নলবাৰীত ৫ হাজাৰ বিহুৱা-বিহুৱতীয়ে নাচিলে বিহু, মহকুমা বিহু সন্মিলনীৰ উদ্যোগ

dainik janambhumi April 29, 2026

ডিজিটেল ডেস্ক : একেলগে পাঁচ হাজাৰ বিহুৱা-বিহুৱতীয়ে আজি সন্ধিয়া নলবাৰীৰ গর্ডন খেলপথাৰত বিহু নাচ প্ৰদৰ্শন কৰি এক ৰঙীন পৰিৱেশৰ সৃষ্টি কৰে। ৫৬ সংখ্যক নলবাৰী মহকুমা বিহু সম্মিলনীৰ উদ্যোগত কালি এই বিহু নাচ পৰিৱেশন কৰা হয়। উল্লেখযোগ্য যে কিশোৰ-কিশোৰী আৰু ঢুলীয়া যুৱকৰ সৈতে ৰাংঢালি নাচনীয়ে ঢোলৰ ছেৱে ছেৱে বিহু নাচ পৰিৱেশন কৰি হেঁপাহৰ বহাগক আদৰণি জনায়। 

এই বিহু নাচ উদ্বোধন কৰি ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে আমি আজি ঐক্যবদ্ধ হৈ নলবাৰীৰ গৰ্ডন খেলপথাৰত একেলগে পাঁচ হাজাৰ বিহুৱা-বিহুৱতীৰ বিহু নাচ পৰিৱেশন কৰি আমি অসমৰ কৃষ্টি-সংস্কৃতিক জীপাল কৰিবলৈ অংগীকাৰ লৈছোঁ। বিহু হ'ল অসমৰ কৃষ্টি-সংস্কৃতি। অসমীয়াক সমৃদ্ধ কৰা বিহুৱে অসমৰ জাতীয় জীৱনক সংপৃক্ত কৰি তুলিছে। 

এই অনুষ্ঠানত উপস্থিত থাকি অভিনেত্রী শ্যামন্তিকা শর্মাইও নাচ প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে। উল্লেখযোগ্য যে সোমবাৰে আৰু কালি দুদিনীয়াকৈ নলবাৰীৰ গৰ্ডন খেলপথাৰত ৰঙালী বিহু উদ্যাপন কৰা হৈছে। কালি নিশা বিভিন্ন শিল্পীৰ দ্বাৰা গীত-মাত পৰিৱেশন কৰা হয়।

Share This