৯৬ কিল'মিটাৰজোৰা 'জন আশীৰ্বাদ যাত্রা'লৈ লাখ লাখ লোকৰ সঁহাৰি

dainik janambhumi March 08, 2026

ডিজিটেল ডেস্ক: বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ কালি ষষ্ঠটো দিনত গোলাঘাট জিলাৰ সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁও বিধানসভা সমষ্টিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আদৰিবলৈ অহা ৰাইজৰ পাৰ ভগা উছাহে একপ্ৰকাৰ ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হয়। 

সৰুপথাৰ সমষ্টিৰ দুর্গা মন্দিৰত সেৱা লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি গোলাঘাট জিলাত আৰম্ভ কৰে ৯৬ কিল'মিটাৰজোৰা জন-আশীৰ্বাদ যাত্রা। সৰুপথাৰ সমষ্টিৰ বৰপথাৰ নগৰ, বৰপথাৰ ফৰেষ্ট তিনিআলি, জালজৰি শিৱ মন্দিৰ, নাহৰবাৰী, গেলাবিল চাৰিআলি আদি অঞ্চলত পুৱাৰে পৰা পুৰুষ-মহিলা, যুৱক-যুৱতীৰ পৰা শিশুলৈকে হাজাৰ-হাজাৰ লোকৰ অভূতপূর্ব সঁহাৰিত অভিভূত হৈ পৰে মুখ্যমন্ত্রী। 

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্রী অজন্তা নেওগ, বিধায়ক বিশ্বজিৎ ফুকন, সাংসদ কামাখ্যা প্রসাদ তাছা আদিয়ে অংশগ্ৰহণ কৰা জন-আশীৰ্বাদ যাত্ৰাৰ সৰুপথাৰত অংশ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে চৌপাশে ইমান মৰম আৰু ৰাইজৰ বিশাল সমাগমত কালি জিলিকি উঠিল গোলাঘাট জিলাৰ সৰুপথাৰ। এই মৰম আৰু উৎসাহ সদায় আমাৰ মনত সজীৱ হৈ থাকিব। ৰাইজৰ আশিসেৰে উদ্বুদ্ধ হৈ বিকাশ আৰু প্ৰগতিৰ যাত্ৰাত আমি সাহসেৰে আগুৱাই যাম। তেওঁ সৰুপথাৰবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। 

ইয়াৰ পাছতে জন-আশীর্বাদ যাত্রা গোলাঘাট সমষ্টিৰ তেলীশাল তিনিআলি, কাছমাৰি, আমগুৰি তিনিআলি, ভেটেনাৰী গ্রাউণ্ড, দহমাইলখুঁটি তিনিআলি, ঊষা গৰঙা তিনিআলি, বালিজান চাৰিআলি, ফৰকাটিং, তেঁতেলীতল আদিত সমবেত হৈ থকা হাজাৰ হাজাৰ ৰাইজে মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনায়। তাৰ পাছতে এই যাত্রা সন্ধিয়া ভাগত গোলাঘাট নগৰত পদার্পণ কৰে। 

গোলাঘাট নগৰত বিশেষকৈ বেঙেনা খোৱা চাৰিআলি, ধুবী চাৰিআলি, গোলাঘাট ফৰকাটিং ৰ'ড, বেজবৰুৱা চাৰিআলি, ত্রিমূর্তি ক্ষেত্র আদিত বহু অপেক্ষা কৰি থকা ৰাইজৰ মাজত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে আশীর্বাদ, শুভেচ্ছা গ্রহণ কৰে। লগতে গোলাঘাট নগৰৰ ঠায়ে ঠায়ে গায়ন-বায়ন, আয়তীৰ উৰুলি, শ্ল'গান আদিৰে মুখৰিত কৰি সমগ্ৰ নগৰখন একপ্ৰকাৰ বিজেপিময় কৰি তোলে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে আজি গোলাঘাটে ইতিহাস ৰচিলে। জন-আশীৰ্বাদ যাত্ৰাত গোলাঘাটবাসীৰ স্বতঃস্ফূর্ত সঁহাৰি আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি দেখুওৱা মৰম-স্নেহত মই অভিভূত। 

ইতিহাসপ্রসিদ্ধ গোলাঘাটৰ এই যাত্রা হৃদয় জুৰুৱা। ৰাইজক মই প্রণাম জনাইছোঁ। সঁচাকৈয়ে এই ভালপোৱাই মোক নষ্টালজিক কৰি তুলিলে। বিশেষকৈ নাৰী সমাজৰ বিশাল অংশগ্রহণত অভিভূত হৈ মুখ্যমন্ত্রী ড° শৰ্মাই মনৰ ভাব ব্যক্ত কৰে এনেদৰে নাৰী কেৱল শক্তি নহয়, নাৰীয়ে ইতিহাস গড়ে। মন ভৰি উঠিল বুলিও উল্লেখ কৰে। এই যাত্ৰাত খোলা জীপচীত উঠি ৰাইজে দিয়া আইচক্ৰীম খোৱা আৰু উপহাৰ দিয়া বাঁহী বজোৱাও পৰিলক্ষিত হয়। 

গোলাঘাট পৌৰসভা কাৰ্যালয়ৰ সমীপত উপহাৰ দিয়া ধনু-কাড় হাতত লৈ প'জ দিয়া পৰিলক্ষিত হয়। আনহাতে, ভাওনাৰ দেৱ-দেৱীৰ পোচাকত এটা দলে মুখ্যমন্ত্রীক আশীর্বাদ দিবলৈ গোলাঘাট নগৰলৈ কালি ওলাই আহে। তাৰ পাছত পদুমণিতো বিপুল সংখ্যক ৰাইজে আদৰণি জনায়। গোলাঘাট নগৰৰ মাজেৰে আশীৰ্বাদ যাত্রা খুমটাই বিধান সমষ্টিৰ ৰহঢলা পথাৰত উপস্থিত হোৱাৰ পাছত দবা, শংখ, কাঁহৰ শব্দ, আয়তীৰ উৰুলি আদিৰে বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰীক বিপুল আদৰণি জনায়। 

খুমটাই সমষ্টিৰ ঢেকীয়াল, বৰুবামুণ গাঁও, কুৰালগুৰিত সমৱেত হাজাৰ হাজাৰ ৰাইজে আদৰে। দেৰগাঁও সমষ্টিৰ মৌজাদাৰ, বয়জ এম ভি স্কুল তিনিআলি, নাৰিকলগুৰি, দেৰগাঁও চাৰিআৰি আদিত জন-আশীর্বাদ যাত্রা উপস্থিত হোৱাৰ পাছত ৰাইজে আদৰণি জনায়। দেৰগাঁও সমষ্টিত বিধায়ক ভবেন্দ্ৰ ভৰালীয়ে অংশগ্ৰহণ কৰে।

Share This