৪-৫  মিনিটৰ কঠোৰ শ্ৰমে হ্ৰাস কৰিব পাৰে কেন্‌ছাৰৰ আশংকা

Jyoti Borah August 24, 2023

ডিজিটেল ডেস্কঃ বৰ্তমান কেন্‌ছাৰ ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ ভাৰতত প্ৰতি বছৰে এই ৰোগত আক্ৰান্ত হৈ কেইবা লাখ লোকে প্ৰাণ হেৰুৱায়৷ কেন্‌ছাৰ আটাইতকৈ প্ৰাণঘাতক ৰোগৰ ভিতৰত অন্যতম৷ বৰ্তমানৰ দৈনন্দিন জীৱন শৈলী তথা স্বাস্থ্যসন্মত নোহোৱা খাদ্যাভ্যাসেই ইয়াৰ প্ৰধান কাৰণ৷ এই ৰোগত আক্ৰান্ত হৈ প্ৰায় সকলো বয়সৰ লোকৰে মৃত্যু হোৱা দেখা পোৱা যায়৷ কেন্‌ছাৰক লৈ ভালেমান অধ্যয়ন কৰা হৈছে৷

  শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা লাভ কৰা তথ্য অনুসৰি দৈনিক চ্ছ্ৰ-প্ত মিনিট এনেদৰে কঠোৰ শ্ৰম কৰিব লাগিব যে ইয়াৰ ফলত গাৰ ঘাম ওলোৱাৰ লগতে ফোপাবলৈ ধৰে, তেনে ধৰণৰ পৰিশ্ৰম কৰিলে কেন্‌ছাৰ হোৱাৰ আশংকা ৩২ণ হ্ৰাস কৰে৷ আন কথাত কেই মিনিটমানৰ কঠোৰ শ্ৰমে কেন্‌ছাৰ ৰোগ হোৱাৰ আশংকা যথেষ্ট হ্ৰাস কৰে৷ জামা অনকলজীত প্ৰকাশ পোৱা এই অধ্যয়নটোৰ প্ৰতিবেদনত  উল্লেখ কৰা অনুসৰি প্ৰায় ২২ হাজাৰ লোকক লৈ এই অধ্যয়নটো কৰা হৈছিল৷ এই লোকসকলৰ শৰীৰত বিশেষ ধৰণৰ সঁজুলি লগোৱা হৈছিল আৰু প্ৰায় সাত বছৰ তেওঁলোকৰ ওপৰত অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে চকু ৰাখিছিল৷ ইয়াৰ পৰা তেওঁলোকে জানিব পাৰে যে দিনটোত কিছু সময়ৰ বাবে এবাৰ বা তাতকৈ অধিক কঠোৰ শ্ৰম কৰা লোকসকলৰ শ্ৰম নকৰা লোকসকলৰ তুলনাত কেন্‌ছাৰ হোৱাৰ আশংকা কম হয়৷

   গৱেষকসকলৰ মতে, গাৰ ঘাম ওলোৱাকৈ কেই মিনিটমানৰ কাৰণে ঘৰুৱা কাম কৰা, গেলামালৰ দোকানৰ পৰা যথেষ্ট ওজনৰ সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ অনা, অতি বেগেৰে খোজকঢ়া, শিশুৰ সৈতে কৰা খেল-ধেমালি আদিয়েই হ’ল কঠোৰ শ্ৰম৷ তেওঁলোকে লগতে এই বুলিও কয় যে যিসকল প্ৰাপ্তবয়স্ক লোকে এনে ধৰণৰ কঠোৰ শ্ৰম নকৰে তেওঁলোকৰ কেনছাৰ হোৱাৰ আশংকা বৃদ্ধি পায়৷  প্ৰতিবেদনখনৰ নিবন্ধকাৰ অধ্যাপক  ইমানুৱেল ষ্টামেটাকিছে কয়, ‘আমি জানো যে আদহীয়া বয়সৰ লোকসকলে নিয়মীয়াকৈ শাৰীৰিক অনুশীলন নকৰে৷ ফলত তেওঁলোকৰ কেন্‌ছাৰ হোৱাৰ আশংকা বৃদ্ধি পায়৷’ তেওঁৰ মতে, দিনটোক ৪-৫ মিনিট কঠোৰ শ্ৰম কৰি কেন্‌ছাৰ হোৱাৰ আশংকা বহুখিনি হ্ৰাস কৰিব পাৰি৷ 
 

Share This