ডিজিটেল ডেস্ক: ৰাজ্যৰ ইতিহাসত আজিৰ দিনটো 'অৰুণোদয়'ৰ দিন হিচাপে খোদিত হৈ ৰ'ব। কিয়নো জনপ্রিয় হিতাধিকাৰী আঁচনি 'অৰুণোদয়'ৰ নামত আজি একে সময়ত ৰাজ্যৰ ৰাজকোষৰ পৰা হিতাধিকাৰীলৈ হস্তান্তৰ কৰা হ'ব ৩৬০০ কোটি টকা।
নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে আজি পুৱা ৰাজ্যৰ ৪০ লাখ মহিলা হিতাধিকাৰীক তেওঁলোকৰ একাউণ্টত ন হাজাৰ টকাকৈ প্ৰদান কৰিব। ইফালে ভোটৰ অংকত ধন বিলাবলৈ গৈ চৰকাৰখনে আজিৰ দিনটোতে ৯০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। বিত্তীয় জোৰা মাৰিবলৈ ঋণ ল'বলগীয়া হোৱা চৰকাৰখনে আকৌ অৰুণোদয়ৰ ধন বিতৰণৰ বাবে বিশাল অনুষ্ঠানৰো আয়োজন কৰিছে। সেই অনুসৰি আজি ৰাজ্যখনত মুঠ ৩৮০০ খনৰো অধিক ৰাজহুৱা সভা অনুষ্ঠিত হ'ব।
গাঁও পঞ্চায়ত, নগৰীয়া ৱাৰ্ড, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি আদিত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ নামতো ৰাজ্যৰ ৰাজকোষৰ পৰা ওলাই যাব মোটা অংকৰ ধন। ইফালে ধন লাভ কৰিব লগীয়া প্ৰতিগৰাকী হিতাধিকাৰীকে উক্ত সভাসমূহত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে খোদ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। আনকি সভাসমূহত হিতাধিকাৰীসকলৰ উপস্থিতি নিশ্চিত কৰাৰ বাবেও সভাৰ আয়োজকসকলক দিয়া হৈছে কঠোৰ নিৰ্দেশ। ক'বলৈ গ'লে অৰুণোদয়ৰ নামত অনুষ্ঠিত কৰিব লগীয়া এই সভাসমূহ হ'ব বিজেপিৰ নিৰ্বাচনী সভা।
লক্ষণীয় বিষয় যে অৰুণোদয় হিতাধিকাৰীক ৰাজ্য চৰকাৰে প্ৰতিমাহে ১২৫০ টকাকৈ প্রদান কৰে। কিন্তু নিৰ্বাচনৰ পূৰ্বে এইবাৰ চৰকাৰে চাৰি মাহৰ লগতে অতিৰিক্তভাৱে কিছু ধন দি মুঠ ৯ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰিছে।
উল্লেখযোগ্য যে চলিত বিত্তীয় বছৰত ৰাজ্য চৰকাৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৩৯১ কোটি টকা, মুখ্যমন্ত্রী জীৱন প্ৰেৰণা আঁচনিৰ বাবত ২৫ কোটি টকা, মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অভিযান আঁচনিৰ অধীনত ৭৭৩ কোটি টকা, চাহ শ্রমিকৰ একাউণ্টত ৫,০০০ টকাকৈ ৩৪২ কোটি টকা বিতৰণৰ নামত ব্যয় কৰিছে। আনকি ৰাজ্য চৰকাৰখনে দুর্গা পূজা সমিতি, বিহু সমিতি, ভাওনা, নামঘৰ সমিতি, বিহু নৃত্য শিল্পী, বড়ো নৃত্য শিল্পী আদিৰ মাজত প্রায় ১,০০০ কোটি বিতৰণ কৰিছে। ক'বলৈ গ'লে নগদ ধন বিতৰণ কৰি বিজেপি-নেতৃত্বাধীন চৰকাৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা অনুসৰিয়েই আগবাঢ়ি গৈছে। যাৰ বাবে চলিত বিত্তীয় বৰ্ষৰ শেষৰফালে ৰাজ্যত বিভিন্ন আঁচনিৰ নামত ধন বিতৰণৰ ধুম উঠিছে।