জাগুনত ৮ শতাধিকৰ বিজেপিত যোগদান, মাৰ্ঘেৰিটা সমষ্টিত নির্বাচনী কার্যালয় মুকলি

dainik janambhumi March 27, 2026

ডিজিটেল ডেস্ক : মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ৰাজনৈতিক পৰিস্থিতি দিনক-দিনে তীব্র হৈ উঠিছে। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ আগ্রাসী ৰাজনৈতিক কৌশল আৰু ধাৰাবাহিক যোগদান কার্যসূচীয়ে সমষ্টিটোত নতুন ৰাজনৈতিক সমীকৰণ গঢ়ি তুলিছে। কালি জাগুনত নির্বাচনী কার্যালয় মুকলি কৰা অনুষ্ঠানত প্রায় ৮ শতাধিক মহিলাই বিজেপিত যোগদান কবে। সদ্য কংগ্রেছত্যাগী নেতা গগৈৰ বৃহৎ যোগদান কার্যসূচী। ৰুবুল গগৈৰ বাসগৃহৰ চৌহদত অনুষ্ঠিত নির্বাচনী সভাত উপস্থিত থাকি ভাস্কৰ শৰ্মাই ৰাইজক সম্বোধন কৰি উন্নয়ন, স্থিতিশীল শাসন আৰু সমষ্টিৰ সামগ্রিক অগ্ৰগতিৰ প্ৰতিশ্রুতি আগবঢ়ায়। 

তেওঁ কয় যে মাৰ্ঘেৰিটাত ইতিমধ্যে বহু উন্নয়নমূলক কাম সম্পন্ন হৈছে আৰু আগন্তুক দিনত ইয়াক অধিক গতিশীল কৰি তোলা হ'ব। ইয়াৰ পাছতে জাগুনৰ ৰাজপথত নির্বাচনী ৰেলী উলিয়ায়। ৰেলীৰ অন্তত ভাস্কৰ শর্মাই জাগুনত মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰথমটো বিজেপিৰ নির্বাচনী কার্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰে। আনহাতে, তেওঁ লিডু অঞ্চলতো কেইবাটাও নির্বাচনী কার্যালয় মুকলি কৰি প্ৰচাৰ চলায়। বুধবাৰে মাৰ্ঘেৰিটাৰ নিউ কলনিত অৱস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এক বিশেষ কার্যসূচীত কংগ্ৰেছ আৰু আন আন দল-সংগঠনৰ পৰা বৃহৎসংখ্যক নেতা-কর্মীয়ে বিজেপিত যোগদান কৰে। 

মাকুমপথাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি মনোজ বৰগোহাঁই, জাগুন মণ্ডল মহিলা কংগ্ৰেছৰ সভানেত্ৰী চিৰঞ্জিতা গগৈ আৰু কেটেতং মণ্ডল কংগ্ৰেছৰ সভাপতি পদম বাহাদুৰ চেত্ৰীৰ নেতৃত্বত প্রায় ২৫০ গৰাকী বিষয়ববীয়া আৰু সদস্যই বিজেপিত যোগদান কৰে। যোগদান কাৰ্যসূচীত বিজেপিৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ বহু শীর্ষ বিষয়ববীয়া উপস্থিত থাকে। উল্লেখযোগ্য যে মাৰ্ঘেৰিটা সমষ্টিত কংগ্ৰেছসহ বিৰোধী শক্তিৰ পৰা ধাৰাবাহিকভাৱে নেতা-কৰ্মীৰ বিজেপিত যোগদানৰ ফলত বিৰোধী শিবিৰ ক্ৰমাৎ দুৰ্বল হৈ পৰিছে।

Share This