বিধানসভাত সীমান্ত সুৰক্ষা বিভাগৰ মন্ত্ৰীৰ তথ্য, ৪ চুবুৰীয়া ৰাজ্যৰ দখলত অসমৰ ৮২ হাজাৰ হেক্টৰ ভূমি

dainik janambhumi July 09, 2026

ডিজিটেল ডেস্ক : চুবুৰীয়া ৰাজ্যই দখল কৰি আছে অসমৰ বৃহৎ পৰিমাণৰ ভূমি। সর্বাধিক ভূমি দখল কৰিছে নগালেণ্ডে। আনহাতে, সীমা-সমস্যাক লৈ চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে আলোচনা অব্যাহত আছে যদিও আজিও সীমা-সমস্যা সমাধান হোৱা নাই। চুবুৰীয়া ৰাজ্যৰ আগ্রাসনৰ ভয়ংকৰ তথ্য কালি পোহৰলৈ আহিছে বিধানসভাৰ মজিয়াত। 

বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এটা লিখিত প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে চুবুৰীয়া ৰাজ্য অৰুণাচল, নগালেণ্ড, মেঘালয় আৰু মিজোৰামে ৰাজ্যৰ মুঠ ৮২৭৫১.৮৬১৮ হেক্টৰ ভূমি দখল কৰি আছে। সেই অনুসৰি অৰুণাচল প্রদেশে ১৬১৪৪.০১১৭হেক্টৰ, নগালেণ্ডে ৫৯৪৯০.২১ হেক্টৰ, মেঘালয়ে ৩৪৪১.৮৬০১ হেক্টৰ আৰু মিজোৰামৰ দখলত আছে ৩৬৭৫.৭৮ হেক্টৰ ভূমি। বিস্তৃত তথ্য দাঙি ধৰি মন্ত্ৰী বৰাই জনাই যে অৰুণাচল প্রদেশে শোণিতপুৰ জিলাৰ ১১০.০০ হেক্টৰ, বিশ্বনাথ জিলাৰ ৪৭৫৬.০০ হেক্টৰ, লখিমপুৰ জিলাৰ ২৪৩৫.০০ হেক্টৰ, ধেমাজি জিলাৰ ৯৯২ হেক্টৰ, তিনিচুকীয়া জিলাৰ ৭২৩৯.০০ হেক্টৰ, ডিব্ৰুগড় জিলাৰ ১০.০০ হেক্টৰ, চৰাইদেউ জিলাৰ ৬০২.০১১৭ হেক্টৰ ভূমি দখল কৰিছে। একেদৰে নগালেণ্ডে যোৰহাট জিলাৰ অন্তৰ্গত ১৪০৭৯.১৪ হেক্টৰ, শিৱসাগৰ জিলাৰ ৮৮২৯.০০ হেক্টৰ, গোলাঘাট জিলাৰ ৩৬২৯৪.০৭ হেক্টৰ, চৰাইদেউ জিলাৰ ২৮৮.০০ হেক্টৰ ভূমি নিজৰ দখললৈ নিছে। 

আনহাতে, মেঘালয়ে গোৱালপাৰা জিলাৰ ৩৩.৮১৫৬ হেক্টৰ, কাছাৰ জিলাৰ ৬০২.০১১৭হেক্টৰ, কামৰূপ জিলাৰ ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ৩.৩৫০৫ হেক্টৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ২০০০ হেক্টৰ দখল কৰি আছে। মিজোৰামেও হাইলাকাণ্ডি জিলাৰ ১০২৩.৫০ হেক্টৰ, শ্রীভূমি জিলাৰ ৩৭৭.৫৮ হেক্টৰ আৰু কাছাৰ জিলাৰ ২২৭৪.৭০ হেক্টৰ ভূমি দখল কৰিছে। ইফালে সীমান্তৰ ৰাজ্যসমূহৰ লগত হৈ থকা দীর্ঘদিনীয়া সীমা-বিবাদৰ লগতে বেদখল কৰি থকা অঞ্চলসমূহ বেদখলমুক্ত কৰিবলৈ অসম চৰকাৰে চুবুৰীয়া ৰাজ্যসমূহৰ লগত আলোচনা চলাই থকাৰ কথা ব্যক্ত কৰি মন্ত্ৰী বৰাই কয় যে অসম চৰকাৰে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ উপদেশ মর্মে মেঘালয় চৰকাৰ আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত সীমা বিবাদ নিষ্পত্তি কৰিবলৈ চুক্তি স্বাক্ষৰ কৰিছে। 

অসম-মেঘালয়ৰ মাজৰ বিবদমান ১২টা এলেকাৰ ৬টা অঞ্চল সীমা বিবাদ নিষ্পত্তি হৈছে। সেইদৰে অসম-অৰুণাচল প্ৰদেশৰ মুঠ ৮০৪.১০ কিল'মিটাৰ দৈৰ্ঘ্যৰ সীমা বিবাদ নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ চৰকাৰে ইতিমধ্যে এখন চুক্তি স্বাক্ষৰ কৰিছে। অসম আৰু মিজোৰাম ৰাজ্যৰ ক্ষেত্ৰত মিজোৰামে দাবী কৰা ভূমি এলেকাৰ সীমা-সমস্যা নিষ্পত্তি কৰিবলৈ দুয়োখন ৰাজ্যৰ মাজত ভিন্ন পর্যায়ত আলোচনা চলি আছে। 

উল্লেখযোগ্য যে অসম আৰু নগালেণ্ড ৰাজ্যৰ ক্ষেত্ৰত সীমা-সমস্যা বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। যাৰ বাবে আজিলৈকে নগালেণ্ডৰ সৈতে সীমাক লৈ আনুষ্ঠানিকভাৱে আলোচনা অনুষ্ঠিত হোৱা নাই। অথচ চুবুৰীয়া ৰাজ্যকেইখনৰ ভিতৰত সৰ্বাধিক ভূমি দখল কৰা ৰাজ্যখনেই হল নগালেণ্ড।

Share This