ডিজিটেল ডেস্ক: গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসম পুনৰবাৰ উজলি উঠিবলৈ সক্ষম হৈছে। ৰাজ্যৰ পঞ্চায়ত ব্যৱস্থাক অধিক শক্তিশালী আৰু জনমুখী কৰাৰ ব্যৱস্থাৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ তিনিখনকৈ পঞ্চায়তে বঁটা লাভ কৰি পুনৰবাৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা-২০২৫ত অসমলৈ আহিছে ৩টাকৈ সন্মানীয় ৰাষ্ট্ৰীয় বঁটা। শোণিতপুৰ জিলাৰ নিউ নপাম গাঁওপঞ্চায়তে দেশৰ ভিতৰতে শ্রেষ্ঠ গাঁওপঞ্চায়ত হিচাপে নানাজী দেশমুখ সর্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, নগাঁও জিলাৰ জুমৰমূৰ গাঁওপঞ্চায়তে শ্ৰেষ্ঠ স্বচ্ছ আৰু সেউজ পঞ্চায়ত হিচাপে দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ-২০২৫ আৰু । ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁওপঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ পঞ্চায়ত তিনিখনে লাভ কৰা এই সাফল্যৰ কথা কালি ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই।