বলীউডৰ ছবি ফ্লপ হোৱাৰ আঁৰৰ কাৰণ ক’লে আমিৰ খানে

Kakali Deka March 25, 2025

ডিজিটেল ডেস্কঃ বলীউডৰ ছবিয়ে বক্স অফিচত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। মানুহে ছবিগৃহত চাবলৈ যোৱা চিনেমা খুব কম আছে ৷ আজিকালি অ’টিটিত মুক্তি পোৱালৈ অপেক্ষা কৰি আঠ সপ্তাহৰ পাছত ঘৰতে বহি আৰামত চিনেমাখন চায়। এই কাৰণতে বলীউডৰ চিনেমাবোৰে বাজেট আদায় কৰিবলৈও সক্ষম হোৱা নাই। বলীউডৰ মিষ্টাৰ পাৰ্ফেকচনিষ্ট আমিৰ খানে নিজৰ ছবিৰ ফ্লপৰ কথা ক’লে। বলীউডৰ চিনেমা এখন ইভেণ্টত ফ্লপ হোৱাৰ আঁৰৰ কাৰণ এটা অনুষ্ঠানত ক’লে আমিৰ খানে।

 উদ্যোগটোৰ ব্যৱসায়িক মডেলক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। আমিৰৰ এই উত্তৰ শুদ্ধ বুলিও একাংশই কৈছে।

আমিৰ খানে কয়- আমাৰ উদ্যোগটো সমগ্ৰ বিশ্বতে বিয়পি আছে আৰু আমিয়েই এই কাম কৰিছোঁ। আমি দৰ্শকক কৈছোঁ যে আমাৰ ছবি আহি আছে, আপোনালোকে আহি চাব লাগে, টিকট কিনিব লাগে। আৰু যদি আপুনি টিকট কিনা নাই তেন্তে আমি আঠ সপ্তাহৰ পাছত আপোনাৰ ঘৰলৈ আহি এইটো আপোনাৰ ঠাইত থৈ যাম।’ 

তেওঁ আগলৈ কয়,‘আমি এই কাম কৰি আছোঁ। যদি মই এইটোত কিবা ভুল কৈছোঁ তেন্তে অনুগ্ৰহ কৰি মোক জনাওক। মোৰ ছবিখনে মুক্তি লাভ কৰিছে, আপুনি আহি চাব লাগে আৰু যদি আপুনি আহিব পৰা নাই তেন্তে মই ৮ সপ্তাহৰ পাছত আপোনাৰ ঘৰলৈ লৈ আহিম। সেইটোও বিনামূলীয়াকৈ, বিনামূলীয়াকৈও নহয় কিন্তু আপুনি ইতিমধ্যে তাৰ বাবে ধন দিছে। মোৰ ছবিখন আপুনি ইতিমধ্যে কিনি লৈছে।

অভিনেতাগৰাকীয়ে ক’লে- মই চিনেমা এখন দুবাৰ বিক্ৰী কৰিব নাজানো। যদি আপুনি জানে তেন্তে বিক্ৰী কৰক। ইয়াত সদায় প্ৰশ্ন উত্থাপন হয় যে এই ছবিখন হিট হৈছিল নে আনখন ছবিয়ে অধিক উপাৰ্জন কৰিছিল। যদি প্ৰয়োজন হয় তেন্তে আপুনি ছবিখন চাব, নহ’লে আপুনি নাচাব। এতিয়া মই ফেন্সি থিয়েটাৰলৈ যাওঁ আৰু আগতে চিনেমা চাবলৈ গৈছিলোঁ। এতিয়া মই যিকোনো ঠাইতে চিনেমা চাব পাৰোঁ। পকেটত থকা ফ’নত চাব পাৰিছোঁ। এইটো এটা ব্যৱসায়িক মডেল নেকি? ইয়াক আমি ব্যৱসায়িক মডেল বুলি ক’ব নোৱাৰোঁ।

উল্লেখ্য যে লাল সিং চাদ্ধাৰ ফ্লপৰ পাছত আমিৰ খানে অভিনয়ৰ পৰা আঁতৰি আহিছিল।

উৎস: প্ৰাগ নিউজ ডিজিটেল

 

Share This