ৰজা হৰ্জৰ বৰ্মনৰ শিলালিপি সংৰক্ষণ কৰিব শোণিতপুৰ প্ৰশাসনে, সংস্কৃত ভাষাত খোদিত ৯ শৰীয়া তেজপুৰ শিলালিপি

dainik janambhumi June 29, 2026

ডিজিটেল ডেস্ক : ঐতিহাসিক তেজপুৰৰ হৰ্জৰ বৰ্মনৰ শিলালিপি সংৰক্ষণৰ বাবে পদক্ষেপ গ্রহণ কৰিছে শোণিতপুৰ জিলা প্রশাসনে। বিভিন্ন দিশত মহত্ত্ব আৰু গুৰুত্ব প্রতিপন্ন হোৱা এই বিশেষ শিলালেখ বা শিলালিপিখন সংৰক্ষণৰ বাবে কালি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে একাংশ বিষয়া-কর্মচাৰীক লগত লৈ উপস্থিত হয় ব্ৰহ্মপুত্ৰৰ পানী যুঁৱলিৰ সেই ৰুদ্ৰপদ অৰ্থাৎ ভৈৰৱপদৰ ঐতিহাসিক স্থানত। ব্ৰহ্মপুত্ৰৰ পানীৰ মাজত এটা প্রকাণ্ড শিলত খোদিত হৈ থকা সেই বিখ্যাত শিলালিপিখন শিলটোৰে সৈতে কেনেকৈ সংৰক্ষণ কৰিব পাৰি আৰু ইতিহাস অনুসন্ধিৎসু দেশী-বিদেশী পর্যটকসকলে কেনেদৰে কাষলৈকে গৈ সেই শিলালিপি প্রত্যক্ষ কৰি ইয়াৰ ওপৰত গৱেষণা কৰিব পাৰিব, সেই দিশ পৰ্যবেক্ষণ কৰে। 

তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস আৰু প্রাক্তন সভাপতি বিশিষ্ট ঔপন্যাসিক ড° ভূপেন শইকীয়াৰ নেতৃত্বত উপ-সভাপতি দ্বীজেন নাথ, কার্যনির্বাহক সদস্য দুলাল গোস্বামী আৰু সম্পাদক ড° পল্লৱ ভট্টাচাৰ্যৰ উপস্থিতিত এটা সঁজাতী দলে ২৬ জুনত শোণিতপুৰৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসক সাক্ষাৎ কৰি বর্তমান অবলুপ্তপ্রায় অৱস্থাত পতিত হোৱা শালস্তম্ভ বংশীয় ৰজা হৰ্জৰ বৰ্মনে জাৰি কৰা ঐতিহাসিক ৯ শৰীয়া শিলালিপিখন সংৰক্ষণৰ অনুৰোধ জনাই স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। কালি দুপৰীয়া জিলা আয়ুক্তগৰাকীয়ে লোকনির্মাণ বিভাগৰ অভিযন্তাসহ আন বিষয়ববীয়া আৰু তেজপুৰ সাহিত্য সভাৰ উপ-সভাপতি দ্বীজেন নাথ, সম্পাদক ড° পল্লৱ ভট্টাচাৰ্য আৰু প্ৰাক্তন সম্পাদক পংকজ বৰুৱাসহ শিলালিপি থকা শিলটো প্রত্যক্ষ কৰি ইয়াক সংৰক্ষণৰ বাবে সকলো দিশ পৰ্যবেক্ষণ কৰাৰ পাছত সাংবাদিকৰ আগত জিলা আয়ুক্তগৰাকীয়ে জলসম্পদ বিভাগৰ লগতে পুৰাতাত্ত্বিক, লোকনির্মাণ বিভাগৰ যৌথ প্রচেষ্টাত এই গুৰুত্বপূৰ্ণ শিলালিপিখন জিলা প্রশাসনে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বাৰিষাৰ পাছতেই পদক্ষেপ গ্রহণ কৰা হ'ব বুলি জনায়। জিলা আয়ুক্তগৰাকীয়ে পানীৰ মাজত শিলালিপিখন দেশী-বিদেশী পর্যটকে চাব পৰাকৈ কাষত এটা পকী গাইড বান্ধ নিৰ্মাণ কৰি এখন সেতু নিৰ্মাণৰ জৰিয়তে সুকলমে কাষলৈ যাব পৰাকৈ আৰু ভৱিষ্যতে পানী আৰু খহনীয়াই যাতে শিলালিপিখন নষ্ট কৰিব নোৱাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা বিশেষজ্ঞৰ দ্বাৰা প্রকল্প প্রস্তুত কৰিব বুলিও মন্তব্য কৰে। 

আনহাতে, এই সন্দর্ভত অচিৰেই তেজপুৰৰ বিশিষ্ট পুৰাতত্ত্ববিদসহ একাংশ সচেতন লোকক লৈ এখন নিৰীক্ষণ আৰু তদাৰক সমিতিও গঠন কৰিব বুলি মন্তব্য কৰে। আনহাতে, জিলা আয়ুক্তগৰাকীক সাক্ষাৎ কৰা সঁজাতী দলটোৰ অন্যতম তেজপুৰ সাহিত্য সভাৰ সম্পাদক তথা ইতিহাস বিভাগৰ অধ্যাপক ড° পল্লৱ ভট্টাচাৰ্যই বিষয়টোৰ সন্দর্ভত প্রাচীন অসমৰ দ্বিতীয়টো ঐতিহাসিক ৰাজবংশ শালস্তম্ভ ৰাজবংশৰ এগৰাকী প্রবল প্রতাপী ৰজা হৰ্জৰ বৰ্মনে জাৰি কৰা এখন শিলালেখ, যিখনক পাছলৈ ইতিহাসবিদসকলে 'তেজপুৰ শিলালিপি' ৰূপে নামকৰণ কৰিছিল। কালি ব্ৰহ্মপুত্ৰৰ পাদদেশত পানীৰ যুঁৱলিত পৰি অৱলুপ্তপ্রায় অৱস্থাত পতিত হৈছে বুলি কয়। ড° ভট্টাচার্যই এই শিলালিপিখনত উল্লেখিত চন ৫১০ গুপ্তাব্দ (৮২৯খ্রীঃ)ক ভিত্তি কৰিয়েই প্রাচীন অসমৰ তিনিওটা ৰাজবংশৰ (বৰ্মন, শালস্তম্ভ, পাল) ৰজাসকলৰ ৰাজত্বকালৰ আনুমানিক সময় নির্ধাৰণ কৰিব পৰা গৈছিল বুলি মন্তব্য কৰে। 

সংস্কৃত ভাষাত ৰচিত ৯ শৰীয়া এই শিলালিপিখন তেজপুৰৰ পৰ্যটনৰ দিশৰ পৰাও গুৰুত্বপূৰ্ণ। বর্তমানে জিলা আয়ুক্তগৰাকীয়ে তেজপুৰ চহৰখনৰ সৌন্দৰ্যবর্ধন, উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ তেজপুৰ সাহিত্য সভাই লক্ষ্য কৰি আছে বুলি মন্তব্য কৰি ইতিহাস সচেতন আৰু এগৰাকী সংবেদনশীল ব্যক্তি ৰূপে জিলা আয়ুক্তগৰাকীয়ে তাৎক্ষণিকভাৱে পদক্ষেপ গ্ৰহণ কৰাত জিলা আয়ুক্তগৰাকীৰ শলাগ লয়।

Share This