ডিজিটেল ডেস্ক : অসম চৰকাৰে ঘোষণা কৰা গ্ৰন্থবর্ষ-২০২৫ৰ সৈতে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি আয়োজন কৰা অভিলাষী প্রকল্প 'গ্রন্থবর্ষ-২০২৫ ফেল'শ্বিপ' প্রাপকসকলৰ নাম ঘোষণা কৰা হৈছে। বিশিষ্ট লেখক, অভিধান প্রণেতা, অসম প্রকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ অধ্যক্ষতাত গঠিত দহজনীয়া সমিতিয়ে দীর্ঘদিনীয়া বাছনী প্ৰক্ৰিয়াৰ জৰিয়তে ফেল'শ্বিপপ্রাপক দৈনিক জনমভূমিৰ দেওবৰীয়া আলোচনী 'বসুন্ধৰা'ৰ সম্পাদক শাংকব কৌশিক বৰুৱাসহ ৪৯ গৰাকী লেখকৰ তালিকা প্রস্তুত কৰি উলিয়াইছে।
উল্লেখযোগ্য যে কাকতখনৰ যোৰহাটৰ 'ডেস্ক ইনচার্জ' শাংকব কৌশিক বৰুৱা দীর্ঘদিন ধৰি সম্পাদনা আৰু সাংবাদিকতাৰ সমান্তৰালভাৱে গল্প ৰচনাৰ সৈতেও জড়িত। সেয়ে তেওঁৰ গদ্য মেদবর্জিত কিন্তু সৃষ্টিশীল সাহিত্যৰ নিজস্ব সোৱাদেবে চহকী। কেইবাখনো গ্রন্থৰ লেখক বৰুৱাই অসম চৰকাৰৰ 'লেখক সম্বর্ধনা' লাভ কৰাৰ লগতে অসম সাহিত্য সভাৰ 'মহানন্দ-শশীপ্রভা বৰুৱা সোঁৱৰণী বঁটা', চি এন ই এছৰ নেশ্যনেল মিডিয়া ফেল 'শিপ, সাহিত্য অকাদেমিৰ ভ্ৰমণ অনুদান, বোহিণী মেধি সোঁৱৰণী সাংবাদিক বঁটাকে ধৰি একাধিক সন্মানেৰে সম্মানিত হৈছে। ইফালে অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই কালি এই কথা সদৰী কৰি জনাইছে যে পৰিষদে অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে অসমৰ জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ বাবে মুঠ বাইশটা বিষয় ধাৰ্য কৰি লেখকসকলৰ পৰা আহ্বান কৰা পাণ্ডুলিপিসমূহৰ পৰা বিচাৰকসকলে এই লেখকসকলক নির্বাচিত কৰে। বিভিন্ন বিষয়ৰ ফেল শ্বিপৰ বাবে ৫১ ২গৰাকী লেখকৰ পৰা মুঠ ৫৪৭টা পাণ্ডুলিপি জমা পোৱা গৈছিল। উক্ত পাণ্ডুলিপিসমূহ পৰীক্ষা কৰি বিচাৰকসকলে ৪৯গৰাকী লেখকৰ পাণ্ডুলিপি নির্বাচন কৰে। ফেল'শ্বিপ প্রাপকসকলৰ ভিতৰৰ অন্যতম শংকব কৌশিক বৰুৱাৰপাণ্ডুলিপিৰ শিৰোনাম হৈছে 'ৰিবেল চন অব কংগ্ৰেছ': হৰেশ্বৰ গোস্বামী'।
অসমীয়া ভাষাত ফেল'শ্বিপ লাভ কৰা আনসকল হৈছে ক্রমে প্রকল্প ৰঞ্জন ভাগৱতী (কথা কোৱা ঘোঁৰা), তুতুল মানৱ (মনৰ জগত), নাং অজন্তা বুঢ়াগোহাঞি (অসমৰ সাতোটা টাই জনগোষ্ঠী), নৱজ্যোতি পাঠক (সভা: অবিভক্ত কামৰূপৰ অনন্য সামাজিক ঐতিহ্য), ৰংমন ৰংদৈ (ৰমেশ বৰুৱা) (তোমালোক নিৰোগী হোৱা), বিদ্যুৎ বৰুৱা (বাত্ময় প্রাচীৰ), বিনয় মোহন শইকীয়া (বৈষ্ণৱ, শৈৱ আৰু গৌণ ধর্মমতসমূহ) (অনুবাদ), ববিতা ফুকন (কাজিৰঙাৰ দুৰন্ত প্রেমিক ডাঃ ৰবীন বেনাৰ্জী), সত্যব্রত বৰা (মহাকাশৰ সীমনা বিচাৰি), অপৰাজিতা পূজাৰী (দেৱীমাতৃকা কামাখ্যা) (অনুবাদ), শশীধৰ দেউৰী (দেউৰী জাতিৰ সংস্কৃতি), নকুল কুর্মি (ভাৰতৰ স্বাধীনতা আন্দোলনত চাহ জনগোষ্ঠীৰ অৱদান), ড° কর্মী নাথ (ডালু জনগোষ্ঠী), অতুল মজুমদাৰ (বিবর্তিত নাট্য ইতিহাসৰ আলোকত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ), সঞ্জীৱ সভাপণ্ডিত (ভূমিৰ পৰা ভূমালৈ), চয়নিকা দত্ত (সাহিত্য আৰু প্রযুক্তি), প্রীতিৰেখা ভূঞা (স্বপ্নবাসৱদত্তা) (অনুবাদ), ড° ভূপেন্দ্র ৰায়চৌধুৰী (ভাৰতীয় সংস্কৃতিৰ দিগদর্শন), নীলিমা গোস্বামী শৰ্মা (আনন্দৰাম ঢেকিয়াল ফুকন), ৰাজীৱ শর্মা (অসমীয়া ব্রাহ্মণৰ ইতিবৃত্ত), ৰমানন্দন বৰা (হিন্দু ধৰ্মৰ প্রতীক: আধুনিক বিচাৰ), জিন্তু গীতার্থ (ডিমাছা লোকগাথা, সমাজ, সংস্কৃতি), পুলিন কলিতা (আমবাৰীৰ ঐতিহ্য), ড° গজেন্দ্ৰ অধিকাৰী (শিলালিপি আৰু তাম্রফলিত পুৰণি কামৰূপ), দীপক কুমাৰ কলিতা (ভাৰতৰত্ন সত্যজিৎ ৰায়), নিভা শইকীয়া (প্রাচ্যবিদ্যার্ণৱ কৃষ্ণকান্ত সন্দিকৈ), ড° মৃদুস্মিতা ফুকন (সমকালীন অসমৰ প্রেক্ষাপটত লোকবন্ধু ডাঃ ভুৱনেশ্বৰ বৰুৱা), যতীন মৰাণ (মৰাণ জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি), ড° অনুশ্রী শৰ্মা বৰুৱা (বেলটৰ মাজৰ প্রেম) (অনুবাদ), হৰিবন্ধু বিশ্বাস (নমঃশূদ্র সম্প্রদায়ৰ লোকসংস্কৃতি), গীতিমালিকা নেওগ (জননেতা বিষ্ণুৰাম মেধি), সুবোধমল্ল বৰুৱা (অসমৰ ফুটবল), ব্রজেন্দ্র দেৱ মোহন শৰ্মা (অসমৰ পখিলা), ড° নৱ কুমাৰ চমুৱা (ইকক্রিটিছিজম), বন্দিতা গোস্বামী শর্মা (বেজবৰুৱাৰ জোনাকী আৰু জোৰাসাঁকোকালীন জীৱন), মোহন লাগাচু (মানৱ জাতিৰ পিতৃ আবুতানি), ড° যাদৱ চন্দ্র কলিতা (ভাৰতীয় ঐতিহাত পাৰিপার্শ্বিক মূল্যবোধৰ চেতনা), ইপ্সিতা কন্দলি শর্মা (নাৰী সৱলীকৰণ)। লগতে বাংলা আৰু বড়ো ভাষাতো বহু কেইগৰাকী লেখকে ফেল'শ্বিপ লাভ কৰিছে ।