ডিজিটেল ডেস্ক: দেশ-বিদেশৰ পৰ্যটকৰ মাজত এতিয়া চর্চা কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ভ্ৰমণৰ কথা। জীৱনত এবাৰ বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাসস্থান বিশ্ব ঐতিহ্য ক্ষেত্র কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাটো কিছু পৰ্যটকৰ সপোন হৈ পৰিছে। ফলত বছৰে বছৰে কাজিৰঙালৈ দেশ-বিদেশৰ পৰ্যটকৰ আগমন বৃদ্ধি পাব ধৰিছে। যাৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২০২৫-২৬ পর্যটন বর্ষত দেশ-বিদেশৰ পৰ্যটকৰ আগমনে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালকে এক সংবাদ বার্তা যোগে জানিবলৈ দিয়া মতে, এই সময়ছোৱাত প্রায় ৪.৫ শতাংশ পর্যটক বিদেশৰ পৰা অহা বুলি তথ্য প্রকাশ পাইছে।
উল্লেখযোগ্য যে বিগত ২০২৪-২৫ পর্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ দেশ-বিদেশৰ মুঠ ৪,০৬৫৬৪ জন পৰ্যটকৰ আগমন ঘটিছিল যদিও এইবাৰ অৰ্থাৎ ২০২৫-২৬ পর্যটন বর্ষত বৃদ্ধি পালে ৪,৬৮,১৪৭ জনলৈ। বিভাগীয় তথ্যৰ পৰা জানিব পৰা মতে, ২৫-২৬ পর্যটন বর্ষত ৪,৩৭,৬৭৩জন দেশীয় আৰু ৩০,৪৭৪ জন বিদেশী পর্যটকে ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰে। এটা গুৰুত্বপূৰ্ণ কথা যে বিগত পৰ্যটন বৰ্ষৰ তুলনাত এইবাৰ ৪৮,৮০২জন দেশী আৰু ১২,৭৮১ জন বিদেশী পৰ্যটকৰ লগতে মুঠ ৬১,৫৮৩ জন পর্যটক কাজিৰঙাত বৃদ্ধি পাইছে।
ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্র সঞ্চালক সোণালী ঘোষে জানিবলৈ দিয়া মতে, প্ৰকৃতিৰ মনোৰম দৃশ্য, সমৃদ্ধ জৈৱ বৈচিত্র্য আৰু বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বাবে খ্যাতি অর্জন কৰা কাজিৰঙাই বন্যপ্ৰেমীৰ মাজত এক অগ্রণী পর্যটন গন্তব্য স্থান হিচাপে আত্মপ্রকাশ কৰিছে। যোৱা তিনিটা বছৰত কাজিৰঙাই বহু গণ্য-মান্য অতিথিক আদৰণি জনোৱাৰ সৌভাগ্য লাভ কৰিছে। জিগমে খেসাৰ নামগ্যাল বাংচুকৰ ঐতিহাসিক ভ্রমণে এই স্থানৰ গুৰুত্ব অধিক উজ্জ্বল কৰি তুলিছে। তাৰ উপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি আদিৰ উপস্থিতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ খ্যাতি বৃদ্ধি কৰিছে। ইয়াৰ উপৰি বৈদেশিক মন্ত্রী ড° এছ জয়শংকৰৰ নেতৃত্বত এডভান্টেজ আছাম-২.০ কাৰ্যসূচীৰ অংশ হিচাপে ৬০খন দেশৰ ৰাষ্ট্ৰদূতৰ সৈতে উদ্যানখন ভ্রমণ কৰি গুৰুত্ব বৃদ্ধি কৰে। ইফালে মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু মোহন যাদৱেও পৰিয়ালসহ কাজিৰঙা ভ্রমণ কৰে। ইয়াৰ উপৰি থিয়েৰী মাথৌয়ে নিজৰ পৰিয়াল আৰু প্ৰতিনিধি দলৰ সৈতে কাজিৰঙা ভ্ৰমণ কৰে, যাৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো উদ্যানখনৰ জনপ্রিয়তা প্রতিফলিত হৈছে। অন্যহাতে, নিউয়র্ক টাইমছৰ তালিকাতো অসম আৰু কাজিৰঙাক 'বিশ্বৰ অন্যতম ভ্ৰমণ কৰিব লগীয়া স্থান' হিচাপে উল্লেখ কৰা হৈছে। এইদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া বিশ্ব পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
শেহতীয়া সময়ত কাজিৰঙাত পর্যটনত উল্লেখযোগ্য বৃদ্ধি দেখা গৈছে। বিশেষকৈ বিগত বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ পাণবাৰী অঞ্চলত আৰম্ভ কৰা বাৰ্ড ছাফাৰী আদি অভিনৱ উদ্যোগে দর্শনার্থীসকলক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কঁহৰা, পাণপুৰত জীপ ছাফাৰী আৰু বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলৰ অধী নৌকা আৰু চাইকেল চলোৱাৰ দৰে ব্যৱস্থাই পর্যটনক অধিক বৈচিত্র্যময় কৰি তুলিছে। এই সকলো উদ্যোগৰ মূল উদ্দেশ্য আছিল স্থানীয় সংস্কৃতি আৰু ঐতিহ্যক আগবঢ়োৱা। ইয়াৰ ফলত কাজিৰঙা এতিয়া এখন 'এক-ভ্রমণ গন্তব্যস্থল' হিচাপে পৰিণত হৈছে, যিয়ে স্থানীয় লোকসকল আৰু পৰ্যটক উভয়ৰে মন জয় কৰিবলৈ সক্ষম হৈছে।
কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিয়ে চলোৱা ইক'-দোকানসমূহে কাজিৰঙা-সম্পৰ্কীয় স্মাৰক সামগ্ৰী আৰু স্থানীয় সমাজৰ উৎপাদিত বস্তুসমূহ প্ৰদৰ্শন কৰি পৰ্যটকসকলৰ বাবে অভিলেখ সৃষ্টি কৰিছে। ইয়াৰ উপৰি পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ জৰিয়তে চিলিমখোলা গাঁও অঞ্চলত হেমটাপ, পাহাৰত ট্রেকিঙৰ দৰে নতুন কাৰ্যসূচী সংযোজন কৰা হৈছে, যিয়ে বহু পর্যটক আকৰ্ষণ কৰিছে। এই পৰ্যটন বৃদ্ধিৰ ফলত স্থানীয় ব্যৱসায়সমূহো লাভান্বিত হৈছে। হোটেল, ৰেষ্টুৰেণ্ট আৰু দোকানসমূহে আয় বৃদ্ধি হোৱা বুলি জনাইছে। এই সফলতাই চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ মাজত সহযোগিতাৰ নতুন সুযোগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ সামগ্রিক অর্থনৈতিক উন্নয়নতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। সঞ্চালকে আৰু জানিবলৈ দিয়া মতে, উপযুক্ত তথ্যৰ ভিত্তিত ক'ব পাৰি যে যোৱা ১০ বছৰত মুঠ পৰ্যটকৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে আৰু বিদেশী পৰ্যটকৰ সংখ্যাও প্রায় দুগুণকৈ বৃদ্ধি পাই চাৰি গুণলৈ উন্নীত হৈছে।
বর্তমান বিদেশী পৰ্যটকৰ অংশীদাৰিত্ব মুঠ পৰ্যটকৰ প্ৰায় ৪.৫ শতাংশলৈ বৃদ্ধি পাইছে, যিটো এক উল্লেখযোগ্য পৰিৱৰ্তন। এই পর্যটক বৃদ্ধিৰ ধাৰা চলিত বৰ্ষৰ এপ্রিল মাহতো অব্যাহত থাকে। এই মাহত মুঠ ৪৯,৩২২জন পর্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল দর্শন কৰে। ইয়াৰ ভিতৰত ২,১১৬ জন বিদেশী পর্যটক আছিল।