বিধানসভাত বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্রী বিমল বড়া, ১০ বছৰত বন্ধ ৪টা ৰাজহুৱা খণ্ডৰ উদ্যোগ

dainik janambhumi July 10, 2026

ডিজিটেল ডেস্ক : যি সময়ত ৰাজ্যৰ উদ্যোগ খণ্ডৰ বিকাশ আৰু বিনিয়োগ নিশ্চিত কৰিবৰ কাৰণে ৰাজ্য চৰকাৰে এডভান্টেজ আছামৰ দৰে বৃহৎ আৰু বিলাসী অনুষ্ঠানেৰে চমক সৃষ্টি কৰিছে সেই সময়তে বিগত ১০ বছৰত ৰাজ্যখনত বন্ধ হৈ গৈছে চাৰিটাকৈ সম্ভাৱনাপূৰ্ণ ৰাজহুৱা খণ্ডৰ উদ্যোগ। 

কালি সদনত বিধায়ক অখিল গগৈৰ এটা প্ৰশ্নৰ উত্তৰত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই জনায় যে যোৱা ১০ বছৰত অসম সংখ্যালঘু উন্নয়ন আৰু বিত্ত নিগম লিমিটেড, অসম প্লান্টেশ্যন ক্রপছ ডেভেলপমেন্ট কৰ্প'ৰেশ্যন, অসম ষ্টেট ফার্টিলাইজাৰ্ছ এণ্ড কেমিকেলছ লিমিটেড আৰু প্রাগজ্যোতিষ সাৰ আৰু ৰাসায়নিক লিমিটেডকে ধৰি চাৰিটা ৰাজহুৱা খণ্ডৰ উদ্যোগ ৰাজ্য চৰকাৰে বন্ধ কৰিছে। কেৱল ইমানেই নহয়, আন এটা প্ৰশ্নৰ উত্তৰত সমবায় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বিধানসভাত তথ্য দিছে যে ৰাজ্যত বর্তমানে ৩৪৯৯খন সমবায় সমিতি নিষ্ক্রিয় হৈ আছে। ৰাজ্যত ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু সমবায় সমিতিসমূহৰ এই দুৰৱস্থাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ উদ্যোগ শেহতীয়াকৈ গঢ়ি উঠিছে। 

মন্ত্রী বিমল বড়াই কালি সদনত জানিবলৈ দিয়ে যে ৭ জুলাই পর্যন্ত ৰাজ্যত ১২,০৭,১৭৭টা পঞ্জীয়নভুক্ত মজলীয়া, ক্ষুদ্ৰ আৰু অতি ক্ষুদ্র উদ্যোগ আছে। ইয়াৰে ৫৩৫টা মজলীয়া, ৭০৭০টা ক্ষুদ্র, ১১,৯৯,৫৭২টা অতি ক্ষুদ্ৰ আৰু ৮৫টা বৃহৎ উদ্যোগ আছে। মন্ত্রীজনে লগতে এই তথ্যও দিয়ে যে বর্তমান ২৮৩টা ব্যক্তিগত উদ্যোগক ভূমি আবণ্টন দিয়া আছে, জিলা পর্যায়ত ৪৯৪টা উদ্যোগ স্থাপনৰ কাম সম্পূৰ্ণ হৈছে আৰু অসম উদ্যোগ-বিনিয়োেগ নীতিৰ অধীনত স্বাক্ষৰিত ৬৫টা উদ্যোগৰ ভিতৰত বর্তমানলৈকে ১৭টা উদ্যোগে উৎপাদন আৰম্ভ কৰিছে।

Share This