তাৰালাংছ'ত ৫২সংখ্যক কাৰ্বি যুৱ মহোৎসৱ আৰম্ভ

dainik janambhumi February 17, 2026

ডিজিটেল ডেস্ক: উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সর্ববৃহৎ ৫২সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ কালিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। মহোৎসৱক কেন্দ্ৰ কৰি কালি পুৱাৰে পৰা ডিফুৰ সমীপৰ তাৰালাংছ'ৰ কাৰ্বি পীপলছ হলৰ বাকৰিত এক বর্ণিল পৰিৱেশৰ সৃষ্টি হয়।

কাৰ্বি পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ৩৪টা মণ্ডলৰ প্ৰায় দহ সহস্রাধিক চহা শিল্পীয়ে এক মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাৰে পুৱা তাৰালাংছ' জীপাল কৰি তোলে। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিকভাৱে মহোৎসৱৰ কাৰ্যসূচী মুকলি কৰে। এই উদ্বোধনী অনুষ্ঠানত টাইৱান, হাংগেৰী আৰু নেপালৰ দূতাৱাসৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। 

তদুপৰি কেৰালা আৰু অন্ধ্রপ্রদেশৰ এটা সাংস্কৃতিক গৱেষকৰ দলেও কালি এই উদ্বোধনী কার্যসূচীত অংশগ্রহণ কৰে। অহা ১৯ ফেব্ৰুৱাৰীলৈকে মহোৎসৱটি বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। কালি পুৱা মহোৎসৱৰ উদ্যোক্তা কাৰ্বি কালচাৰেল ছ'চাইটিৰ সভাপতি হোমছিং বে'য়ে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতেই কার্বি সংস্কৃতিৰ সৃষ্টিকৰ্তাৰূপে গণ্য কৰা ৰাংছিনা ছাৰপ 'লৈ নৈবেদ্য আগবঢ়াই আন কাৰ্যসূচীসমূহ শুভাৰম্ভ কৰা হয়। সভাপতি হোমছিং বে'য়ে পতাকা উত্তোলনৰ পাছতেই কার্বি জাতীয় সংগীতেৰে তাৰালাংছ' মুখৰিত হৈ পৰে। 

উল্লেখ্য যে বিয়লিৰ পৰা তাৰালাংছ'ৰ লংমিৰজেং, ছেংমিৰজেং মুকলি মঞ্চত বিভিন্ন প্রতিযোগিতাসমূহ আৰম্ভ হয়। ৫২ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে জনজাতীয় গাঁও, বিভিন্ন বিভাগীয় প্রদর্শনী আৰু বাণিজ্যিক স্থলসমূহ মুকলি কৰা হয়। উল্লেখনীয় যে আগন্তুক চাৰিটা দিন কার্বি লোকসংস্কৃতি, নৃত্য-গীত আৰু বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতাৰ লগতে শিপিনীসকলৰ প্রতিযোগিতাই উখল-মাখল কৰি ৰাখিব তাৰালাংছ'ৰ বাকৰি। 

আয়োজক কার্বি কালচাৰেল ছ'চাইটিয়ে সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ সকলো প্ৰান্তৰ জনসাধাৰণৰ অংশগ্রহণ কামনা কৰিছে। এইবাৰ ১৯ তাৰিখৰ অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকর্ষণ হ'ব উজবেকিস্তানৰ সংগীত শিল্পীৰ দলৰ লগতে ইণ্ডিয়ান আইডল খিতাপ বিজয়ী পৱনদ্বীপ।

Share This