ডিজিটেল ডেস্ক: মুম্বাইলৈ যাবলগীয়া হোৱা অসমৰ লোকসকলৰ বাবে এটা সুখবৰ। মুম্বাই মহানগৰীৰ হৃদয়স্থল কটন গ্রীনত ৪.৮ বিঘা মাটি কালি দ্বিতীয় অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক জাহাজ আৰু বন্দৰ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়।
এই নতুন অসম ভৱনে অসমৰ কৰ্কট ৰোগীসকলৰ সহায়-সহযোগিতাৰ উপৰি আন অতিথিসকলৰ বাবে আৱাসৰ সুবিধা প্রদান কৰিব। লগতে ভাৰতৰ আৰ্থিক ৰাজধানী মুম্বাইত অসমক অধিক শক্তিশালীভাৱে প্রতিনিধিত্ব কৰা আৰু ৰাজ্যখনৰ সংস্কৃতি, পৰ্যটন, বাণিজ্য তথা সম্ভাৱনাক প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলি আশা কৰা হৈছে।
অসম চৰকাৰৰ হৈ এই ভূমিখিনি গ্ৰহণ কৰে নগাঁও জিলাৰ জিলা আয়ুক্ত তথা অসম ভৱন, মুম্বাইৰ যুটীয়া আৱাসিক আয়ুক্তৰ অতিৰিক্ত দায়িত্বত থকা দেৱাশীষ শৰ্মাই। তেওঁ ৰাষ্ট্ৰীয় বন্দৰ ন্যাস প্ৰাধিকৰণ, মুম্বাইৰ ইষ্টেট মেনেজাৰৰ পৰা এই ভূমিখিনিৰ স্বত্ব গ্ৰহণ কৰে। এই সম্পর্কে সোধাত তেওঁ কয় যে, নৱী মুম্বাইত থকা অসম ভৱনত উদ্ভৱ হোৱা আৱাসীৰ বৰ্ধিত হেঁচাৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চহৰখনত আৰু এটা অসম ভৱনৰ খুবেই আৱশ্যক হৈ পৰিছিল। এই নতুন অসম ভৱনে অসমৰ পৰা যোৱা আন লোকৰ লগতে চিকিৎসাৰ বাবে যোৱা কৰ্কটৰোগীৰ বৰ্ধিত চাহিদাৰ যথেষ্ট পূৰণ কৰিব পাৰিব বুলি তেওঁ আশা প্রকাশ কৰে।
উল্লেখযোগ্য যে, পূর্বে সুদীর্ঘ কাল মুম্বাইৰ অসম ভৱনতে কৰ্মৰত হৈ থকাৰ সময়ত দেৱাশীষ শৰ্মাই অসমৰ পৰা যোৱা কৰ্কট ৰোগীসকলৰ প্ৰতি অসামান্য সেৱা আগবঢ়াইছিল। তেওঁ উক্ত মাটিডৰাত কালিয়ে অসম ভৱনৰ নামত ছাইনব'ৰ্ড আঁৰি দিয়ে।