প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪,৫০০টা খালী পদৰহে বিজ্ঞাপন প্রকাশ, ৰাজ্যৰ শিক্ষা বিভাগত ৩২,৫২০টা শিক্ষক-কর্মচাৰীৰ পদ খালী

dainik janambhumi February 20, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ শিক্ষা খণ্ডৰ এখন ভয়ংকৰ ছবি কালি উন্মোচিত হৈছে বিধানসভাৰ মজিয়াত। বৃহৎ সংখ্যক শিক্ষকৰ পদৰ লগতে আন আন কৰ্মচৰীৰ বৃহৎ সংখ্যক পদ আজিও খালি আছে। 

কালি বিধানসভাত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে, শিক্ষা বিভাগৰ অন্তর্গত প্রাথমিক শিক্ষা সঞ্চালকালয়, মাধ্যমিক শিক্ষা সঞ্চালকালয়, উচ্চ শিক্ষা সঞ্চালকালয় আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ত এতিয়াও সর্বমুঠ ৩২,৫২০টা শিক্ষক-কৰ্মচাৰীৰ পদ খালী হৈ আছে। বিস্তৃত তথ্য অনুসৰি, প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী হৈ আছে মুঠ ১৩,৭৫৪টাকৈ পদ। একেদৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত১৬,৩৫৬টা পদ, উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ২,০৫৭টা পদ আৰু কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত এতিয়াও খালী হৈ আছে ৩৫৩টাকৈ গুৰুত্বপূৰ্ণ পদ। 

আনহাতে, ৰাজ্যৰ প্ৰাথমিক, মাধ্যমিক, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শাখাত খালী হৈ থকা শিক্ষকৰ পদ অনুসৰি নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত মুঠ ১৩,৩৮১টা, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মুঠ ১০,১২৭টা শিক্ষকৰ পদ খালী হৈ আছে। একেদৰে আদর্শ বিদ্যালয় সংগঠনৰ অধীনত বর্তমানে ৭২টা স্নাতক শিক্ষকৰ পদ আৰু ৩৩টা প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ পদ খালী হৈ আছে। অৱশ্যে প্রাথমিক শিক্ষা সঞ্চালকালয়, অসমৰ অধীনত ৪৫০০টা খালী পদৰ বিজ্ঞাপন প্রকাশিত হৈছে আৰু নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে বুলি জনাই মন্ত্ৰীগৰাকীয়ে চৰ এলেকা আৰু গ্রামীণ ক্ষেত্ৰত থকা নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহত থকা খালী পদৰ সংখ্যাও ব্যক্ত কৰে। তেওঁ জনাই যে চৰ অঞ্চলত নিম্ন প্রাথমিক বিদ্যালয়ত ৮,২০৮টা আৰু উচ্চ প্রাথমিক বিদ্যালয়ত ৫০২৮টাসহ মুঠ ১৩,২৩৬টাকৈ পদ খালী হৈ আছে। একেদৰে ৰাজ্যৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত সর্বমুঠ ১০১২৭টা শিক্ষকৰ পদ খালী হৈ আছে। আনহাতে, মহাবিদ্যালয়সমূহত বিজ্ঞান, কলা আৰু বাণিজ্য শাখাত খালী থকা পদৰ সংখ্যা হৈছে ১০৩৮টা, ইঞ্জিনিয়াৰিং কলেজতো খালি হৈ আছে ১৮টা শিক্ষকৰ পদ। 

ইফালে বিদ্যুৎ আৰু ইণ্টাৰনেট সংযোগবিহীন নিম্ন, উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা সদৰী কৰি মন্ত্ৰী ডাঃ পেগুৱে কয়, 'ইণ্টাৰনেট সংযোগবিহীন নিম্ন প্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৩২,৬১৪খন অর্থাৎ ৯৬.২ শতাংশ। উচ্চপ্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৬০১খন আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৮৩খন। একেদৰে বিদ্যুৎ সংযোগবিহীন নিম্ন প্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৩১৬খন, উচ্চপ্রাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে ২০৮খন আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা হৈছে ৩৯খন।

Share This