৫ মাহৰ বিৰতি : পুৰণি কমলাবাৰী ঘাটৰ পৰা পুনৰ চলিব ফেৰী

dainik janambhumi March 21, 2026

ডিজিটেল ডেস্ক: ধাৰাসাৰ বৰষুণৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে আজিৰ পৰা পুনৰ ঐতিহাসিক কমলাবাৰী ঘাটেৰে পুনৰ ফেৰী সেৱা আৰম্ভ হয়। 

বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বৰ্তমান দক্ষিণপাটৰ ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পৰা চলাচল অব্যাহত থকা কমলাবাৰী ঘাটৰ ৰেম্প পানীত বুৰ যোৱাত ঘাটটো পুৰণি কমলাবাৰী ঘাটলৈ তাৎক্ষণিক স্থানান্তৰিত কৰিবলৈ অভ্যন্তৰীণ জল পৰিববণ বিভাগে সিদ্ধান্ত গ্রহণ কৰে। সেই অনুসৰি আজি পুৱা ৭ বজাৰ পৰা সুদীর্ঘ ৫ মাহৰ মূৰত ঘাটটোৰে ফেৰী - চলাচল পুনৰ আৰম্ভ হয়। 

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ অস্বাভাৱিক হাৰত হ্রাস পোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা বৰ্ষৰ অক্টোবৰ মাহত কমলাবাৰী পাৰঘাট প্রথমে দৰবাৰ চাপৰি আৰু পিছলৈ দক্ষিণপাটৰ অফলামুখ ঘাটৰ - ওচৰলৈ স্থানান্তৰকৰণেৰে কমলাবাৰী পাৰঘাটটোৰ সকলোধৰণৰ জল যাতায়াত অব্যাহত ৰাখিছিল। যাৰ পৰিপ্ৰেক্ষিতত পুৰণি কমলাবাৰী পাৰ ঘাটটোকে জীৱিকাৰ আহিলা হিচাপে লৈ জীৱন নিৰ্বাহ কৰি থকা একাংশ লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰি কমলাবাৰী, গড়মূৰ, নামনি মাজুলীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে যোৰহাটলৈ পাৰাপাৰ হ'বলৈ দক্ষিণপাট হৈ যাবলগীয়া হোৱাত সমস্যাৰ সৃষ্টিৰ লগতে যাতায়াতী খৰচো যথেষ্ট বৃদ্ধি পাইছিল। ইফালে, ঘাটটোৰ পৰা পুনৰ ফেৰী চলাচল আৰম্ভ হোৱাত এতিয়া ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে ঘাটটোত দোকান-পোহৰ দি জীৱিকা অৰ্জন কৰি পৰিয়াল পোহপাল দিয়া লোকসকলৰ মুখতো কালি হাঁহি বিৰিঙা পৰিলক্ষিত হৈছে। 

আজিৰ পৰা কমলাবাৰী নিমাতীৰ মাজত ৯ খন ছিংগল ইঞ্জিনৰ ফেৰীৰ চলাচল আৰম্ভ হ'ব আৰু ঘাটটোৰ মাজুলী দিশৰ পৰা পুৱা ৭ বজাৰ পৰা ফেৰী চলাচল আৰম্ভ হয় আৰু ঘাটটোৰ শেষৰখন ফেৰী বিয়লি ৩-৩০ বজাত নিমাতীলৈ চলিব। ইফালে, নিমাতী দিশৰ পৰাও পুৱা ৭-৩০ বজাত ফেৰী চলাচল আৰম্ভ হৈ ৩-৩০ বজাত শেষৰখন ফেৰী কমলাবাৰীলৈ চলিব বুলি অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্রই জানিবলৈ দিয়ে।

Share This