ডিজিটেল ডেস্ক: অসমৰ প্রথমটো অসমীয়া চলচ্চিত্ৰৰ গীতৰ ডিজিটেল শ্রব্য অভিলেখাগাৰ কালি আনুষ্ঠানিকভাৱে গুৱাহাটী মহানগৰীৰ নিউ আর্ট প্লেয়াৰ্ছত অনুষ্ঠিত হোৱা এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুকলি কৰা হয়।
গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা অনুষ্ঠান কাৰ্যবাহী বিষয়া হিচাপে ২০১৯ চনত অৱসৰ গ্ৰহণ কৰা বিশিষ্ট চিত্র সমালোচক, লেখক মানবেন্দ্ৰ কুমাৰ বৰুৱাৰ সপোনৰ প্ৰকল্প 'জোনাকী' মুকলি কৰে ৰাজ্যৰ বিশিষ্ট শিল্পী দ্বীপেন বৰুৱা, জে পি দাস, সংগীতজ্ঞ ৰমেন চৌধুৰী, নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য ড° সমুদ্রগুপ্ত কাশ্যপ, ডাউন টাউন বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক তথা চিত্র সমালোচক উৎপল দত্তই।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপর্ণ দাসে আঁত ধৰা উন্মোচনী অনুষ্ঠানৰ পূৰ্বে বন্তি প্রজ্বলন কৰে মনীষা হাজৰিকা, চাৰু কমল হাজৰিকা, অৱনী ৰঞ্জন পাঠক, অৱনী বৰা, উৎপল মেনা প্রমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে। ডাঃ অৱনী গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত আৰম্ভণিতে 'জোনাকী'ত অন্তর্ভুক্ত হোৱা গীতবিলাকৰ চমু আভাস দহ মিনিটৰ এক ভিডিঅ' লাইভযোগে দাঙি ধৰা হয়।
১৯৩৫ চনত মুক্তি পোৱা প্ৰথম অসমীয়া ছবি 'জয়মতী'ৰ পৰা আৰম্ভ কৰি ২০২৬-ত মুক্তি পোৱা ছবিলৈকে প্রায় ৬০০ অসমীয়া চিনেমাৰ দুহেজাৰ গীত সম্পূৰ্ণ একক প্রচেষ্টাৰে সংগ্ৰহ কৰি সেইবোৰ ডিজিটাইজড কৰি পেলোৱা হয়। পুৰণি গ্রাম'ফ'ন ৰেকৰ্ডৰ পৰা সংগৃহীত গীতবোৰৰ 'খেৰ-খেৰ' শব্দ কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত আঁতৰ কৰি পেলোৱা হয়। গীতবোৰৰ লগতে গীতৰ গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পীৰ বিৱৰণো সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰা হৈছে। কেৱল সেয়াই নহয়, গীতবোৰ এম পি-৩ ৰূপত ডিজিটাইজড কৰাৰ উপৰি এম পি- ৪ ৰূপত সংৰক্ষণ কৰা হৈছে, যাতে গীতবোৰৰ গ্রাম'ফ'ন ৰেকৰ্ড বা শ্রব্য কেছেটৰ বেটুপাত কেনেকুৱা আছিল তাৰ আভাস এটাও পোৱা যায়। ৬০ বা ৭০-ৰ দশকৰ বহু চিনেমাৰ গীতৰ গ্রাম'ফ'ন ৰেকৰ্ড পাবলৈ নাই। অথচ এটা সময়ত প্ৰতিঘৰ আঢ্যৱন্ত অসমীয়াৰ ঘৰ শুৱনি কৰি একোটা ৰেকৰ্ড প্লেয়াৰৰ লগতে আছিল অসমীয়া গীতৰ ৰেকৰ্ড।
প্রায় ছবছৰজোৰা পৰিশ্ৰমৰ অন্তত অসমীয়া চিনেমাৰ গীতবোৰৰ ডিজিটেল ৰূপান্তৰ তথা সংৰক্ষণৰ অনন্য প্রয়াস ডিজিটেল শ্রব্য অভিলেখাগাৰ 'জোনাকী'-এ পূর্ণাংগ ৰূপ পায়। নৱপ্ৰজন্মৰ প্ৰতিভূসকলে আজিৰ পৰা ৫০ বছৰৰ পাছতো যাতে গীতবিলাক শুনিব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়ে মানবেন্দ্ৰ কুমাৰ বৰুৱাই গঢ়ি তোলা চলচ্চিত্ৰৰ গীতৰ এই ডিজিটেল শ্রব্য অভিলেখাগাৰ নিঃসন্দেহে এক মাইলৰ খুঁটি হৈ ৰ'ব। তেওঁক এই কার্যত অর্থাৎ 'জোনাকী'লৈ গীত সংগ্ৰহত বিশেষভাৱে সহযোগিতা আগবঢ়ায় ত্রিদিপ গোস্বামী, কাজু মজিদ, ৰুবী সিংহ, মনজিৎ ৰাজকোঁৱৰ, শান্তিপ্রিয়া বৰুৱা, অনুপম চৌধুৰী আৰু প্রয়াত ডাঃ প্রেমানন্দ কলিতাই।