মেৰাপানীত অৰুণাচলী সুৰা ভৰ্তি বৃহৎ ট্ৰাক জব্দ

Rashmi April 23, 2026

ডিজিটেল ডেস্ক: মেৰাপানীত অৰুণাচলী সুৰা ভৰ্তি এখন বৃহৎ ট্ৰাক জব্দ। অৰুণাচলৰ পৰা মেৰাপানী হৈ নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে আৰক্ষীৰ জালত পৰে সুৰা ভৰ্তি ট্ৰাকখন। 

অতি কৌশলেৰে লুকুৱাই অনা অবৈধ সুৰা ভৰ্তি এখন ট্ৰাক জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিবলৈ সক্ষম হৈছে মেৰাপানী আৰক্ষী। AS01CC 2143 নম্বৰৰ ট্ৰাকখন মেৰাপানীৰে নাগালেণ্ডলৈ অবৈধভাৱে সুৰা সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে।

চাঞ্চল্যকৰভাৱে পোহৰলৈ আহিছে যে ট্ৰাকখনত সুৰাৰ কাৰ্টনসমূহ অতি কৌশলেৰে চিমেণ্টৰ মাজত লুকুৱাই অনা হৈছিল, যাতে সাধাৰণ তালাচীত ধৰা নপৰে। আৰক্ষীয়ে ট্ৰাকখন তালাচী চলোৱাৰ সময়তে এই গোপন কৌশল উদঘাটন কৰে। ট্ৰাকখনত প্ৰায় ৬০০ কাৰ্টন অৰুণাচলী সুৰা আছিল।

এই ঘটনাৰ সৈতে জড়িত ট্ৰাকখনৰ চালক ললিত সিং আৰু হেণ্ডিমেন প্ৰেম কুমাৰক ঘটনাস্থলীৰ পৰা আটক কৰা হৈছে। এই ঘটনাই সীমান্ত অঞ্চলত চলি থকা অবৈধ সুৰা সৰবৰাহৰ জাল পুনৰ এবাৰ উন্মোচিত কৰিছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত আন  লোকৰ সন্ধানত তদন্তত অধিক জোৰদাৰ কৰিছে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This