যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ মেঘালয়ৰ বিলাতী সুৰা

Nikimoni Kachari April 03, 2026

ডিজিটেল ডেস্ক: বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানত যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ মেঘালয়ৰ বিলাতী সুৰা। NL 01 AF 1098 নম্বৰৰ ১২ চকীয়া ট্ৰাক এখনেৰে গুৱাহাটীৰ পৰা মণিপুৰলৈ সৰবৰাহ কৰা অৱস্থাতে জব্দ হয় ৬৪ কাৰ্টন বিলাতী সুৰাখিনি।

লোহা আৰু ডাম্পৰ মাজত লুকুৱাই অতি কৌশলেৰে সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাখিনি।

জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় কেইবা লক্ষাধিক টকা।

আটক দুই সৰবৰাহকাৰী ক্ৰমে অজিত থেকো আৰু ৰহিত গুৰুং।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This