মানসিক চাপৰ পৰা উপশম পাবলৈ দৈনিক খাব পাৰে এই পাত, লাভ কৰিব স্বাস্থ্যজনিত এই ৫টা উপকাৰ

Kakali Deka August 21, 2023

ডিজিটেল ডেস্ক : ভাৰতীয় লোকৰ মাজত নেমু অধিক জনপ্ৰিয়। সেয়েহে দৈনন্দিন খাদ্য তালিকা ইয়াৰ ব্যৱহাৰ অধিক দেখিবলৈ পোৱা যায়। দৰাচলতে ওজন হ্ৰাস কৰাৰ উপৰি নেমুৰ আছে স্বাস্থ্যজনিত বহুতো উপকাৰিতা। নেমু আৰু মৌ গৰম পানীত মিহলাই খালে পেটৰ বহুতো সমস্যা দূৰ হয়। কিন্তু আমি বহুতে নাজানো যে নেমুৰ সমান্তৰালকৈ ইয়াৰ পাতৰো আছে বহুতো উপকাৰী গুণ, সেয়েহে আজি আমি নেমুৰ পাতৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানো আহক।

১. দৈনিক নেমুৰ পাত চোবাই খালে মানসিক চাপ হ্ৰাস হয়। কাৰণ এনে বহু গুণ নেমুপাতত পোৱা যায়, যাৰ ফলত মানসিক চাপৰ পৰা উপশম দিয়ে। 
২. নেমুৰ দৰে ইয়াৰ পাততো ভিটামিন-চি পোৱা যায়, যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। ইয়াৰ উপৰি বতৰ পৰিৱৰ্তনৰ সময়ত বিয়পি পৰা সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি।
৩. নেমুৰ পাত চোবাই খালে সহজেই ওজন হ্ৰাস কৰিব পাৰি আৰু যিকোনো ঠাইতে নেমু গছ অতি সহজেই ৰোপণ কৰিব পাৰি।
৪. টেনচনৰ ফলত হোৱা মূৰৰ বিষতো নেমুৰ পাত উপকাৰী বুলি প্ৰমাণিত হয়। দৈনিক নেমুপাত চোবাই খালে মূৰৰ বিষৰ দৰে সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি।
৫. নেমুৰ পাতত ভিটামিন-চি থাকে, যিটো ছালৰ উজ্বলতাৰ বাবে উপকাৰী।

Share This