মণিপুৰৰ কাংপকপীত ২৫একৰ ভূমিৰ আফিং খেতি ধ্বংস, আছাম ৰাইফলছৰ অভিযান

dainik janambhumi November 17, 2025

ডিজিটেল ডেস্ক : ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ বিভিন্ন অঞ্চলত নিষিদ্ধ আফিং খেতিৰ বিষয়ে সময়ে সময়ে বাতৰি প্ৰকাশ হৈ আহিছে। শেহতীয়া এই নিষিদ্ধ নিচাযুক্ত সামগ্ৰী আফিঙৰ খেতি নষ্ট কৰিছে নিৰাপত্তা বাহিনীয়ে। দেওবাৰে আছাম ৰাইফলছৰ বিষয়াসকলে প্রকাশ কৰা অনুসৰি, চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ সহযোগত আছাম ৰাইফলছৰ জোৱানে মণিপুৰৰ কাংপকপীত প্রায় ২৫ একৰ ভূমিত কৰা অবৈধ আফিং (পপি) খেতি ধ্বংস কৰিছে। 

এই আফিং খেতিৰ পৰা ১৭০ কিল'গ্রাম আফিং প্রস্তুত কৰাৰ সম্ভাৱনা আছিল। এই আফিংখিনিৰ বজাৰ মূল্য কেইবাকোটি টকা হ'লহেঁতেন। এই অবৈধ আফিং খেতিৰ বিষয়ে চোৰাংচোৱাৰ গোপন খবৰ পাই চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ সহযোগত আছাম ৰাইফলছে শনিবাৰে কাংপকপী জিলাৰ লইব'ল খোল্লেন গাঁৱত যুটীয়া অভিযান চলায়। 

অভিযানৰ সময়ত নিৰাপত্তা বাহিনীৰ বিষয়াসকলে সন্দেহজনক কিছুমান স্থানত তালাচী চলায় আৰু ইয়াৰ পাছতে নিষিদ্ধ আফিঙৰ খেতিডৰা উদ্ধাৰ কৰি ধ্বংস কৰে। আছাম ৰাইফলছৰ বিষয়াসকলে কয় যে যোৱা ৩ নৱেম্বৰত মণিপুৰত ড্রাগছ সৰবৰাহৰ এটা চক্ৰক উৎখাত কৰিছিল।

Share This