অভিনেত্রী চেতনা দাসক টাইপাৰ বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান, সোণাৰি নগৰৰ বানফেৰা খেলপথাৰত বর্ণাঢ্য অনুষ্ঠান

dainik janambhumi March 09, 2026

ডিজিটেল ডেস্ক : টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ 'টাইপা'ই আয়োজন কৰা ত্রয়োদশ বার্ষিক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদানৰ অনুষ্ঠানটো কালি চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত সম্পন্ন হয়। চলিত বৰ্ষত সন্মানীয় বীৰাংগনা মূলাগাভৰু বঁটাটো প্ৰদান কৰা হৈছে বিশিষ্ট চলচ্চিত্র অভিনেত্রী চেতনা দাসক। সোণাৰি নগৰৰ বানফেৰা খেলপথাৰত আয়োজিত বঁটা প্রদান-অনুষ্ঠানত সন্মানীয় বঁটাটো গ্রহণ কৰি বিশিষ্ট অভিনেত্রী চেতনা দাসে অভিভূত হোৱাৰ লগতে অপৰিসীম আনন্দই স্পৰ্শ কৰা বুলি কয়। অভিনেত্রী চেতনা দাসে কয় যে বীৰাংগনা আহোম ৰমণীৰ নামত 'টাইপা'ই প্রদান কৰা এই সন্মানীয় বঁটাটোৱে মোক নতুনকৈ এক ৰাজহুৱা স্বীকৃতি প্রদান কৰিছে।

ইতিপূৰ্বে অসম চৰকাৰৰ আইদেউ সন্দিকৈ শিল্পী বঁটাটি গ্ৰহণ কৰাৰ পাছত আহোম ৰমণী বীৰাংগনা মূলাগাভৰু বঁটাটোৱে মোক অধিক প্ৰাণৱন্ত কৰি তুলিছে। আন্তর্জাতিক নাৰী দিৱসৰ দিনাই বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান কৰাটো অসমীয়া নাৰী সমাজৰ বাবে এক শ্রদ্ধাশীল সন্মানৰ নিদৰ্শন। ইয়াৰ বাবে 'টাইপা' সংগঠন ধন্যবাদৰ পাত্ৰ। মূলাগাভৰু জীৱনৰ চমুকৈ আলোকপাত কৰি বিশিষ্ট অভিনেত্ৰী গৰাকীয়ে কয় যে স্বামীভক্তিৰ সমান্তৰালকৈ দেশভক্তিৰো শ্রেষ্ঠ নিদর্শন মূলাগাভৰুৱে কাজে-কামে দেখুৱাই থৈ গৈছে। মূলাগাভৰুৰ জীৱনাদর্শ প্ৰতিগৰাকী অসমীয়া মহিলাই গ্ৰহণ কৰিলেহে জীৱনৰ সঠিক পথত আগুৱাই যাব পাৰিব, মহিলা সমাজক শক্তিশালী ৰূপত বাট দেখুৱাই নিব পাৰিব। ৰসাল ভাষণত অভিনেত্রী চেতনা দাসে নিজে দুবাৰকৈ ষ্ট্ৰ'কত আক্রান্ত হৈ সোঁহাতখন প্রায় অকামিলা হৈ পৰা সত্ত্বেও এতিয়াও নিয়মীয়াকৈ শাৰীৰিক অনুশীলনৰ জৰিয়তে সোঁহাতখন কার্যক্ষম কৰিবলৈ প্ৰতিদিনেই চেষ্টা কৰি থকা বুলি কয়। অভিনেত্রী চেতনা দাসে কয় যে নাৰীৰ বাবে প্ৰতিটো দিনেই একোটা উৎসৱস্বৰূপ। নাৰী শক্তিয়ে কৰিব নোৱাৰা কাম নাই। নাৰীয়ে সকলো কৰিব পাৰে। উল্লেখযোগ্য যে বীৰাংগনা বঁটা প্ৰদান কৰাৰ প্ৰাকক্ষণত বঁটা প্রাপক চেতনা দাসক আহোম ৰমণীৰ ৰাজকীয় সৈনিকৰ সাজ পিন্ধাই দিয়া হয় আৰু হাতত এখন হেংদাং দি সন্মানীয় বীৰাংগনা বঁটাটো অর্পণ কৰা হয়। এই বঁটাত আছে বীৰাংগনা মূলাগাভৰু স্মাৰক, এখন প্রশস্তি-পত্র, চেলেং চাদৰ, ফুলাম গামোচা, জাপিৰ লগতে নগদ ৩০ হাজাৰ টকাৰ এখন চে'ক্। বীৰাংগানা মূলাগাভৰু বঁটাটো প্ৰদান কৰে 'টাইপা'ৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে। ভাষণত 'টাইপা'ৰ কেন্দ্রীয় সভাপতি দিগন্ত তামুলীয়ে সাম্প্রতিক সমাজত বীৰাংগনা মূলাগাভৰুৰ জীৱনাদর্শ আৰু প্ৰাসংগিকতাৰ আলোকপাত কৰে। উল্লেখযোগ্য যে ত্রয়োদশ বার্ষিক বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানত 'টাইপা'ৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়াই আদৰণী ভাষণত বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদানৰ জৰিয়তে 'টাইপা'ই প্রতি বছৰেই অসমৰ জাতীয় জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা কৰ্মৰ বাবে এগৰাকী নাৰীক সন্মানীয় বীৰাংগনা মূলাগাভৰু বঁটা দিয়াৰ কথা উল্লেখ কৰে।

এই বঁটাৰ জৰিয়তে টাই আহোমৰ ৰমণী বীৰাংগনা মূলাগাভৰুৰ প্রতি সন্মান জনোৱাৰ লগতে অসমীয়া নাৰীক বীৰাংগনাৰ জীৱনাদৰ্শৰে বাট বুলিবলৈ উদগনি দিয়াৰ কথা উল্লেখ কৰে। বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদানৰ অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি মণি গগৈ, 'টাইপা'ৰ যুটীয়া সম্পাদক দীপ দুৱৰা, শোভন কোঁৱৰ আদিয়ে অংশগ্রহণ কৰে। আজি বিয়লি বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদান অনুষ্ঠানটো সম্পন্ন হোৱাৰ পাছত নিশালৈ অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি মণি গগৈয়ে। মুকলি সভাতে বীৰাংগনা মূলাগাভৰু বঁটা প্ৰদানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্রন্থ 'ব্লক-ছেং-মুঙ' উন্মোচন কৰে সোণাৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° সুনীল দত্তই। নিশাৰ বন্তি প্রজ্বলন সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগে কৰাৰ পাছতেই সাংস্কৃতিক সন্ধিয়া মুকলি কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। সাংস্কৃতিক সন্ধিয়াত বিশিষ্ট কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিৱেশন কৰে।

Share This