অভিনেত্রী চেতনা দাসলৈ বীৰাংগনা মূলাগাভৰু বঁটা

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক : ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ভূমিকাত অসন্তুষ্ট টাইপাই পুনৰ আন্দোলন ঘোষণা কৰিছে। আনহাতে ২০২৬ বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা অভিনেত্রী চেতনা দাসলৈ আগবঢ়োৱা হৈছে। গুৱাহাটীত কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই। তেওঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্ৰতিবেদনখন শীঘ্রে কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ দাবী কৰে। 

প্রতিবেদন প্ৰেৰণ নকৰিলে অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি তীব্র আন্দোলন কৰাৰ হুংকাৰ দিয়ে। চৰকাৰে প্ৰতিবেদন প্ৰেৰণ নকৰিলে সংগঠনটোৱে জিলাই জিলাই আমৰণ অনশনত বহিব বুলিও ঘোষণা কৰে। বিশেষজ্ঞ সমিতিয়ে টাই আহোমক যি শ্ৰেণীৰ জনজাতিকৰণ দিলেও টাইপা সন্মত বুলি উল্লেখ কৰি হাতীমূৰীয়াই প্রতিবেদনখন কেন্দ্ৰলৈ প্ৰেৰণ কৰাতহে গুৰুত্ব আৰোপ কৰে। আনহাতে ২০২৬ বৰ্ষৰ বাবে বীৰাংগনা মূলাগাভৰু বঁটা জনপ্রিয় অভিনেত্রী চেতনা দাসলৈ আগবঢ়োৱাৰ কথাও তেওঁ ঘোষণা কৰে। তেওঁ কয় যে টাই আহোম যুৱ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩ বৰ্ষৰপৰা বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। 

নির্বাচক মণ্ডলীয়ে এইবাৰ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ অভিনেত্রী চেতনা দাসলৈ বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বঁটাৰ সৈতে এযোৰ আহোমৰ যুদ্ধৰ সাজ-পাৰ, এখন হেংদাং, এখন মানপত্ৰ, এটি স্মাৰক আৰু ৩০,০০০ টকাৰ চে'ক প্ৰদান কৰা হ'ব। চৰাইদেউ জিলাৰ সোণাৰিত বানফেৰা খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অহা ৬, ৭ আৰু ৮ মাৰ্চত অনুষ্ঠিত হ'ব। বঁটা অহা ৮ মাৰ্চত প্ৰদান কৰা হ'ব বুলিও তেওঁ প্রকাশ কৰে।

Share This