ধুবুৰীত ২০১০ চনৰ নৃশংস হত্যাকাণ্ডৰ ৰায়দান, ৮ অভিযুক্তক কাৰাদণ্ড

Nikimoni Kachari February 25, 2026

ডিজিটেল ডেস্ক: ধুবুৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ এক গুৰুত্বপূৰ্ণ ৰায়দানে সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ২০১০ চনৰ জানুৱাৰী মাহত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ গোচৰত আদালতৰ পৰা আজি ৮ জন অভিযুক্তক ৮ বছৰৰ কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে।

উল্লেখযোগ্য যে ২০১০ চনৰ ১১ জানুৱাৰীত ধুবুৰীৰ আদাবাৰী চৌমৰত অনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিক এটা ৮ জনীয়া দলে লোহাৰ ৰডেৰে নিৰ্মমভাৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাত কৰিছিল। ইয়াৰ পাছতেই ধুবুৰী সদৰ থানাত এক গোচৰ (FIR No- 25/2010) পঞ্জীয়ন কৰা হয়। দুৰ্ভাগ্যবশতঃ, চিকিৎসাধীন অৱস্থাত ১০ দিনৰ পাছত অনোৱাৰ হুছেইনৰ মৃত্যু হয় আৰু পৰৱৰ্তী সময়ত এই গোচৰটোৱে হত্যাকাণ্ডৰ ৰূপ লয়।

আদালতত চলি থকা ২০১৩ চনৰ ৩১ নম্বৰ দায়ৰা গোচৰৰ দীঘলীয়া শুনানিৰ অন্তত আজি অতিৰিক্ত সত্ৰ ন্যায়াধীশে অভিযুক্ত সামিনুল হক, চিৰাজুল হক, আব্দুল মতিন সেখ, মনচুৰ হোসেন, আনিচুৰ ৰহমান, মইনুল হক, আতাউৰ ৰহমান আৰু মোস্তাফিজুৰ ৰহমানক দোষী সাব্যস্ত কৰি এই শাস্তি প্ৰদান কৰে। অৱশেষত দীৰ্ঘদিনৰ বিচাৰৰ অন্তত লাভ কৰা এই ন্যায়িক ৰায়দানে ভুক্তভোগীৰ পৰিয়ালৰ বাবে কিছু পৰিমাণে সকাহ কঢ়িয়াই আনে।

Share This