পাক সৈন্যৰ গুলীত পি অ' কেত নিহত ৩৫ প্রতিবাদী

dainik janambhumi June 10, 2026

ডিজিটেল ডেস্ক : পাকিস্তান অধিকৃত কাশ্মীৰত (পি অ'কে) প্রতিবাদী জনতাৰ ওপৰত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ নৃশংসতাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্রতিবাদী জনতা আৰু নিৰাপত্তাৰক্ষীৰ হতাহতি আৰু আৰক্ষীৰ নির্বিচাৰ গুলীচালনাত পি অ' কেত মঙলবাৰে আবেলি পর্যন্ত প্রায় ৩৫জন লোকৰ মৃত্যু হৈছে। পি অ' কেৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰৰ বাবে মাত মাতি অহা জইন্ট আৱামী একশ্যন কমিটীক (জে এ এ চি) কিছুদিন পূর্বে পাকিস্তান চৰকাৰে নিষিদ্ধ সংগঠন হিচাপে ঘোষণা কৰিছিল। যোৱা বৰ্ষত পাকিস্তান চৰকাৰ, পি অ' কে প্রশাসন আৰু জে এ এ চিৰ মাজত পি অ' কেৰ অর্থনৈতিক উন্নয়নৰ বাবে হোৱা মুজাফ্ফৰবাদ চুক্তি কাৰ্যকৰী কৰাৰ দাবীত সোমবাৰৰ পৰা পি অ' কেত প্রতিবাদী কার্যসূচী গ্ৰহণ কৰে। চৰকাৰে ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰা সংগঠনটোৰ প্রতিবাদলৈ পি অ' কেৰ হাজাৰ হাজাৰ জনতাই সমর্থন দিছে। অহা ২৭ জুলাইত পি অ' কেৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

প্রতিবাদী জনতাই এই নির্বাচনত শৰণাৰ্থীৰ বাবে থকা ১২খন আসন বিলুপ্ত কৰাৰ দাবী জনাইছে। তদুপৰি, প্ৰতিবাদকাৰীসকলে বিদ্যুৎ মাচুলৰ লগতে অত্যাবশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি নিয়ন্ত্ৰণৰো দাবী জনায়। কিন্তু পাকিস্তান চৰকাৰে এই প্রতিবাদ কঠোৰ হাতেৰে দমনৰ বাবে আৰক্ষী আৰু নিৰাপত্তা বাহিনীক নির্দেশ দিয়ে। যাৰ পৰিণতিত পি অ' কেৰ ৰাৱালাকোটৰ শান্তিপূর্ণ প্রতিবাদস্থলী সোমবাৰৰ পৰাই উত্তপ্ত হৈ পৰে। মানবাধিকাৰ উলংঘনেৰে প্ৰতিবাদী জনতাৰ ওপৰত আৰক্ষীৰ লাঠীচালনা, গুলীচালনা আৰু দুয়োপক্ষৰ হতাহতিৰ ফলত মঙলবাৰ পৰ্যন্ত ৰাৱালাকোটত প্রায় ৩৫জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০জন লোক আহত হৈছে। উল্লেখযোগ্য যে পি অ' কেৰ ৰাৱালাকোটৰ এজন স্থানীয় ব্যৱসায়ীক যোৱা ৫ জুনত আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। এই ঘটনাত ইতিমধ্যে অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছিল আৰু জনতাই চৰকাৰৰ বিৰুদ্ধে ক্ষুভিত হৈ আছিল। সোমবাৰে মুজাফফৰাবাদ চুক্তি ৰূপায়ণ, দাম বৃদ্ধি নিয়ন্ত্রণকে ধৰি কেইবাটাও দাবীৰ সমর্থনত উলিওৱা প্রতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা প্রদানত জনতাৰ মাজত উত্তেজনা অধিক বৃদ্ধি পায় আৰু নিৰাপত্তাৰক্ষীৰে হতাহতিত লিপ্ত হয়। যাৰ ফলত প্রতিবাদে হিংসাত্মক ৰূপ লয়। ইফালে পিঅ' কেত প্রতিবাদী জনতাৰ ওপৰত আৰক্ষীৰ নিষ্ঠুৰতাক তীব্র নিন্দা কৰিছে ভাবতে। জনতাৰ ওপৰত কৰা নিষ্ঠুৰ আক্ৰমণৰ বাবে পাকিস্তান চৰকাৰক জবাবদিহি কৰাৰ বাবে মঙলবাৰে ভাৰতে বিশ্ব সম্প্রদায়ক আহ্বান জনাইছে। ভাৰতৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে পি অ' কেত হৈ থকা মানৱ অধিকাৰ উলংঘনৰ ঘটনাসমূহ ঢাকি ৰখাৰ বাবে পাকিস্তান চৰকাৰে বৃথা চেষ্টা কৰিছে।

উল্লেখযোগ্য যে পি অ' কেত প্রতিবাদী জনতাৰ ওপৰত আৰক্ষীৰ নিৰ্মম অত্যাচাৰক বিশ্বজুৰি নিন্দা কৰা হৈছে। ব্রিটেইনৰ ব্ৰেডফ'ৰ্ডত পাকিস্তানৰ বাণিজ্যিক দূতাবাসৰ সন্মুখত লণ্ডন নিৱাসী একাংশ কাশ্মীৰী লোকে প্রতিবাদ সাব্যস্ত কৰে। তদুপৰি ৩০ গৰাকী ব্রিটিছ সাংসদে পাকিস্তানত সংঘটিত মানৱ অধিকাৰ উলংঘনৰ বিষয়ত ব্রিটেইন চৰকাৰৰ হস্তক্ষেপ দাবী কৰে।

Share This