এটা মাটিৰ পাত্ৰই কৰিব পাৰে আপোনাৰো ভাগ্য সলনি, কেনেকৈ জানো আহক...

Kakali Deka August 20, 2023

ডিজিটেল ডেস্কঃ মে’ মাহৰ পৰা ৰ’দ অতি চোকা হ'বলৈ ধৰে। এই গৰমৰ পৰা সকাহ পাবলৈ মানুহে প্ৰায়ে ঘৰত মাটিৰ পাত্ৰ বা জগ ব্যৱহাৰ কৰে। কিয়নো মাটিৰ পাত্ৰত খাদ্যবস্তু থ’লে ঠাণ্ডা হৈ থাকে। ইয়াৰ উপৰি শাস্ত্ৰ অনুযায়ী মাটিৰ পাত্ৰ অতি পবিত্ৰ বুলিও গণ্য কৰা হয়। যাৰ ফলত ব্যক্তি এজনৰ ভাগ্যও ইয়াৰ লগত জড়িত হৈ থাকে। কাৰণ ঘৰত মাটিৰ পাত্ৰ থাকিলে মালক্ষ্মীয়ে বাস কৰে বুলি বিশ্বাস কৰা হয়।
শাস্ত্ৰত বৰ্ণনা কৰা হৈছে যদি ঘৰত মাটিৰ পাত্ৰ, কলহ থাকে তেন্তে দেৱী লক্ষ্মী তাত বাস কৰে বুলি বিশ্বাস কৰে, কিন্তু ইয়াৰ বাবে সঠিক ব্যৱহাৰ আৰু কিছুমান নিয়ম পালন কৰাটো প্ৰয়োজন। সেয়েহে কেনেদৰে ঘৰত মাটিৰ পাত্ৰ ৰাখিলে টকাৰ অভাৱ দূৰ হয় জানে আহক।
১. বাস্তুশাস্ত্ৰৰ অনুসৰি এটা মাটিৰ পাত্ৰ পানী ভৰাই প্ৰায় পাঁচ ঘণ্টামানৰ পাছত সেই পানী তুলসী গছত দিব। আকৌ পাত্ৰটোত পৰিষ্কাৰ পানী ভৰাই প্ৰথমে ঘৰৰ লক্ষ্মীমী অৰ্থাৎ ছোৱালীক চুবলৈ দিব। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰৰ ধন আৰু খাদ্যৰ নাটনি নহয়।
২. বিশ্বাস অনুসৰি ঘৰৰ উত্তৰ-পূব দিশত বৰুণ দেৱতা আৰু অন্যান্য দেৱতা এই দিশত বাস কৰে। এই দিশত পানীৰ পাত্ৰ এটা ৰাখিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ লাভ কৰাৰ লগতে ধনৰ অভাৱ দূৰ হয়। 
৩. মাটিৰ পাত্ৰত পানী ৰাখিলে শনিৰ সুদৃষ্টি লাভ হয় বুলি কোৱা হয়। ইয়াৰ বাবে শনিবাৰে আঁহত গছৰ তলত পানী দিব। ইয়াৰ শনি দোষ ইয়াৰ দ্বাৰা মুক্ত হয়।
৪. শাস্ত্ৰৰ অনুসৰি দৈনিক সন্ধিয়া মাটিৰ পাত্ৰত পানী ৰাখি চাকি জ্বলাই দিলে জীৱনত আৰ্থিক আৰু মানসিক চাপৰ পৰা মুক্ত হয় আৰু ঘৰত ইতিবাচকতা বৃদ্ধি পায়। ফলত সুখ-সমৃদ্ধি বৃদ্ধি হয়।
৫. মাটিৰ পাত্ৰটো এবাৰ ঘৰত পানীৰে ভৰাই দিয়াৰ পাছত কেতিয়াও খালী কৰি নাৰাখিব। বিশেষকৈ নিশা পাত্ৰটো শুকানকৈ ৰাখিব নালাগে। ইয়াৰ দ্বাৰা দৰিদ্ৰতা আৰু ধনৰ লগত জড়িত সমস্যা আৰম্ভ হয় বুলি বিশ্বাস কৰা কৰে।

Share This