ডিজিটেল ডেস্ক : ভাৰতে আই চি চি পুৰুষৰ টি-২০ ৰেংকিঙত পুনৰায় শীর্ষস্থান দখল কৰিছে। জিম্বাবুৱেৰ বিৰুদ্ধে চলিত তিনিখনীয়া টি-২০ শৃংখলাত ২-০ৰ অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰাৰ সুবাদতে ভাৰতে স্থান উন্নীত কৰে। ইংলেণ্ডৰ হাতৰ পৰা শীর্ষস্থান দখল কৰে ভাৰতীয় পুৰুষ দলে।
উল্লেখযোগ্য যে শেহতীয়াকৈ শ্রেয়াস আয়াৰ বাহিনীক ৪-০ ব্যৱধানত হৰুৱাই ইংলেণ্ড শীর্ষস্থানত উপনীত হৈছিল। ভাৰতে তাৰ আগেয়ে আয়াৰলেণ্ডৰ হাতত ০-২ ব্যৱধানত শৃংখলা হেৰুৱাই ছিল। পিছে হাৰাৰেত জিম্বাবুৱেক প্রথম টি-২০৩ ৭ উইকেটত হৰুৱাই ভাৰতে জয়ৰ ধাৰালৈ ওভতে। আনহাতে, দ্বিতীয় মেচত জিম্বাবুৱেৰ বিৰুদ্ধে ৯০ ৰানত জয়েৰে শংখলাত ২-০ৰ অগ্রগতি লাভ কৰে।
ইফালে, আফ্রিকান দলটোৰ বিৰুদ্ধে দ্বিতীয় টি-২০ মেচত অর্ধশতৰান পূৰ কৰা ভাৰতৰ টপ অৰ্ডাৰৰ বেটাৰ ঈশান কিষাণে বেটাৰৰ তালিকাত ৮৯২ ৰেটিং পইন্টেৰে প্ৰথম স্থান অক্ষত ৰাখিছে। ভাৰতৰে অভিষেক শৰ্মাই ৮৫৮ ৰেটিং পইন্ট গোটাই দ্বিতীয় স্থানত ৰৈছে। তিলক বাৰ্মাই দ্বিতীয় টি-২০ত খৰতকীয়াকৈ অর্ধশতৰান পূৰ কৰি ৭৩৩ পইন্ট লাভকৰি অষ্টম স্থান অক্ষত ৰাখিছে। তদুপৰি জিম্বাবুৱেৰ বিৰুদ্ধে শংখলাৰ পৰা আঁতৰি থকা স্পীনাৰ বৰুণ চক্ৰৱৰ্তীয়ে একমাত্ৰ ভাৰতীয় বলাৰ হিচাপে শীর্ষ ১০ত স্থান পাইছে। তেওঁ ৬৮৩ পইণ্টেৰে পঞ্চম স্থান বাহাল ৰাখিছে।