৯১ বছৰত অসমীয়া চিনেমা, তেজপুৰত 'জয়মতী'ৰ বর্ষপূর্তি পালন

dainik janambhumi March 11, 2026

ডিজিটেল ডেস্ক: চাওঁতে চাওঁতে অসমীয়া চিনেমাই অতিক্রম কৰিলে ৯১টা বছৰ। ১০ মাৰ্চৰ দিনটোতে ৯১টা বছৰ সম্পূৰ্ণ কৰি নতুন মাইলৰ খুঁটি স্থাপন কৰিলে অসমীয়া চিনেমাই। ১৯৩৫ চনৰ ১০ মার্চত মুক্তি পাইছিল প্রথমখন অসমীয়া ছবি 'জয়মতী'য়ে। 

অসমৰ প্ৰাণৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি এই 'জয়মতী' ছবিখন। এই ছবিৰ যাত্ৰাৰে আজি অসমীয়া ছবিয়ে লাভ কৰিছে নতুন প্রাণ। কলিকতাৰ ৰৌণাক ছবিঘৰত 'জয়মতী' মুক্তি পোৱাৰ পাছতে ৰাজ্যখনত আৰম্ভ হৈছিল অসমীয়া ছবি উদ্যোগৰ যাত্রা। 'জয়মতী 'ৰে আৰম্ভ হোৱা এই যাত্ৰাৰে অসমীয়া ছবি উদ্যোগৰ গুৰি ধৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। 
চিত্ৰলেখা মুভীটোনৰ বেনাৰত নিৰ্মাণ কৰা হৈছিল এই ছবিখন। দেশৰ তৃতীয়খন সবাক ছবি আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী'। 

জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল ছবিখনৰ চিত্ৰনাট্য। পৰিচালনা, প্রযোজনা, সম্পাদনাৰ লগতে ছবিখনৰ সংগীত ৰচনা আৰু পৰিচালনাও কৰিছিল তেওঁ। ছবিখনৰ নৃত্য পৰিচালনা আৰু কলা নির্দেশনা আদি দিশসমূহৰো তত্ত্বাবধান কৰিছিল জ্যোতিপ্রসাদ আগৰৱালাই। ছবিখনৰ বিভিন্ন অভিনয় শিল্পীৰ মাত-কথা বাণীবদ্ধ কৰিছিল নির্মাতা-পৰিচালকগৰাকীয়ে। অৱশ্যে ছবিখনৰ বাজেট ৬০ হাজাৰ টকা ব্যয় কৰিলেও বাণিজ্যিকভাবে লাভৰ মুখ নেদেখিলে এই ছবিখনে। তথাপি দ্বিতীয়খন অসমীয়া ছবি 'ইন্দ্ৰমালতী'বো জন্ম দিয়ে জ্যোতিপ্ৰসাদ আগৰৱালাই। ১৯৩৯ চনত মুক্তিলাভ কৰে 'ইন্দ্রমালতী' ছবিখনে। 

১৯৪১ চনত মুক্তিলাভ কৰে তৃতীয়খন অসমীয়া ছবি 'মনোমতী'। দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৰিস্থিতিৰ মাজত এনেদৰে ছবি নির্মাণ কৰাটো আছিল তীব্র প্রত্যাহ্বান। পিছে এই প্রত্যাহ্বানকো মূৰ পাতি লৈছিল পৰিচালক ৰোহিণী কুমাৰ বৰৱাই। ১৯৪৪ চনত পার্বতিপ্রসাদ বৰুৱাই নিৰ্মাণ কৰে চতুর্থখন অসমীয়া ছবি 'ৰূপহী'। ১৯৪৬ চনত কমল নাৰাষণ চৌধুৰীয়ে নিৰ্মাণ কৰি উলিয়ায় 'বদন বৰফুকন'। ১৯৪৮ চনত মুক্তিলাভ কৰে ফণী শৰ্মাৰ 'ছিৰাজ', সুৰেশ গোস্বামীৰ 'ৰণুমী' আৰু সুনীল গাংগুলীৰ 'বেউলা'। ১৯৪৯ চনত মুক্তিলাভ কৰা প্ৰবীণ ফুকনৰ 'পাৰঘাট' ছবিৰ পৰাই আৰম্ভ হয় আগতীয়া বুকিং ব্যৱস্থা। ১৯৫৫ চনত মুক্তিপ্রাপ্ত ফণী শৰ্মাৰ 'পিয়লি ফুকন' ছবিৰ সংগীত পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল ড° ভূপেন হাজৰিকাই। ১৯৫৮ চনত মুক্তিপ্রাপ্ত 'ৰঙা পুলিচ' হৈছে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি। ১৯৫৬ চনত মুক্তিলাভ কৰা ড° ভূপেন হাজৰিকা পৰিচালিত প্রথম ছবি 'এৰা বাটৰ সুৰ' অন্যতম জনপ্রিয় ছবি। ১৯৫৯ চনত মুক্তিপ্রাপ্ত প্রভাত মুখার্জীৰ 'পূবেৰণ' ছবিখনে লাভকৰিছিল ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক। এই ছবিখন হৈছে বিদেশত প্রদর্শিত প্রথমখন অসমীয়া চিনেমা। ছবিখন ১৯৬০ চনত বার্লিন মহোৎসৱত প্রদর্শিত হৈছিল। বাণিজ্যিকভাবে এখন সফল অসমীয়া ছবি আছিল ১৯৬৯ চনত মুক্তিপ্রাপ্ত 'ডক্টৰ বেজবৰুৱা'। 'ডক্টৰ বেজবৰুৱা 'ই প্রথম অসমীয়া ছবিৰূপে লাভ কৰে অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। 

১৯৮৭ চনত শ্রেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমখন অসমীয়া ছবি হৈছে 'হালধীয়া চৰায়ে বাওধান খায়'। ড° ভবেন্দ্র নাথ শইকীয়াই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাপ্রাপ্ত তখন অসমীয়া ছবি 'সাৰথি', 'আবর্তন', আৰু 'ইতিহাস'। '৮০ৰ দশকত শিৱপ্ৰসাদ ঠাকুৰৰ 'বোৱাৰী' আৰু 'সোণ মইনা', নিপ বৰুৱাৰ 'ককাদেউতা নাতি আৰু হাতী', জন্‌ছ মহলীয়াৰ 'ব'হাগৰ দুপৰীয়া', ধীৰু ভূঞাৰ 'প্ৰথম ৰাগিনী' আদি উল্লেখযোগ্য ছবি। '৯০ দশকত জাহ্নু বৰুৱাৰ 'সাগৰলৈ বহু দূৰ', 'কুশল', আৰু 'পখী'য়ে লাভ কৰে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা। 'সাগৰলৈ বহু দূৰ' ছবিৰ বাবে জাহ্নু বৰুৱাই লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা। এনেদৰে বহু উত্থান-পতনৰ মাজেৰে আহি আজি শক্তিশালী ৰূপত স্থিতি লাভ কৰিছে অসমীয়া ছবি উদ্যোগে। বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰি অসমীয়া ছবিয়ে বিশ্বৰ ৰুচিৱান দৰ্শকৰ আগত দাঙি ধৰিছে অসমীয়া ছবিৰ মৰ্যাদা। বহু সময়ত বলিউডৰ ছবিকো ফেৰ মাৰি শ্রেষ্ঠত্ব অর্জন কৰিবলৈ সক্ষম হৈছে অসমীয়া ছবি। 

অসমীয়া ছবিৰ উত্থান আৰু স্থিতিশীল অৱস্থাৰ বাবেই জলীউডৰ পৰিচয় লাভ কৰিছিল অসমীয়া ছবি উদ্যোগে। একে সময়তে কলাত্মক আৰু বাণিজ্যিক ছবিৰে অসমীয়া ছবি উদ্যোগৰ মেটমৰা সম্ভাৰ দেশ-বিদেশৰ দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এটা সময়ত ড° ভূপেন হাজৰিকা, ড° ভবেন্দ্র নাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ দৰে নিৰ্মাতা-পৰিচালকে বিশ্ব দৰবাৰলৈ লৈ গৈছিল অসমীয়া ছবিক। পাছৰ পৰ্যায়ত আৰু বহু নির্মাতা-পৰিচালকৰ সৃষ্টিৰাজিৰ বাবে বিশ্বৰ দর্শকৰ সমুখত উন্নত শিৰে অৱস্থান কৰি থাকে অসমীয়া ছবিয়ে। 

শেহতীয়াকৈ ৰীমা দাসৰ দৰে ছবি নির্মাতা-পৰিচালকে অসমীয়া ছবিক তুলি ধৰিছে বিশ্বৰ ৰুচিশীল দর্শকৰ সমুখত। সম্প্রতি জুবিন গাৰ্গৰ মৃত্যুৰ পাছত স্বাভাৱিকতে প্রভাৱ পৰিছে অসমীয়া ছবি জগতত। অৱশ্যে কিছুদিনৰ ভিতৰত এই পৰিৱেশৰ উত্তৰণ ঘটিব বুলি আশা কৰিব পাৰি। অসমীয়া ছবিৰ বাবে এই পৰিৱেশৰ উত্তৰণ নিতান্তই প্রয়োজন হৈ পৰিব।

Share This