ডিজিটেল ডেস্ক : বড়ো ভাষাত নির্মিত 'চিজৌ' চলচ্চিত্ৰখনে অসম চৰকাৰৰ নৱম চলচ্চিত্র বঁটা ২০২০-২১ বৰ্ষৰ বাবে ৬টাকৈ বঁটা পাবলৈ সক্ষম হৈছে। চলচ্চিত্ৰখনৰ পৰিচালক বিশাল পি চলিহাই নৱাগত পৰিচালক, বিশাল শৰ্মাই শ্রেষ্ঠ সম্পাদক, নেতিবাচক চৰিত্ৰৰ বাবে জয়ন্ত নাৰ্জাৰীক শ্রেষ্ঠ অভিনেতা, ছাউণ্ড ডিজাইনৰ বাবে দেৱজিৎ চাংমা আৰু বুলকেনি বৰুৱালৈ শ্রেষ্ঠ বঁটা, কলা সম্পাদনাৰ বাবে জ্যোতি শংকৰ ভট্টাচাৰ্যই আৰু ৰূপসজ্জাৰ বাবে বিশ্ব কলিতাই বঁটা লাভ কৰে।
ইয়াৰ উপৰি এই বড়ো ভাষাৰ চলচ্চিত্ৰখনে ইতিমধ্যে ৯২তম ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ উপৰি কেইবাখনো ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত আনুষ্ঠানিক আমন্ত্রণ লাভ কৰিছে। ছবিখন বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ, চিকাগ' দক্ষিণ এছিয়া চলচ্চিত্র মহোৎসৱ, ৱাশ্বিংটন ডি চি দক্ষিণ এছিয়া চলচ্চিত্র মহোৎসৱ, মেলব'ৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ আমন্ত্রিত হোৱাত 'চিজৌ'ৰ কলা-কুশলীসকল যথেষ্ট অনুপ্রাণিত হৈছে।
উল্লেখযোগ্য যে স্কটলেণ্ড, দক্ষিণ কোৰিয়া আৰু শ্ল'ভাকিয়াৰ ভাৰতীয় দূতাবাসত এই ছবিখন ইতিমধ্যে বিষেশভাৱে প্ৰদৰ্শিত হোৱাৰ লগতে আন্তর্জাতিক মঞ্চত বড়োলেণ্ডৰ বড়ো ভাষাত এই চলচ্চিত্রখনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। প্রীয়ম খেৰকাটাৰী চলিহা আৰু ওমপ্রকাশ খেৰকাটাৰীয়ে এই চলচ্চিত্রখন প্রযোজনা কৰিছে।