ডিজিটেল ডেস্ক : কামৰূপী লোকগীতৰ বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাস, প্রশমনমূলক চিকিৎসাৰ বিশিষ্ট চিকিৎসক ডাঃ দীনেশ গোস্বামী আৰু বিশিষ্ট সাংবাদিক তথা 'দৈনিক জনমভূমি' কাকতৰ মুখ্য সম্পাদক সঞ্জীৱ কুমাৰ ফুকনক কালি ২০২৬ বৰ্ষৰ 'ডি পি আৰ চি বঁটা' প্ৰদান কৰা হয়।
উত্তৰ-পূবৰ ভিতৰতে প্রথম অত্যাধুনিক সা-সঁজুলিৰে ৰাষ্ট্ৰীয় মানৰ ফিজিঅ'থেৰাপি সেৱা আগবঢ়োৱা স্বেচ্ছাসেৱী সংস্থা 'আঁচল'ৰ অধীনস্থ প্রতিষ্ঠান দিগন্তজ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, চমুকৈ ডি পি আৰ চিয়ে প্ৰতিবছৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ সংবাদ, চিকিৎসা আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তিনিগৰাকীকৈ ব্যক্তিক 'ডি পি আৰ চি বঁটা' প্রদান কৰি আহিছে। এইবছৰো চতুর্দশ বর্ষপূর্তি উপলক্ষে দিছপুৰস্থিত লোকনিৰ্মাণ বিভাগৰ অধিৱেশন আৰু প্রশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা গাম্ভীর্যপূর্ণ অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক, ঔপন্যাসিক ড° ৰীতা চৌধুৰীয়ে সংবাদক্ষেত্রলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সঞ্জীৱ কুমাৰ ফুকনক ডি পি আৰ চি সাংবাদিকতা বঁটা, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক, বিশিষ্ট চিকিৎসক ডাঃ অমল কটকীয়ে প্রশমনমূলক চিকিৎসাৰ বিশিষ্ট চিকিৎসক ডাঃ দীনেশ গোস্বামীক ডি পি আৰ চি চিকিৎসা সেৱা বঁটা আৰু বিশিষ্ট সাংবাদিক প্রণয় বৰদলৈয়ে কামৰূপী লোকগীতৰ বিশিষ্ট কণ্ঠশিল্পী স্নেহলতা দাসক ডি পি আৰ চি কলা-সংস্কৃতি বঁটা প্ৰদান কৰে। তেওঁলোকক আগবঢ়োৱা এই বঁটাত আছে চেলেং, গামোচা, এটি ফুলাম জাপি, এখন সঁফুৰা, ডি পি আৰ চিৰ চতুৰ্দশ বর্ষপূৰ্তিৰ স্মাৰক, স্মৃতিগ্ৰন্থৰ এটা কপি, মানপত্ৰ আৰু এটা গছপুলি।
বঁটা গ্রহণ কৰি বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনে এই বঁটা মোৰ বাবে এটা বুজাব নোৱাৰা আনন্দৰ সময় আৰু অনুভৱ বুলি উল্লেখ কৰি কয় 'সাংবাদিকতাৰ ক্ষেত্ৰখনত যথেষ্ট ত্যাগ আৰু কষ্ট জড়িত হৈ আছে। আমাৰ এইটোৱেই ভাল লাগে যে আমাৰ কামবিলাক বহুলোকে আঁতৰৰ পৰা চাই থাকে। সেয়ে যি কাম কৰিছোঁ আন্তৰিকতাৰে কৰিছোঁ। সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ পুৰোধা ব্যক্তিসকলে আগবঢ়াই যোৱা অৱদানত যাতে দাগ নপৰে তাৰ বাবে দায়বদ্ধতাৰে আগবাঢ়িছোঁ।'
আনহাতে, ডিপি আৰ চিয়ে আগবঢ়োৱা এই বঁটা লাভ কৰি অত্যন্ত গৌৰৱ অনুভৱ কৰা বুলি সদৰী কৰি ফুকনে ডি পি আৰ চি এটা প্রতিষ্ঠান নহয়, এটা সংগ্ৰামৰ নাম বুলি উল্লেখ কৰি এনেকুৱা এটা প্রতিষ্ঠানে মোৰ কামক স্বীকৃতি দিয়াৰ বাবে আপ্লুত হৈছোঁ আৰু অনাগত দিনতো নিষ্ঠাৰে কাম কৰি যাবলৈ সাহস পাইছোঁ বুলি মন্তব্য কৰে। তেওঁ ডি পি আৰ চিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক দিগন্ত দাসক বহু বাধা নেওচি সাহসেৰে যুঁজ দিয়া সমাজৰ বাবে এগৰাকী আদর্শ বুলিও কয়। আনহাতে, বঁটা গ্রহণ কৰি ডাঃ দীনেশ গোস্বামীয়ে আচলতে বঁটা-বাহনসমূহ সকলো মানুহৰে বাবে প্রয়োজনীয় বুলি উল্লেখ কৰি এই বঁটা লাভ কৰি মানসিক শান্তি পাইছোঁ আৰু আজিৰে পৰা আৰু দায়িত্ব বাঢ়িল বুলি মন্তব্য কৰে। প্রশমনমূলক চিকিৎসা সন্দৰ্ভত বক্তব্য প্রদান কৰি কয়, 'প্রশমনমূলক চিকিৎসা মানে আসন্ন মৃত্যু নহয়। জীৱনৰ পৰিক্ৰমাত মৃত্যু এটা বিন্দুহে। প্রশমনমূলক চিকিৎসাত আমি জীৱনৰ জয়গান গাওঁ। মৃত্যুক কেনেকৈ সহনীয় কৰিব পাৰি তাক গুৰুত্ব দিয়া হয়।'
ডি পি আৰ চিৰ এনে পদক্ষেপক ধন্যবাদ জনাই তেওঁ ৰোগীৰ মুখত অকণমান হাঁহি বিৰিঙাব পাৰিলেই তেওঁলোকো জীয়াই থকাৰ শক্তি পায় বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আনহাতে, বঁটা প্ৰদান কৰি ড° ৰীতা চৌধুৰীয়ে ডি পি আৰ চিৰ কামক প্রশংসা কৰি ২০ বিঘা মাটি যদি দিগন্ত দাসক চৰকাৰে দিব পাৰে তেওঁ বাধাগ্ৰস্ত শিশুসকলৰ চিকিৎসাৰ আৰু বহু নভবা কাম কৰিব পাৰিব বুলি কয়। অনুষ্ঠানত তেওঁ জুবিন গাৰ্গকো সোঁৱৰণ কৰি 'উই ছেল অ'ভাৰ কাম...' গীতটি গুণগুণাই অনুষ্ঠানটো আৱেগিক কৰি তোলে। অনুষ্ঠানত ড° ৰীতা চৌধুৰী, ডাঃ অমল কটকী আৰু প্ৰণয় বৰদলৈকো সম্বর্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানতে ঋতুপর্ণ দাসৰ সম্পাদনাত প্রকাশিত ডি পি আৰ চিৰ বাৰ্ষিক মুখপত্র 'ফিনিক্স' বিশিষ্ট শিল্পী জে পি দাসে উন্মোচন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে ডি পি আৰ চিৰ সৈতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ থকা গভীৰ সম্পৰ্ক এটা দৃশ্য-শ্রাব্য ভিডিঅ'ৰ জৰিয়তে উপস্থাপন কৰাৰ লগতে ডি পি আৰ চিৰ সেৱা সম্পর্কেও প্রস্তুত কৰা এটা ভিডিঅ' উপস্থাপন কৰে। আনহাতে, ডি পি আৰ চিৰ চতুৰ্দশ বর্ষপূর্তি উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰেৰণ কৰা এটা ভিডিঅ' বার্তাও দেখুওৱা হয়।
উল্লেখযোগ্য যে ডি পি আৰ চিৰ পৰিয়ালৰ হৈ ডালিমী দাস, স্মৃতিৰেখা বৰদলৈ, প্রবীণ কুমাৰ দাস আৰু গৌতম শৰ্মাই বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত শিবাংগ ফাউণ্ডেশ্যনৰ কেইবাগৰাকীও শিল্পীয়ে নৃত্য পৰিৱেশন কৰি সকেলাকে আপ্লুত কৰে। কেইবাগৰাকীও শিল্পীয়ে গীত-নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰা অনুষ্ঠানটোত যথেষ্টসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।