ব্যৱহাৰ কৰা বেয়া তেল। আইচক্ৰীমত ডিটাৰজেন্ট, হাঁহ-কুকুৰাত ষ্টেৰ'য়ড, মছলাত ইটাৰ গুৰি, পনীৰত কষ্টিক ছড়া। মিঠাইত বিষাক্ত ৰং, শিশুৰ চকলেট, জেলী, জুচতো বিষাক্ত ৰং- এই তালিকাখন শেষ নহয়। এতিয়া এই তালিকাত যোগ হ'ল বটলৰ পানীত ব্রোমেট আৰু পলিচাইক্লিক এৰ'মেটিক হাইড্র 'কার্বন (PAHs)। আচলতে আমি গমেই নাপাওঁ, আমি বিষ খাই আছোঁ, বিষ খুৱাই আছোঁ।
ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ (FSSAI)ৰ পৰীক্ষাত বিছলেৰীৰ পানীত কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থ ধৰা পৰিছে। ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত গোৱাৰ কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা ৬টা নমুনাৰ এটাত প্রতি লিটাৰত ১২ মাইক্র'গ্রাম ব্রোমেট পোৱা গ'ল। চৰকাৰে বান্ধি দিয়া সীমা ১০ মাইক্র'গ্রাম। দ্বিতীয় পৰীক্ষাত পোৱা গ'ল আন এক মাৰাত্মক পদার্থ- পলিচাইক্লিক এৰ'মেটিক হাইড্র'কার্বন (PAHs)। ইয়াৰ পিছত FSSAI এ পানীখিনিক 'অসুৰক্ষিত' বুলি ঘোষণা কৰি বিছলেৰী ইণ্টাৰনেশ্যনেল প্রাইভেট লিমিটেডৰ বিৰুদ্ধে গোচৰ তৰিবলৈ অনুমোদন জনাইছে। কোম্পানীয়ে ২২ নৱেম্বৰত পুনৰ পৰীক্ষাৰ বাবে আৱেদন কৰিছে। আৰু কেৱল বিছলেৰীয়েই নহয়, মহাৰাষ্ট্ৰৰ এনার্জি ড্রিংক, ছোডা, ছোডা ককটেল, প্রিমিয়াম ছোডা ৱাটাৰ আদি মুঠ ১৪বিধ পানীয় আৰু তিনিটা ব্ৰেণ্ডৰ বিৰুদ্ধেও ব্যবস্থা লোৱা হৈছে। অর্থাৎ সমস্যাটো এটা কোম্পানীৰ নহয়, সমস্যাটো গোটেই ব্যৱস্থাটোৰ। পানীৰ নামত সমগ্র দেশতে এতিয়া এক বৃহৎ ব্যৱসায় চলি আহিছে। প্রতিদিনে সমগ্র দেশতে কেইবা মিলিয়ন লিটাৰ পানীৰ বেহা চলে। ২০২৫ চনৰ মাৰ্চ মাহৰ তথ্য অনুসৰি কেৱল বিছলেৰীয়ে ৩৪৫,৩১ মিলিয়ন ডলাৰৰ পানীৰ ব্যৱসায় কৰিছে। কোটি কোটি টকাৰ এই ব্যৱসায়ৰ আঁৰত যদি মানুহৰ স্বাস্থ্যৰ লগত খেলা চলে, সেয়া কেৱল ভেজাল নহয়, সেয়া হ'ব অপৰাধ।
এইদৰে খাদ্য ভেজালকৰণৰ ফলত ইয়াৰ সৰ্বাধিক কুফল ভূগিছে শিশু আৰু বয়োজ্যেষ্ঠসকলে। শিশুৰ শৰীৰ গঢ়ি উঠাৰ সময়তেই যদি ভেজাল গাখীৰ, ভেজাল পানী সেৱন কৰিবলগীয়া হয়, তেন্তে তেওঁলোকৰ হাড় মজবুত কেনেকৈ হ'ব? মগজুৰ বিকাশ কেনেকৈ হ'ব? আজি বহু শিশুৰ ভৰি বিষোৱা, ভাগৰ লগা, বাৰে বাৰে বেমাৰ হোৱাৰ আঁৰৰ কাৰক কেৱল ভিটামিনৰ অভাৱ নহয়, ভেজাল খাদ্যও দায়ী। ভেজাল খাদ্যই লিভাৰ, কিডনী, অস্ত্র নষ্ট কৰিছে। পেটৰ বিষ, এচিডিটি, ডায়েৰিয়া এতিয়া ঘৰে ঘৰে। আৰু দীর্ঘদিন ধৰি ভেজাল খাই থকাৰ ফলতো কৰ্কটৰ দৰে ৰোগৰ চিকাৰ হ'বলগীয়া হৈছে। লোভ, সজাগতাৰ অভাৱ, আৰু শাস্তিৰ অভাৱৰ বাবে খাদ্য ভেজালকৰণ ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰা বুলি ক'লে ভুল কোৱা নহ'ব। কিছুমান অসাধু বেপাৰী অলপ বেছি লাভৰ বাবে মানুহৰ জীৱনৰ লগত খেলিছে। সাধাৰণ জনতাই গ্রাহক হিচাপে বেপাৰী আৰু ডাঙৰ কোম্পানীয়ে ব্রেণ্ড দেখিলেই অন্ধভাৱে বিশ্বাস কৰোঁ, আৰু কোম্পানীসমূহে ইয়াৰ পূৰ্ণ সুযোগ গ্রহণ কৰে। আৰু ধৰা পৰিলেও শাস্তি ইমান সামান্য হয় যে কোম্পানীসমূহে এইবোৰলৈ কেৰেপ নকৰে। খাদ্য সুৰক্ষা বিভাগ আছে, আইন আছে, কিন্তু পৰীক্ষাৰ ব্যৱস্থা ইমান কম যে লক্ষ লক্ষ দোকান আৰু কোম্পানীৰ ভিতৰত বছৰত মাত্ৰ কেইখনমানহে পৰীক্ষা হয়। এইক্ষেত্ৰত চৰকাৰে প্রতিখন জিলাত খাদ্য পৰীক্ষাৰ লেবৰেটৰী সক্ৰিয় কৰিব লাগিব। ডাঙৰ কোম্পানীকো ৰেহাই দিব নালাগিব। ভেজালকাৰীক জৰিমনা নহয়, কঠোৰ শাস্তি দিব লাগিব। বেপাৰী আৰু কোম্পানীয়ে বুজিব লাগিব, ব্যৱসায় এদিনৰ বাবে নহয়। আজি লাভৰ বাবে কাইলৈ নিজৰ সন্তানেও সেই ভেজাল খাব লগা হ'ব পাৰে। আমি গ্রাহকসকলেও ব্রেণ্ড দেখিলেই অন্ধভাৱে বিশ্বাস কৰিব নালাগিব। সন্দেহ হ'লে অভিযোগ দিবলৈ ভয় নকৰিব লাগিব। এটা জাতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে জাতিটোৰ উঠি অহা প্ৰজন্মৰ স্বাস্থ্যৰ ওপৰত। আৰু যদিহে উঠি অহা প্ৰজন্মই ৰুগীয়া হয়, তেনেহ'লে দেশৰ প্ৰগতি, জাতিৰ প্ৰগতি আদিৰ আমা কোনো মূল্যই নাথাকিব।