সোণতলীত বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ; এজনক আটক কৰি জে'ললৈ প্ৰেৰণ

Rashmi February 23, 2026

ডিজিটেল ডেস্ক:  দক্ষিণ কামৰূপৰ সোণতলীত নিশা আৰক্ষীৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ কফ ছিৰাপ জব্দ কৰিবলৈ সক্ষম হৈছে সোণতলী আৰক্ষীয়ে।

উল্লেখ্য যে সোণতলী আৰক্ষী চকীৰ এলেকাধীন মাহতলী বজাৰত গেলামাল দোকান কৰাৰ চলেৰে ৩ নং টুপামাৰী গাঁৱৰ ৰফিকুল ইছলাম নামৰ ব্যৱসায়ীজনে সংগোপনে চলাই আছিল যুৱ প্ৰজন্ম ধ্বংসকাৰী নিষিদ্ধ কফ ছিৰাপৰ ব্যৱসায়।

নিশা সোণতলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অপূৰ্ব কলিতাই এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই অৱসৰপ্ৰাপ্ত শিক্ষক ফজলুৰ ৰহমানৰ ভাৰা ঘৰৰ পৰা ১১০০ টা কফ ছিৰাপৰ বটল জব্দ কৰাৰ লগতে কুখ্যাত ব্যৱসায়ী ৰফিকুল ইছলাম আটক কৰে। 

জব্দকৃত কফ ছিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ৫ লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। ধৃত লোকজনক সোণতলী আৰক্ষীয়ে সোধা-পোছাৰ অন্তত আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।





প্ৰাগ নিউজ ডিজিটেল

Share This