শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ, ৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক

dainik janambhumi April 28, 2026

ডিজিটেল ডেস্ক: চৰকাৰী ইউনিফর্মে বিপদ মাতিছে কণ কণ শিক্ষাৰ্থীৰ স্বাস্থ্যলৈ। কিয়নো ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত শিক্ষা বিভাগে যোগান ধৰা বিনামূলীয়া ইউনিফর্মত অতিমাত্রা পলিয়েষ্টাৰ থকাৰ অভিযোগ উত্থাপন হৈছে। 

জানিব পৰা মতে এইবাৰ চৰকাৰে যোগান ধৰা ইউনিফর্মত কেৱল ৩০-৩৩ শতাংশ কটন মিহলি থকাৰ বিপৰীতে প্ৰায় ৭০ শতাংশ পলিয়েষ্টাৰ মিহলি হৈ আছে। এনে কাপোৰ গৰমত পিন্ধাটো কষ্টকৰ তথা স্বাস্থ্যসন্মত নহয়। এনে কাপোৰ পিন্ধিলে ছাত্র-ছাত্রী বিভিন্ন ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে চৰকাৰে যোগান ধৰা মানহীন ইউনিফৰ্মৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰিছে অভিভাৱকসকলে। আনকি একাংশ লোকে এই ক্ষেত্ৰত আইনী ব্যৱস্থা গ্রহণ কৰাৰো হুংকাৰ দিছে। 

ইফালে পলিয়েষ্টাৰ মিহলি ইউনিফর্ম শিশুৰ বাবে উপযোগী নহয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে শিশু বিশেষজ্ঞ চিকিৎসকসকলেও। কেইবাজনো চিকিৎসকে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰিছে যে শিশুক যদি অধিক পলিয়েষ্টাৰ মিহলি থকা কপোৰ পিন্ধোৱা হয় তেনেহ'লে চর্ম ৰোগ, এলার্জী আদিত শিশু বা কিশোৰ-কিশোৰী আক্রান্ত হ'ব পাৰে। 

ইফালে শিৱসাগৰত এনে নিম্নমানৰ ইউনিফর্ম প্রদানক লৈ অভিভাৱকসকলে তীব্র ক্ষোভ প্রকাশ কৰা দেখিবলৈ পোৱা গৈছে। আনকি এই ক্ষেত্রত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেণ্ড আৰু সদৌ অসম ছাত্ৰ সন্থাক হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে অভিভাৱকসকলে।

Share This