পিঁয়াজ-নহৰু নোহোৱাকৈ আলুৰ এক অনন্য ৰেচিপি ! হাৰ মানিব মাছ- মাংসৰ সোৱাদেও

Kakali Deka December 04, 2023

ডিজিটেল ডেস্কঃ আলুৰ অবিহনে ভোজনৰ কথা চিন্তাই কৰিব নোৱাৰি। আলু আটাইতকৈ জনপ্রিয় পাচলি। এনে কোনো মানুহ নাই যি আলু খাই বেয়া পায়, বেমাৰৰ বাবে কোনোরে আলু বাদ দিছে সেয়া বেলেগ কথা। আন কিবা পাচলি থাকক বা নাথাকক আলু অবিহনে যেন গোটেই পাকঘৰটোৱেই উকা হৈ থাকে। আজি আলুৰ এক অনন্য ৰেচিপি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ যাৰ সোৱাদ অতুলনীয়। কটী, লুচি, পৰঠা যিয়েই নহওঁক কিয় যদি আপোনাৰ লগত এই উৎকৃষ্ট ব্যঞ্জনটো থাকে তেন্তে খাবলৈ অতি সোৱাদভৰা হ'ব। আলুৰ এই বিশেষ ৰেচিপি কি জানো আহক

আলুৰ তৰকাৰী তৈয়াৰ কৰাৰ উপাদান

১) আলু (পৰিয়ালৰ মানুহ হিচাপত আলু ল'ব)

২) বিলাহী

(৩) তেল

৪) গোটা জিৰা

৫) হিং পাউডাৰ

৬) কেঁচা জলকীয়া

৭) হালধী

৮) কাশ্মীৰী জলকীয়া গুৰি

৯) নিমখ

১০) চাট মচলা

১১) শাহি গৰম মচলা

১২) কচুৰী মেথি গুৰি

আলুৰ তৰকাৰী ৰন্ধাৰ প্ৰদ্ধতি

আলুৰ এই অনন্য ৰেচিপিটো তৈয়াৰ কৰিবলৈ প্ৰথমে আলুবোৰ ভালদৰে ধুব আৰু সেইবোৰ প্ৰেছাৰ কুকাৰত উতলাব। দুটা চিটি মৰাৰ পাছত গেছ বন্ধ কৰক। তাৰপাছত সিজোৱা আলুবোৰ বাকলি গুচাওক আৰু সেইবোৰ সৰু টুকুৰাত কাটক। এতিয়া আলুবোৰ তেলত ভাজক।

এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ২ টা ডাঙৰ আকাৰৰ বিলাহী পেষ্ট কৰক। কেৰাহীত তেল গৰম কৰক আৰু ১ চাহ চামুচ গোটা জিৰা, ১/২ চাহ চামুচ হিং পাউডাৰ, ২ টা কেঁচা জলকীয়া দুটুকুৰা কৰি ভালদৰে ভাজক। ইয়াৰ পাছতে বিলাহীৰ পেষ্টখিনি দিয়ক। কেৰাহীত ১ চাই চামুচ হালধি গুৰি আৰু ১ চাহ চামুচ কাশ্মীৰী জলকীয়া গুৰি মিহলি কৰক আৰু গোটেইখিনি ভালদৰে ভাজক।

মচলাবোৰ ভজাৰ সময়ত সোৱাদ অনুসৰি নিমখ দিয়ক, সোৱাদযুক্ত কৰিবলৈ তেনেই কম পৰিমাণত চেনী দিব।। মচলাবোৰ ভালদৰে ভাজিবলৈ ৩ মিনিট সময় লওঁক। কম তাপত এই মচলাৰে সিজোৱা আলুখিনি দিয়ক আৰু যথেষ্ট পৰিমাণে পানী দিয়ক। এই ৰন্ধনত অত্যাধিক জোলৰ কোনো প্রয়োজন নহ'ব। সেয়েহে আপুনি পানীৰ পৰিমাণ বুজিব লাগিব। গেছৰ তাপ বৃদ্ধি আৰু ডাঠ নোহোৱালৈকে গ্রেভিটো উতলাওক। অৱশেষত ওপৰৰ পৰা ১ চাহ চামুচ চাট মচলা, । চাহ চামুচ শ্বাহী গৰম মচলা আৰু অলপ কচুৰী মেথি গুৰি দিয়ক আৰু ইয়াক ব্যঞ্জনবিধৰ সৈতে মিহলি কৰক। ৰুটী, লুচি বা পৰঠাৰ সৈতে গৰমে গৰমে আলুৰ এই অনন্য ব্যঞ্জনৰ সোৱাদ লওক।

Share This