১৮ বছৰ অনূৰ্ধ্বৰ ৩০ শতাংশ ছোৱালী ভাৰতীয় বালিকা যৌন নিৰ্যাতনৰ বলি

dainik janambhumi May 09, 2025

ডিজিটেল ডেস্কঃ ২০২৩ চনত ১৮ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পূৰ্বে ভাৰতৰ ৩০ শতাংশ ছোৱালী আৰু ১৩ শতাংশ ল'ৰা যৌন নির্যাতনৰ বলি হৈছিল। লেনচেট জার্নেলে প্রকাশ কৰা বিশ্লেষণত এই তথ্য প্রকাশ পাইছে।

প্রতিবেদনখনত প্রকাশ পোৱা মতে, ১৯৯০ আৰু ২০২৩ চনৰ মাজৰ সময়ছোৱাত বিশ্বৰ ২০০খন দেশত শিশুসকলৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। কিন্তু অধ্যয়নটোত কোৱা হৈছে যে দক্ষিণ এছিয়াত ছোৱালীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ঘটনা অধিক।

বাংলাদেশত ৯.৩ শতাংশ আৰু ভাৰতত ৩০.৮ শতাংশ এনেধৰণৰ ঘটনা সংঘটিত হৈছে। সমগ্র বিশ্বজুৰি ১৮ বছৰ বয়স হোৱাৰ পূৰ্বে প্রতি পাঁচজনী ছোৱালীৰ ভিতৰত এজনী আৰু প্ৰতি সাতটা ল'ৰাৰ ভিতৰত এটা ল'ৰা যৌন নিৰ্যাতনৰ বলি হৈছে। উল্লেখযোগ্য যে শিশুৰ বিৰুদ্ধে যৌন নির্যাতনৰ ঘটনা হৈছে এটা জটিল জনস্বাস্থ্য আৰু মানৱাধিকাৰ উলংঘা কৰাৰ বিষয়ত গুৰুতৰ সমস্যা।

Share This