৩০গৰাকীতকৈ কম শিক্ষার্থী, শিৱসাগৰত বন্ধ হ'ব ৪৫৮খন প্রাথমিক বিদ্যালয়

dainik janambhumi June 15, 2026

ডিজিটেল ডেস্ক : অসমত ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাক লৈ পুনৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। এইবাৰ ঐতিহাসিক শিৱসাগৰ জিলাত ৩০ গৰাকীতকৈ কম শিক্ষার্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰ জৰিয়তে বৃহৎ সংখ্যক প্রাথমিক বিদ্যালয় বন্ধ হোৱাৰ আশংকাই শিক্ষক-শিক্ষার্থী, অভিভাৱক আৰু সচেতন মহলক চিন্তিত কৰি তুলিছে।

শেহতীয়াকৈ প্রাথমিক শিক্ষা সঞ্চালকে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰাথমিক শিক্ষা বিষয়ালৈ জাৰি কৰা জৰুৰী নিৰ্দেশনা অনুসৰি কম শিক্ষার্থী থকা বিদ্যালয়সমূহৰ তথ্য সংগ্ৰহ আৰু একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই নির্দেশনা অনুসৰি, কেৱল শিৱসাগৰ জিলাতেই ৪৫৮ খন প্রাথমিক বিদ্যালয় একত্ৰীকৰণৰ আওতালৈ অহাৰ সম্ভাৱনা দেখা দিছে। প্রাপ্ত তথ্য অনুসৰি, জিলাখনৰ চাৰিটা শিক্ষাখণ্ডৰ ভিতৰত আমগুৰিত ১২৩ খন, ডিমৌত ১০২ খন, খেলুৱাত ১১৭ খন আৰু নাজিৰাত ১১৬ খন বিদ্যালয়ত বর্তমান ৩০গৰাকীতকৈ কম শিক্ষার্থী অধ্যয়ন কৰি আছে। ফলত এই বিদ্যালয়সমূহ বন্ধ বা একত্ৰীকৰণৰ সম্ভাৱনাই স্থানীয় ৰাইজৰ মাজত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও শিক্ষার্থী সংখ্যা কম থকাৰ অজুহাতত ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে শিৱসাগৰ জিলাতো কেইবা শতাধিক বিদ্যালয় বন্ধ বা একত্ৰীকৰণ কৰা হৈছিল। এইবাৰ পুনৰ বৃহৎ সংখ্যক বিদ্যালয় একত্ৰীকৰণৰ পদক্ষেপে ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ভৱিষ্যতক লৈ প্ৰশ্নৰ উদ্ভৱ কৰিছে। বিশেষকৈ আর্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ বাবে এই সিদ্ধান্তই নতুন সমস্যাৰ সৃষ্টি কৰিব বুলি অভিভাৱকসকলে আশংকা প্রকাশ কৰিছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সন্তানক পঢ়ুৱাবলৈ অসমৰ্থ বহু অভিভাৱকৰ বাবে চৰকাৰী বিদ্যালয়েই একমাত্ৰ ভৰসাস্থল। এনে পৰিস্থিতিত বিদ্যালয়সমূহ একত্ৰীকৰণ বা বন্ধ হ'লে শিক্ষাৰ্থীসকলৰ শিক্ষা গ্রহণত বিঘিনি ঘটিব বুলি মত প্রকাশ কৰিছে সচেতন মহলে। বৌদ্ধিক মহলৰ একাংশই কয় যে শিক্ষক-শিক্ষয়িত্রীসকলক বিভিন্ন অনাশৈক্ষিক দায়িত্বৰ পৰা মুক্ত কৰি পাঠদানত অধিক সময় ব্যয় কৰাৰ সুযোগ প্রদান কৰা হ'লে বহু বিদ্যালয়ৰ শিক্ষাৰ মান আৰু শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছিল। সেয়ে বিদ্যালয় বন্ধ বা একত্ৰীকৰণৰ পৰিৱৰ্তে শিক্ষাৰ মান উন্নয়ন আৰু ভৰ্তি বৃদ্ধি কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা উচিত। ঐতিহাসিকভাৱে শিক্ষাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা পালন কৰা শিৱসাগৰ জিলাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ এই অৱস্থাক শিক্ষানুৰাগী ৰাইজে সহজে মানি ল'ব নোৱাৰিব বুলি বিভিন্ন মহলে মতপ্রকাশ কৰিছে। 

চৰকাৰে কৌশলীভাৱে ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহ সংকুচিত কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰি সচেতন নাগৰিকসকলে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ দাবী জনাইছে। ইফালে, বিদ্যালয়সমূহ জীয়াই ৰখা আৰু গ্রামাঞ্চলৰ শিক্ষাৰ্থীসকলৰ শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত শিৱসাগৰ জিলা শিক্ষা বিভাগ, জিলা আয়ুক্ত তথা ৰাজ্য চৰকাৰক শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজে।

Share This