ডিজিটেল ডেস্ক: ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিক ৰেড এলার্ট সমষ্টি হিচাপে চিহ্নিত কৰা হৈছে। এছ'চিয়েশ্যন ফৰ ডেম'ক্রেটিক ৰিফৰ্মছে (এ ডি আৰ) শেহতীয়াকৈ প্রকাশ কৰা এক প্রতিবেদনত যিবোৰ সমষ্টিত তিনিজন বা তাতকৈ অধিক প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ অমীমাংসিত হৈ আছে তেনে সমষ্টিক ৰেড এলাৰ্ট সমষ্টি হিচাপে চিহ্নিত কৰিছে।
প্রতিবেদনখনত উল্লেখ কৰা মতে, উক্ত সমষ্টিকেইটা হৈছে ক্রমে সোণাই, আলগাপুৰ-কাটলিচেৰা, বঢ়মপুৰ (নগাঁও), বিজনী, বিন্নাকান্দি, বোকাখাট, কৰিমগঞ্জ দক্ষিণ আৰু গোৰেশ্বৰ। বৰাক উপত্যকাৰ সোণাই, আলগাপুৰ-কাটলিচেৰাত চাৰিগৰাকী বাকী ছয়টা সমষ্টিতে তিনিগৰাকীকৈ অপৰাধজনিত গোচৰ থকা প্রার্থীয়ে প্রাতিদ্বন্দ্বিতা কৰিছে।
ইফালে এইবাৰৰ নিৰ্বাচনত একাংশ বয়োজ্যেষ্ঠয়ো এঘড়ী যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে। বয়সনো কি, এটা সংখ্যাহে মাত্ৰ বুলি গণ্য কৰি ৭০ ঊর্ধ্বৰ মুঠ ১৪জন প্রার্থীয়ে এইবাৰ নিৰ্বাচনী যুঁজত নামি পৰিছে। প্রতিদ্বন্দ্বিতা কৰা আটাইতকৈ বয়সিয়াল প্রার্থীগৰাকী হৈছে আব্দুল হান্নান। ৭৯ বছৰীয়া হান্নানে বিন্নাকান্দি সমষ্টিত নির্দলীয়ৰূপে থিয় দিছে। তেওঁতকৈ এবছৰে সৰু মহেন্দ্ৰ ধাদুমীয়াই নাহৰকটীয়াত এছ ইউ চি আই (চি)ৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছে। আনহাতে, ৭৫ বছৰীয়া প্রার্থী আছে দুজন। তেওঁলোক হ'ল ডিফু সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা জে আই কাথাৰ আৰু বঢ়মপুৰ সমষ্টিত ৰাজেন গোহাঁই। কাথাৰে বিৰোধী ঐক্যৰ প্ৰাৰ্থী হিচাপে আৰু গোহাঁয়ে অসম জাতীয় পৰিষদৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এওঁলোকতকৈ সৰু ৭৩ বছৰীয়া প্ৰদীপ হাজৰিকাই শিৱসাগৰৰ আসনখনৰ বাবে অসম গণ পৰিষদক প্রতিনিধিত্ব কৰিছে। একেদৰে তেওঁৰ সমবয়সীয়া সুৰেন দৈমাৰীয়ে নিৰ্দলীয় প্রার্থীৰূপে ওদালগুৰিত নিৰ্বাচন খেলাৰ বিপৰীতে ভৱানীপুৰ-সৰভোগ সমষ্টিত ৭২ বছৰীয়া মনোৰঞ্জন তালুকদাৰে, ৰাম কৃষ্ণ নগৰত নিৰ্দলীয় প্রার্থী হিচাপে ৭২ বছৰীয়া যোগেশ দাসে এঘড়ী যুঁজিবলৈ সাজু হৈছে।
শাসকীয় দল বিজেপিৰ হৈ আকৌ ৭১ বছৰীয়া 'তৰুণ' প্রশান্ত ফুকনে ডিব্ৰুগড়ত, ৭০ বছৰীয়া বিজয় কুমাৰ গুপ্তাই মধ্য গুৱাহাটীত আৰু ৭০ বছৰীয়া চন্দ্ৰমোহন পাটোৱাৰীও টিহু সমষ্টি দখলৰ বাবে ওলাই আহিছে। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বয়স ৭০ বছৰ হৈছে যদিও তেৱোঁ বিন্নাকান্দিত নির্বাচন খেলাৰ বাবে ৰণক্ষেত্ৰত নামি পৰিছে। বৰচলাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰা আৰু গোৰেশ্বৰত ভোটাৰ্ছ পার্টি ইণ্টাৰনেশ্যনেলৰ নেতা ৰজত স্বর্গীয়াৰীও ৰৈ থকা নাই। ৭০ বছৰ বয়সতো দুয়ো দুখ-ভাগৰ পাহৰি দেহে-কেহে নামি পৰিছে। মুঠৰ ওপৰত দিছপুৰৰ ৰাজভোগ খোৱাৰ বাবে বয়সকো আওকাণ কৰি ওলাই আহিছে এইসকল জ্যেষ্ঠ নেতা।