কাৰ্বি আংলং জিলাৰ ২১টা দুর্গম ভোট গ্রহণ কেন্দ্ৰলৈ ৰাওনা বিষয়া-কর্মচাৰী

dainik janambhumi April 08, 2026

ডিজিটেল ডেস্ক: কাৰ্বি আংলং জিলাৰ ২১টা দুর্গম ভোট গ্রহণ কেন্দ্ৰলৈ দুদিন পূর্বেই ৰাওনা হৈছে নির্বাচনী বিষয়া-কর্মচাৰী। ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা কালি পুৱাই বিষয়া-কৰ্মচাৰীসকল ৰাওনা হয় নিজ নিজ ভোট গ্রহণ কেন্দ্ৰলৈ। 

কালি পুৱা অহা মুষলধাৰ বৰষুণৰ মাজতে নির্বাচনী বিষয়া-কৰ্মচাৰীসকলে নিজ নিজ সামগ্ৰী সামৰি ৰাওনা হয়। জিলা নির্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্যক শইকীয়া উপস্থিত থাকি এই ২১টা কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীক বিদায় দিয়ে। তেওঁ বিষয়া-কর্মচাৰীসকলক সম্বোধন কৰি কয়, আপোনালোকৰ যাত্রা কঠিন হ'ব পাৰে, কিন্তু আপোনালোকৰ নিষ্ঠা আৰু দায়িত্ববোধে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ ভেটি সুদৃঢ় কৰে। কৰ্মচাৰীসকলক গণতন্ত্ৰৰ ভেটি বুলি উল্লেখ কৰি তেওঁলোকৰ জৰিয়তে প্রতিজন যোগ্য নাগৰিকৰ ভোটাধিকাৰ প্রয়োগ নিশ্চিত হ'ব বুলি মন্তব্য কৰে। 

উল্লেখযোগ্য যে এই ২১টা ভোটগ্রহণ কেন্দ্র ১০৮ বোকাজান বিধানসভা সমষ্টি, ১০৯ হাওৰাঘাট বিধানসভা সমষ্টি আৰু ১১০ ডিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত। এইসমূহ ভোটগ্রহণ কেন্দ্রত মুঠ ১১,০২১গৰাকী ভোটাৰ আছে। যাৰ ভিতৰত ৫৬১৯গৰাকী পুৰুষ আৰু ৫৪০২গৰাকী মহিলা ভোটাৰ। ১০৮ বোকাজান সমষ্টিৰ অধীনত থকা ৮টা ভোটগ্রহণ কেন্দ্রত ৩৪৮৩গৰাকী ভোটাৰ, ১০৯ হাওৰাঘাট বিধানসভা সমষ্টিত ১০টা ভোটগ্রহণ কেন্দ্রত ৬৪৬৮গৰাকী ভোটাৰ আৰু ১১০ ডিফু বিধানসভা সমষ্টিৰ জালিয়ান অঞ্চলত ৩টা ভোটগ্রহণ কেন্দ্ৰত ১০৭০গৰাকী ভোটাৰ আছে।

Share This