ডিজিটেল ডেস্ক : পুনৰ প্ৰকৃতিৰ ওপৰত মাধমাৰ শোধাই অৰুণাচল প্রদেশ চৰকাৰে দুটাকৈ বৃহৎ নদীবান্ধৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। এইক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায় পৰিৱৰ্তন মন্ত্ৰ্যালয়ৰ বন পৰামৰ্শদাতা কমিটীৰ প্ৰস্তাৱে প্রকৃতিপ্রেমীক আচৰিত কৰি তুলিছে। ৰাজ্যখনক প্রাকৃতিক সম্পদে চহকী কৰি ৰখাৰ সময়তে ইটো পাছত সিটো নদীত বান্ধ দি জলবিদ্যুৎ উৎপাদনত গুৰুত্ব দিয়াত প্ৰকৃতিৰ ৰম্যভূমি অৰুণাচলৰ ভৱিষ্যতক লৈও প্রশ্ন উত্থাপন হৈছে।
উল্লেখযোগ্য যে পৰামৰ্শদাতা কমিটীৰ চলিত বৰ্ষৰ যোৱা ৮ মে'ত অনুষ্ঠিত চতুৰ্থ বৈঠকত অৰুণাচল প্ৰদেশৰ দুটা বৃহৎ জলবিদ্যুৎ প্রকল্পত যথাক্রমে ৩৩,৩৩৮জোপা আৰু ৪৭,২৪৩জোপা অর্থাৎ মুঠ ৮০,৫৮১জোপা গছ কটাৰ পক্ষে নীতিগত অনুমোদনৰ প্ৰস্তাৱ দিছে। এই দুটা জলবিদ্যুৎ প্রকল্প ক্রমে কালাই জলবিদ্যুৎ প্রকল্প, দ্বিতীয় পর্যায় (১২০০ মেগাৱাট) আৰু আনটো অটুনলি জলবিদ্যুৎ প্রকল্প (৬৮০ মেগাৱাট)।
উল্লেখযোগ্য যে টি এইচ ডি চি ইণ্ডিয়া লিমিটেডে নিৰ্মাণ কৰিব লগা কালাই জলবিদ্যুৎ প্রকল্পটো আনজাউ জিলাৰ লোহিত নদীত আৰু নামছাই আৰু আনজাউ বন বিভাগৰ অধীনত স্থাপিত হ'ব। মুঠ ৮৬৯.৩৫ হেক্টৰ বনভূমি বিভাজনৰ প্ৰস্তাৱত ১৯৮.০০ মিটাৰ উচ্চতাৰ কংক্রিট গ্রেভিটি বান্ধ নির্মাণৰ পৰিকল্পনা আছে। নামছাই বন বিভাগৰ অধীনত ১৬,৮৪৮ জোপা আৰু আনজাউ বন বিভাগৰ অধীনত ১৬,৪৯০ জোপা, মুঠ ৩৩,৩৩৮ জোপা গছ কটাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্রকল্পটোৱে ২৫খন গাঁৱৰ ২৭৬টা পৰিয়ালক প্ৰভাৱিত কৰিব। প্রকল্পটোৰ মুঠ জলমগ্ন এলেকা ৬৩৮.৪৫৬ হেক্টৰ। আনহাতে, সতলুজ জলবিদ্যুৎ নিগম লিমিটেডে নিমার্ণ কৰিব লগা অটুনলি জলবিদ্যুৎ প্রকল্পটো দিবাং উপত্যকা জিলাৰ টালো (টাংগন) নদীত আনিনি বন বিভাগৰ অধীনত নির্মিত হ'ব। মুঠ ২৬১.৫৩ হেক্টৰ শ্ৰেণীবিহীন বনভূমিত ৪৭,২৪৩ জোপা গছ কটাৰ প্ৰস্তাৱ দিয়া হৈছে।
উল্লেখযোগ্য যে মাত্র ২৬১ হেক্টৰ বনভূমিত গছৰ সংখ্যা ৪৭হাজাৰতকৈ অধিক, অর্থাৎ প্রতি হেক্টৰত গড়ে প্রায় ১৮০ জোপা গছ। অটুনলি প্রকল্পত গছৰ ঘনত্ব তুলনামূলকভাৱে অনেক বেছি, যাৰবাবে উক্ত বনভূমি পৰিৱেশগতভাৱে অধিক সমৃদ্ধ। বৈঠকৰ নথি-পত্র অনুযায়ী কমিটীয়ে নিজেই একাধিক গুৰুত্বপূৰ্ণ পৰিৱেশগত বিষয়ত উদ্বেগ প্রকাশ কৰিছে। কালাই-২ প্রকল্প এলেকাত হলৌ, কেপড লেংগুৰ, চিতাবাঘ, ভালুক আদি বহু বিপন্ন প্ৰাণীৰ বাসস্থান। লগতে White Bellied Heron বিশ্বৰ অন্যতম দুর্লভচৰাইৰ উপস্থিতিৰ কথা নথিত উল্লেখ আছে। অটুনলি প্রকল্প এলেকাটো ইতিমধ্যে অনুমোদন পোৱা এটালিন জলবিদ্যুৎ প্রকল্পৰ উজনিত অৱস্থিত, যাৰ ফলত পৰিৱেশগত প্ৰভাৱ আৰু অধিক গভীৰ।
কালাই-২-ৰ প্ৰস্তাৱিত এলেকা ডি এছ এছ নিয়মৰ অনুযায়ী উচ্চ সংৰক্ষণ মূল্য অঞ্চলত পৰে। কমিটীয়ে নিজেই পৰামৰ্শ দিছে যে মৎস্য বিভাগে মাছৰ বাসস্থান সংৰক্ষণৰ বাবে ফিছ পাছেজ আৰু হেচাৰি স্থাপন কৰিব লাগে, তেওঁলোকেই স্বীকাৰ কৰে যে বান্ধ দুটাই লোহিত আৰু দিবাং নদীৰ মাছ-সমৃদ্ধ পৰিৱেশ ক্ষতিগ্রস্ত কৰিব। আনহাতে, দুয়োটা প্ৰকল্পৰ এলেকাই ভূমিস্খলনপ্ৰৱণ। কমিটীয়ে বিশেষভাৱে নির্দেশ দিছে যে খনন স্থানসমূহৰ ঢাল-স্থিতিশীলতা অধ্যয়ন কৰিব লাগিব। ইয়াৰ লগতে এই দুয়োটা প্ৰকল্পৰ বাবে যি পৰিৱেশতন্ত্ৰৰ ক্ষতি হ'ব, তাৰ ক্ষতিপূৰণ হিচাপে অন্য স্থানত গছপুলি ৰোপণেৰে বন সৃজন কৰিব লাগিব। কালাই প্ৰকল্পৰ ক্ষতিপূৰণ হিচাপে মধ্য প্রদেশত ২১১২ হেক্টৰ ভূমি আৰু অটুনলিৰ ক্ষতিপূৰণ হিচাপে অৰুণাচলৰ পশ্চিম কামেঙত ৫২৩.৭৬ হেক্টৰত বনভূমি সৃষ্টি কৰিব লাগিব। অৰুণাচল প্ৰদেশ ভাৰতৰ সম্ভাব্য জলবিদ্যুৎ উৎপাদনৰ প্ৰায় ৪০ শতাংশ ধাৰণ কৰে।
লোহিত আৰু দিবাং নদী অৱবাহিকাত ইতিমধ্যে একাধিক প্রকল্প পৰিকল্পিত বা নিৰ্মাণাধীন। নথিত স্বীকাৰ কৰা হৈছে যে কালাই-২ প্ৰকল্পৰ ক্ষেত্ৰত লোহিত অৱবাহিকাত ১২টাৰ মাজত ১১টা প্রকল্প অনুমোদনৰ পক্ষে মত দিছে। কিন্তু এই প্রকল্পসমূহৰ প্ৰভাৱ কেনে হ'ব, তাক লৈ পৰিৱেশবিদসকলৰ মহলত প্রশ্ন উঠিছে। একেদৰে অটুনলি প্রকল্প এটালিন প্ৰকল্পৰ উজনিত থকাৰ কাৰণে কমিটী নিজেই উদ্বিগ্ন। পৰিৱেশকর্মী আৰু বিশেষজ্ঞসকলে দীর্ঘদিন ধৰি যুক্তি দি আহিছে যে অৰুণাচলৰ দৰে জৈৱ-বৈচিত্র্যসমৃদ্ধ, ভূমিকম্পপ্ৰৱণ আৰু সীমান্তৱৰ্তী পৰিৱেশত এনে বৃহৎ বান্ধ নিৰ্মাণৰ প্ৰস্তাৱ কোনো কাৰণতেই গ্রহণযোগ্য নহয়।