ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই বিভীষিকা নমাই আনিছে ভাৰতীয় নাৱিকসকললৈ। ইতিমধ্যে মাত্র এসপ্তাহৰ ভিতৰত ৰুছ-ইউক্রেইন যুদ্ধৰ ফলত কৃষ্ণসাগৰত বাণিজ্যিক জাহাজত হোৱা আক্রমণত ৫জনকৈ ভাৰতীয় নাৱিকে প্রাণ হেৰুৱাইছে।
ইফালে শনিবাৰে চাৰিজন ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া এখন বাণিজ্যিক জাহাজত ইউক্রেইনৰ ওদেশা বন্দৰত আক্ৰমণৰ ঘটনা সংঘটিত হয়। এই আক্রমণত ছজন নাৱিক নিৰাপদে থকাটো নিশ্চিত হৈছে যদিও আন দুজন ভাৰতীয় নাৱিকৰ তথ্য এতিয়াও লাভ কৰা হোৱা নাই। এম ভি এ জি এন ৰাগনাৰ নামৰ জাহাজখনত হোৱা আক্ৰমণৰ ঘটনাত তীক্ষ্ণ নজৰ ৰাখিছে ইউক্রেইনৰ ভাৰতীয় দূতাবাসে।
ইফালে বাণিজ্যিক জাহাজসমূহত কৰ্মৰত ভাৰতীয় নাৱিকসকলক যুদ্ধ চলি থকা অঞ্চলসমূহত কাম কৰাত সাৱধানতা অৱলম্বনৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে নির্দেশ দিছে। বিশেষকৈ কৃষ্ণসাগৰ অঞ্চলত ভাৰতীয় নাৱিকসকলক দায়িত্ব পালনৰ সিদ্ধান্তৰ পূর্বে ভালকৈ চালি-জাৰি চাবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।