ডিজিটেল ডেস্ক: মহাভাৰতৰ যুদ্ধৰ সময়ত অর্জুনক উদ্দেশ্যি ভগৱান শ্রীকৃষ্ণৰ মুখেদি নির্গত হোৱা গীতাৰ বাণীক মানৱ কল্যাণার্থে প্ৰচাৰ কৰাৰ লক্ষ্যৰে নগাঁও চহৰৰ ডচন স্কুল খেলপথাৰত প্ৰায় ২৫ হাজাৰ সনাতনী ভক্তৰ কণ্ঠত সমস্বৰত উচ্চাৰিত হয় গীতাৰ মহৎ বাণী।
অসম সনাতনী ধৰ্ম সংসদৰ উদ্যোগত ভাৰত সেৱাশ্ৰম সংঘৰ তত্ত্বাৱধানত অনুষ্ঠিত গীতা পাঠ আৰু গীতা যজ্ঞানুষ্ঠানত মধ্য অসম তথা নগাঁৱৰ লগতে পশ্চিম বংগৰ কলকাতা, নৱদ্বীপ ধাম, উৰিষ্যা, বৃন্দাৱনকে ধৰি দেশৰ বিভিন্ন স্থানৰ সনাতনী গুৰুৰ লগতে স্বামী প্রদীপ্তানন্দজী মহাৰাজ, সত্ৰাধিকাৰ জনাদন গোস্বামী, পুৰী জগন্নাথ ধামৰ স্বামী সমিধানন্দ মহাৰাজৰ লগতে বটদ্ৰৱা শলগুৰি সত্ৰৰ অধিকাৰ, সত্ৰ মহাসভাৰ সভাপতি প্রমুখ্যে ভালেসংখ্যক সত্ৰাধিকাৰ আৰু সনাতনী পণ্ডিতে অংশগ্ৰহণ কৰে।
নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰৰ বেদ বিদ্যাপীঠৰ বটু ব্ৰহ্মচাৰীসকলে এই গীতাপাঠৰ গুৰি ধৰে আৰু ভক্তসকলে সমস্বৰে গীতা পাঠ কৰে। পুৱা ৯ বজাৰ পৰা বিয়লি ২-৩০ বজালৈ চলা গীতা পাঠ অনুষ্ঠানত মদ্ভাগৱত গীতাৰ দ্বাদশ, পঞ্চদশ আৰু ষোড়শ অধ্যায় পাঠ কৰা হয়। গীতা পাঠৰ পাছতে গীতাযজ্ঞ আৰু ভোগ বিতৰণ কার্যসূচী অনুষ্ঠিত হয়।
ভাৰতবৰ্ষ তথা বিশ্বৰ সনাতনীসকলক একত্ৰিত কৰি ৰখাৰ উদ্দেশ্যে 'গীতা পাঠ ঘৰে ঘৰে' শীর্ষক বাণীৰে এই গীতা পাঠ আৰু গীতাযজ্ঞ আয়োজন কৰা বুলি শিশিৰ মহাৰাজে জানিবলৈ দিয়ে। ইপিনে শনিবাৰে বিয়লি এই গীতা পাঠ অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও চহৰত এটা আধ্যাত্মিক শোভাযাত্রা উলিওৱা হয়।